Rahul Gandhi Has Been Criticized By Wrestler The Great Khali:এইবাৰ ৰাহুলক সমালোচনা কুস্তিবিদ দ্য গ্রেট খালীৰ

great khali

Rahul Gandhi Has Been Criticized By Wrestler The Great Khali:

বিশ্বখ্যাত কুস্তিবিদ ‘দ্য গ্রেট’ খালী নামৰে পৰিচিত দিলীপ সিং ৰানাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাম- কাজক ভূয়সী প্রশংসা কৰাৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্র কটাক্ষ কৰিলে। ৰাজস্থানৰ যোধপুৰত খালীয়ে ৰাহুলক এজন ব্যর্থ ৰাজনীতিক বুলি সমালোচনা কৰি ক’লে, ‘কেতিয়া কি কৰিব লাগে সেই বিষয়ত ৰাহুল গান্ধীৰ কোনো ধাৰণা নাই। ৰাহুল গান্ধী কে’বাবাৰো বিফল হৈছে।

প্রধানমন্ত্রী মোদীয়ে যি কাম কৰিছে, সেয়া ধনী লোকসকলে বুজি নাপাব। কংগ্ৰেছীসকলে একেবাৰে বুজিব নোৱাৰিব। প্রধানমন্ত্রী মোদীয়ে শৌচাগাৰ নিৰ্মাণৰে মহিলাক সম্মানীত কৰিছে। তেওঁ পথ নিৰ্মাণ কৰিছে। প্রধানমন্ত্রী মোদীয়ে এনেবোৰ কাম কৰিছে, যিবোৰ কামৰ কথা মানুহে ভবাই নাছিল। প্রধানমন্ত্রীয়ে যিবোৰ কাম কৰিছে, সেই কাম কেৱল দাৰিদ্ৰ প্রত্যক্ষ কৰা ব্যক্তিয়েহে কৰিব পাৰে।’

Exit mobile version