Queen Of Sky :’আকাশৰ ৰাণী’ক বিদায় জনালে এয়াৰ ইণ্ডিয়াই

air india

Queen Of Sky :

মুম্বাই আন্তর্জাতিক বিমান বন্দৰৰ পৰা অন্তিম যাত্রা সম্পন্ন কৰিলে ব’য়িং ৭৪৭ বিমানে। এই বিমানক এসময়ত ‘আকাশৰ ৰাণী’ বুলি কোৱা হৈছিল।

এসময়ত ভাৰতত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্রীসহ ভিভিআইপি ব্যক্তিৰ পৰিবহণৰ বাবে এয়াৰ ইণ্ডিয়াই ব’য়িং ৭৪৭ বিমান ব্যৱহাৰ কৰিছিল। উক্ত বিমানৰে অন্তিম উৰণ সম্পন্ন কৰিলে এয়াৰ ইণ্ডিয়াই।

মুম্বাইৰ এয়াৰ ইণ্ডিয়াৰ বেছৰ পৰা কালি আমেৰিকাৰ পেনফিল্ড অভিমুখে ৰাওনা হ’ল বয়িং ৭৪৭ বিমানখন। পেনফিল্ডত এই বিমানৰ সকলো যন্ত্রাংশ খুলি পেলোৱা হ’ব। এয়াৰ ইণ্ডিয়াৰ হাতত চাৰিখন বয়িং ৭৪৭ বিমান আছিল।

ইয়াৰে অন্তিমখন বিমান সোমবাৰে আমেৰিকা অভিমুখে ৰাওনা হৈছিল। এয়াৰ ইণ্ডিয়াই ১৯৭১ৰ ২২ মাৰ্চত প্রথম বয়িং ৭৪৭ বিমান লাভ কৰিছিল আৰু ২০২৪ৰ ২২ এপ্রিলত এয়াৰ ইণ্ডিয়াই বিদায় জনালে এই বিমানক।

Exit mobile version