Jamaguri Theft Arrested:জামুগুৰিহাটত তিনিটাকৈ চোৰক আটক

পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লোহা চুৰি কৰি জেললৈ তিনিটাকৈ চোৰ

theft image

Jamaguri Theft Arrested:

জামুগুৰিহাটৰ বিভিন্ন স্থানত সঘনাই চুৰি কাৰ্য সংঘটিত হৈ থকাৰ সময়তে এইবাৰ আৰক্ষীৰ জালত পৰিল হ’ল তিনিটাকৈ চোৰ। পথ আৰু দলং নিৰ্মাণকাৰী সংস্থা আৰ এচ এম (RSM) ৰ লোহা চুৰি কৰি জামুগুৰি আৰক্ষীৰ হাতত আটক হোৱা চোৰ তিনিটাৰ নাম হ’ল আব্দুল কালাম,চাইফুল ইছলাম আৰু চুলতান আলি।

জামুগুৰিহাটৰ পশ্চিমাঞ্চলত থকা পথ আৰু দলং নিৰ্মাণৰকাৰী সংস্থা আৰ এচ এমৰ কাৰ্যালয়ৰ পৰা লোহা চুৰি কৰি ধৰা পৰে এই তিনিটাকৈ চোৰ। ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা চোৰ তিনিটাৰ ঘৰ জামুগুৰিহাটৰ গটাইমাৰীৰ বুলি জানিব পৰা গৈছে।

Exit mobile version