Most Wanted Aitul Ali Arrested:নিষিদ্ধ অ’পিয়াম ব্যৱসায়ী ম’ষ্ট ৱাণ্টেড আইতুল আলী এছ টি এফৰ জালত

৩৬ লাখ অ'পিয়াম সহ আটক আইতুল

opiam

Most Wanted Aitul Ali Arrested:

নামনি অসমৰ কুখ্যাত নিষিদ্ধ অ’পিয়ামৰ মাষ্টাৰ মাইণ্ড আইতুল আলী অৱশেষত এছ টি এফৰ জালত ৷

ম’ষ্ট ৱাণ্টেড আইতুলক এছ টি এফে গোপন খবৰৰ ভিত্তিত কামৰূপ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,একালৰ ডাম্পাৰ চালক আইতুল আলীয়ে আৰম্ভণিতে বালিৰ ব্যৱসায় কৰি থকাৰ সমান্তৰালভাৱে অবৈধভাৱে সংগোপনে অব্যাহত ৰাখিছিল নিষিদ্ধ অ’পিয়াম ৷

বহি:ৰাজ্যৰ পৰা অবৈধভাৱে ক্ৰয় কৰি অসমৰ কেতবোৰ অঞ্চলত প্ৰতি কিলোত বিক্ৰী কৰিছিল লাখটকাকৈ ৷ এনেদৰে নিষিদ্ধ এই বৰবিহ ব্যৱসায় কৰি কমদিনৰ ভিতৰত হৈ পৰে কোটিপতি ৷ আনহাতে আইতুলৰ এই ব্যৱসায়ৰ সংগী হৈ পৰে নিজ ভাতৃ ৷

বুধবাৰে নিশা এছটিএফৰ অভিযানত আটক হোৱা আইতুলৰ পৰা জব্দ কৰে ৩৬ টা অ’পিয়ামৰ পেকেট ৷ প্ৰতিটো পেকেটত এক কিলোগ্ৰাম অ’পিয়ামৰ আন্তৰাষ্ট্ৰীয় বজাৰত দাম এক লাখ ৷ ইতিমধ্যে এচটিএফে ধৃত আইতুলক অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ আইতুলৰ জৰিয়তে বহু ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে এচটিএফে ৷

Exit mobile version