Twelve Hundred Voters Are Ready In One Family:চর্চাত এখন গাঁও :এটা পৰিয়ালতে সাজু বাৰশ ভোটাৰ

nepali

Twelve Hundred Voters Are Ready In One Family:

শোণিতপুৰৰ এখন গাঁও আৰু এটা বৃহৎ পৰিয়াল সম্প্রতি আহিছে ব্যাপক চর্চালৈ। একেটা পৰিয়ালৰে গঠিত গাঁওখনৰ লগতে পৰিয়ালটোত মুঠ প্রায় আঢ়ৈ হেজাৰ সদস্য আছে আৰু ইয়াৰে ভিতৰত ১২শ গৰাকী হৈছে ভোটাৰ। তেওঁলোকে এইবাৰ শোণিতপুৰ লোকসভা সমষ্টিত ভোটদান সাব্যস্ত কৰিবলৈ সাজু হৈছে।

প্রণিধানযোগ্য যে শোণিতপুৰ লোকসভা সমষ্টিৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁওখনত সম্প্রতি তিনিশ পৰিয়াল আছে আৰু এই সকলো হৈছে মূল এটা পৰিয়ালৰে উত্তৰসুৰী। এনে কাৰণতে নির্বাচন আহিলেই চর্চালৈ আহে এই বিশেষ পৰিয়ালটো।

উল্লেখযোগ্য যে শোণিতপুৰৰ এই গাঁওখনৰ নাম হৈছে ফুলগুৰি নেপালী পাম। প্রণিধানযোগ্য যে এই বৃহৎ পৰিয়ালটোৰ মুৰব্বী ৰণ বাহাদুৰ থাপাই ইংৰাজৰ আমোলতে ফুলগুৰিত থাকিবলৈ লৈছিল। পৰৱৰ্তী সময়ত ফুলগুৰি নেপালী পাম হিচাপে পৰিচিত হৈ পৰা এই অঞ্চলৰ বাসিন্দাসকলৰ ৰণ বাহাদুৰ থাপাই বিয়া কৰাইছিল হৰি মায়া থাপা, পৰি মায়া থাপা, হর্খামায়া থাপা, কলি মায়া থাপা আৰু খজি মায়া থাপা নামৰ পাঁচ গৰাকীক।

পাছত তেওঁলোকৰ ১২ জন পুত্ৰ ক্রমে থমানে বাহাদুৰ থাপা, ৰাম প্রসাদ থাপা, পূর্ণ বাহাদুৰ থাপা, ধন বাহাদুৰ থাপা চাৰ্কি বাহাদুৰ থাপা, তিল বাহাদুৰ থাপা, জিত বাহাদুৰ থাপা, জুলফে বাহাদুৰ থাপা, জোতে বাহাদুৰ থাপা, মচীন বাহাদুৰ থাপা, লীলা বাহাদুৰ থাপা আৰু ধনলো বাহাদুৰ থাপা। তদুপৰি ৰণ বাহাদুৰৰ আছিল ১০ গৰাকী জীয়াৰীসহ মুঠ ২২ গৰাকী সন্তান।

এইসকলৰ উত্তৰসূৰী তথা ৰণ বাহাদুৰৰ ৬৫জন নাতি আৰু ৭০ গৰাকী নাতিনী। সম্প্রতি নেপালী পাম গাঁওখনত একেটা পৰিয়ালৰে সদস্যৰ সংখ্যা বৃদ্ধি পায় আঢ়ৈ হেজাৰলৈ। প্রণিধানযোগ্য যে আজিৰ পৰা প্ৰায় ২৭ বছৰ পূৰ্বে ১৯৯৭ ত বিয়োগ ঘটে ৰণ বাহাদুৰ থাপাৰ। কিন্তু এইজন ব্যক্তিৰ ৬৫ জন নাতি আৰু ৭০ গৰাকী নাতিনী বর্তমানেও আছে এইখন বিশেষ গাঁৱত।

যৌথ পৰিয়ালৰ নিদৰ্শন দাঙি ধৰি কিছু কাল আগলৈকে তেওঁলোকৰ একোটা পৰিয়ালত ৫০ জনলৈকে সদস্য-সদস্যাই একেলগে বাস কৰিছিল যদিও সময় আৰু পৰিস্থিতিৰ বাবেই সকলো পৃথক হৈ থাকিবলৈ লয়।

অৱশ্যে এতিয়াও তেওঁলোক আটায়ে একেখন গাঁৱতে বসবাস কৰি আছে আৰু এই বিশেষ পৰিয়ালটোৰ শিপা বিস্তাৰ হৈ মুঠ সদস্য সংখ্যা আঢ়ৈ হেজাৰ হয়গৈ। সম্প্রতি প্রয়াত ৰণ বাহাদুৰ থাপাৰ পুত্ৰ তথা গাঁওখনৰ মুখ্য ব্যক্তি তিল বাহাদুৰ থাপাই প্রকাশ কৰা অনুসৰি তেওঁলোকৰ মুঠ ১২ জন ককাই-ভাইৰ ভিতৰত ছয়জনে এই সংসাৰ ত্যাগ কৰিছে।

দুই এজনে চৰকাৰী চাকৰি কৰি আছে যদিও বাকী নতুন প্ৰজন্মৰ ল’ৰা বা নাতি-নাতিনীসকল বিভিন্ন কোম্পানীৰ অধীনত কৰ্মৰত হৈ ৰাজ্যৰ বাহিৰত আছে।বর্তমান এই বৃহৎ পৰিয়ালটোৰ এহেজাৰ দুশ গৰাকী সদস্য-সদস্যাই ভোটাধিকাৰ অৰ্জন কৰিছে। উল্লেখ্য যে খোৱাপানীকে ধৰি বিভিন্ন সমস্যা থকা এই গাঁওখনত এই বৃহৎ পৰিয়াল আৰু বৃহৎ সংখ্যক ভোটাৰ একেটা পৰিয়ালতে থকাৰ বাবেই সময়ে সময়ে আহে চর্চালৈ।

অৱশ্যে এটা পৰিয়ালতে ইমান সংখ্যক ভোটাৰ থাকিলেও তেওঁলোকে বিশেষ সুবিধা লাভ কৰা নাইবা তেওঁলোকৰ অঞ্চলটো সমস্যা মুক্ত হোৱা নাই বুলিও কয় এই সকল লোকে।

Exit mobile version