Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Election Was Hampered By The Scorching Heat:যেন তললৈ নামি আহিছে সূর্য ! ঠায়ে ঠায়ে পাৰাস্তম্ভ উঠিল ৪২ ডিগ্রীলৈ

প্রথম পৰ্যায়ৰ ভোটদানৰ হাৰ নিম্নমুখী হোৱাৰ অন্যতম কাৰণ অসহনীয় গৰম, ভোটাৰক সকাহ দিবলৈ গঠন কৰিলে টাস্ক ফ'ৰ্চ, গৰমত আক্রান্তক চিকিৎসাৰ বাবে প্ৰতিখন ৰাজ্যৰে হাস্পতালত বিছনা আৰু দৰব মজুত ৰাখিবলৈ স্বাস্থ্য মন্ত্রণালয়ৰ নিৰ্দেশ

publisher by publisher
April 25, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Election Was Hampered By The Scorching Heat:যেন তললৈ নামি আহিছে সূর্য ! ঠায়ে ঠায়ে পাৰাস্তম্ভ উঠিল ৪২ ডিগ্রীলৈ
1
SHARES
13
VIEWS
ShareShareShareShare

Election Was Hampered By The Scorching Heat:

যেন অধিক তললৈ নামি আহিছে সূর্য। যাৰ উত্তাপত এতিয়া থৰকাছুটি হেৰুৱাইছে দেশবাসীয়ে। আশংকা কৰা ধৰণেই ঊর্ধ্বমুখী পাৰাস্তম্ভই এইবাৰ বিপর্যস্ত – কৰিছে লোকসভাৰ নিৰ্বাচন আৰু নিৰ্বাচনী প্রক্রিয়াত অংশগ্ৰহণ কৰা ৰাজনৈতিক দলসমূহক। প্রথম পৰ্যায়ৰ ভোটগ্রহণত ভোটদানৰ হাৰ হ্ৰাস হোৱাৰ পাছতেই উন্মোচিত হৈছে খেয়ালি প্রকৃতিয়ে ভাৰতীয় গণতন্ত্ৰৰ সর্ববৃহৎ উৎসৱত আউল লগোৱাৰ দিশটো।

ADVERTISEMENT

লক্ষ্যণীয় যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ প্রাকক্ষণতো উত্তৰ প্রদেশ, পশ্চিমবংগ, বিহাৰকে ধৰি মধ্য আৰু উত্তৰ ভাৰতৰ প্রায় প্রতিখন ৰাজ্যতে পাৰাস্তম্ভ ৪০ ডিগ্রী চেলচিয়াছৰ ঘৰলৈ ঊর্ধ্বমুখী হৈছে। স্বাভাৱিকতে এই প্রচণ্ড গৰমত নির্বাচনী প্রচাৰ চলাবলৈ গৈ ৰাজনৈতিক দলৰ নেতা আৰু প্রার্থীসকলে যিদৰে অস্বস্তিৰ সম্মুখীন হ’বলগীয়া হৈছে, ঠিক তেনেদৰেই দলীয় সমর্থক তথা ভোটাৰসকলেও নির্বাচনী প্রচাৰ সভাত অংশগ্রহণৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈছে।

RelatedPosts

Panchayat Election:পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পর্যায়ত ৭৯.২৩ শতাংশ ভোট

Three Autonomous Councils:দিছপুৰৰ হাতলৈ তিনি স্বায়ত্ত পৰিষদ !

Assembly bypolls voter turnout:আনুষ্ঠানিকভাৱে সামৰণি পৰিল ৰাজ্যৰ হাই ভল্টেজ উপ-নিৰ্বাচনৰ ভোটগ্রহণ

পৰিস্থিতি এনে পর্যায়ত উপনীত হৈছে যে উত্তৰ প্ৰদেশৰ বুলন্দচহৰত আজি তাপমাত্রা সর্বাধিক ৪২ ডিগ্রী চেলচিয়াছ হোৱাৰ বিপৰীতে প্রয়াগৰাজত ৪১.৬ ডিগ্রী চেলচিয়াছ, বাস্তিত ৪১ ডিগ্রী চেলচিয়াছ, বাবানসীত ৪০.৯ ডিগ্রী চেলচিয়াছলৈ বৃদ্ধি পাইছে গৰমৰ প্রকোপ।

এপ্রিলতে গ্রীষ্মপ্রৱাহে জনজীৱন অতিষ্ঠ কৰি তোলাৰ সূত্রে বিভিন্ন ৰাজনৈতিক দলসমূহে এইসমূহ ৰাজ্যত শেহতীয়াকৈ বিয়লিৰ ভাগতহে নির্বাচনী প্রচাৰ চলাবলৈ বাধ্য হৈছে। ওড়িছাৰ মালকানগিৰি আৰু নৱৰংপুৰ জিলাত তাপমাত্রা বৃদ্ধি পাইছে ক্রমে ৩৯ আৰু ৪২ ডিগ্রী চেলচিয়াছলৈ। ফলত ৰাজনৈতিক দলসমূহে অনুষ্ঠিত কৰা নির্বাচনী প্রচাৰ অভিযানত সমর্থকৰ অংশগ্রহণ তেনেই নগণ্য হোৱা পৰিলক্ষিত হৈছে। পৰিণতিত ওড়িছাৰ  মুখ্য নির্বাচনী বিষয়াই সকলো ৰাজনৈতিক দলকে গৰমৰ পৰা পৰিত্ৰাণৰ বিকল্প সময়তহে নির্বাচনী প্রচাৰ চলাবলৈ নির্দেশ জাৰি কৰিছে।

দ্বিতীয় পর্যায়ত ভোটগ্রহণৰ দিনাও অর্থাৎ শুকুৰবাৰে গৰমৰ প্রকোপ পূর্বব তুলনাত সামান্য নিম্নগামী হ’লেও সহ্যাতীত গৰম অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে । ভৰপক নির্বাচনী প্রচাৰ অভিযানৰ সময়তে প্রচণ্ড গৰমৰ বাবে প্রার্থী আৰু ৰাজনৈতিক দলসমূহব ষ্টাৰ কেম্পেইনাৰসকলৰ অৱস্থা কি পর্যায়লৈ অবনমিত হৈছে তাৰ বাস্তৱ প্রতিচ্ছবি যেন আজি উন্মোচিত হ’ল মহাৰাষ্ট্ৰত। গৰমৰ প্রকোপ নেওচিও কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে যোৱাকালি এখন নির্বাচনী সভাত ভাষণ দি থকা অৱস্থাতে সংজ্ঞাহীন হৈ মঞ্চতে ঢলি পৰাৰ দৰে উদ্বেগজনক ঘটনা সংঘটিত হৈছে।

মহাৰাষ্ট্রৰ য়াভাতমালত অনুষ্ঠিত বিজেপিৰ এখন নির্বাচনী সমাবেশত অংশ ল’বলৈ গৈছিল বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে মিত্রদলৰ প্রার্থীৰ হৈ নির্বাচনী প্রচাৰ সভাখনত ভাষণ দি থকা অৱস্থাতে কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে সংজ্ঞাহীন হৈ মঞ্চতে ঢলি পৰে। সেই সময়ত গাডকাৰীৰ ভাষণ সামাজিক মাধ্যমযোগে পোনপটীয়া সম্প্রচাৰ হৈ আছিল।

গতিকে কেন্দ্রীয় মন্ত্রীজনে ঢলি পৰাৰ এই সমগ্র দৃশ্য দেশবাসীয়ে প্রত্যক্ষ কৰে। লগে লগে গাডকাৰীক দলীয় কর্মীসকলে দাঙি লৈ মঞ্চৰ পৰা নমাই নিয়াৰ পাছত প্রাথমিক চিকিৎসা আগবঢ়োৱাৰ অন্ততহে তেওঁৰ সংজ্ঞা উভতি আহে। চিকিৎসকৰ মতে, মাত্রাধিক গৰমৰ বাবে গাডকাৰীয়ে সাময়িকভাবে সংজ্ঞা হেৰুৱাইছিল।

উল্লেখ্য যে নির্বাচনী মুজত প্রতিপক্ষক পৰাজিত কৰি অথবা নিজে পৰাজিত হোৱাৰ দৰে বিষয়টো যিদৰে প্রার্থী এজনৰ বাবে প্রতি মুহূর্ততে মন-মগজুত খেলি থকা বিষয়ৰূপে চিহ্নিত হয়, ঠিক তেনেদৰেই এইবাৰৰ নির্বাচনত দলীয় প্রার্থীসকলৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছে প্রচণ্ড শ্রীষ্মপ্রবাহ। গৰমৰ বাবে পৰিকল্পিতভাৱে নির্বাচনী প্রচাৰ চলাব পৰা নাই ৰাজনৈতিক দলসমূহে। চাৰি ৰাজ্যত শুকুৰবাৰৰ ভোটগ্রহণত বাধাৰ সৃষ্টি কৰিব গৰমে ।

শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ লোকসভা নির্বাচনত দেশৰ চাৰিখন ৰাজ্যত প্রচণ্ড গৰমৰ বাবে প্রভাৱিত হ’ব ভোটগ্রহণ। কেন্দ্রীয় বতৰ বিজ্ঞান বিভাগে এই তথ্য সদৰী কৰি কয় যে পশ্চিমবংগ, বিহাৰ, উত্তৰ প্রদেশ আৰু কর্ণাটকত শুকুৰবাৰৰ নির্বাচনৰ দিনটোত তাপমাত্রা ইমানে ঊর্ধ্বগামী হ’ব যে ভোটদানৰ বাবে ঘৰৰ পৰা ওলাবলৈ সংকোচ কৰিব ভোটাৰ ৰাইজ। চাৰিওখন ৰাজ্যতে তাপমাত্রাই ৪০ ডিগ্রী অতিক্রম কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

অসহ্য গৰম: সকাহ বিচাৰি তৎপৰ নিৰ্বাচন আয়োগ-কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়:

সূর্যৰ প্রথৰ উত্তাপৰ বাবে স্বাভাৱিক জনজীৱন ব্যাহত হোৱাৰ সময়তে দেশত অব্যাহত থকা নির্বাচনী প্রক্রিয়াত ভোটাৰ ৰাইজৰ অংশগ্রহণ সুনিশ্চিত কৰিবলৈ নির্বাচন আয়োগে গঠন কৰিছে টাস্ক ফ’র্চ। দ্বিতীয় পর্যায়ৰ ভোটগ্রহণৰ দিনা গৰমৰ বাবে যাতে ভোটদানৰ হাৰ নকমে তাৰ বাবে ভোটাৰসকলক সকাহ দিব পৰাকৈ প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰি হ’লেও ভোটদান নিশ্চিত কৰাৰ অর্থে নির্বাচন আয়োগে সোমবাবে গঠন কৰি দিছে টাস্ক ফ’ৰ্চ।

ইয়াৰ সমান্তৰালকৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়েও দেশত সৃষ্টি হোৱা গ্রীষ্মপ্রৱাহৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে। কেন্দ্রীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্রাৰ অধ্যক্ষতাত অনুষ্ঠিত এই পর্যালোচনা বৈঠকত গৰমৰ বাবে সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিতে আক্রান্তলৈ উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে দেশৰ সকলোবোৰ চৰকাৰী হাস্পতালতে মজুত সা-সুবিধাৰ বিষয়ে পর্যালোচনা কৰা হয়। এই বৈঠক খনতে সকলো ৰাজ্যৰে চিকিৎসালয় কর্তৃপক্ষক হাস্পতালসমূহত প্রয়োজনীয় সংখ্যক বিছনা সাজু কৰি ৰাখিবলৈ নির্দেশ দিয়া হয়। গৰমত আক্রান্ত হোৱা লোকক যাতে তৎকালে উপযুক্ত চিকিৎসা আগবঢ়াব পৰা যায়, সেয়া নিশ্চিত কৰিবলৈ প্রতিখন ৰাজ্যৰে স্বাস্থ্য বিভাগক নির্দেশ দিয়া হয়।

পূৱাতে ভোট দিব গ’লে ভোটাৰক আইচক্ৰীম খুৱাব আয়োগে:

প্রচণ্ড গৰমৰ বাবে মধ্য আৰু উত্তৰ ভাৰতত বিশেষকৈ হিন্দী বলয়ত ভোটদানৰ হাৰ তেনেই কম হোৱাৰ সূত্রে শংকাত ভোগা নির্বাচন আয়োগে দ্বিতীয় পর্যায়ৰ ভোটগ্রহণত যাতে এনে ঘটনা পুনৰাবৃত্তি নঘটে সেয়া নিশ্চিত কৰিবলৈ ভোটাৰক সকাহ দিবলৈ গ্রহণ কৰিছে ভালেমান ব্যৱস্থা। ভোটাৰসকলক ভোট কেন্দ্রলৈ আকর্ষণ কৰাৰ উদ্দেশ্যে ভোট দিয়া প্রতিজন ভোটাৰকে বিনামূলীয়াকৈ পোহা আৰু জিলাপীৰ লগতে আইচক্রীম খুৱাবলৈও ব্যৱস্থা কৰিছে। গৰমৰ বাবে ভোটদান কৰিবলৈ ওলাই নহা ভোটাৰক আকর্ষণ কৰিবলৈ আপ্যায়নৰ এই ব্যবস্থা গ্রহণ কৰিছে মধ্যপ্রদেশৰ ইন্ডোৰ জিলা প্রশাসনে।

প্রশাসনে প্রকাশ কৰা তথ্য মতে, পুৱাতে ভোট দিব গ’লে ভোটাৰসকলক দিয়া হ’ব আইচক্রীম। পুৱা সাতটাৰ পৰা নটাৰ ভিতৰত ভোট দিবলৈ যোৱা ৬০ৰ ঊর্ধ্বৰ ভোটাৰ আৰু প্রথমবাৰলৈ ভোট দিব যোৱা যুৱ ভোটাৰসকলক বিনামূলীয়াকৈ পোহা আৰু জিলাপী খুওৱা হ’ব। ভোট দিয়াৰ ক’লা চিহ্ন দেখিলেই ভোটাৰক দিয়া হ’ব বিনামূলীয়া আইচক্রীমো। ইফালে, এই সময়ছোৱাত ভোটদান কৰা আন ভোটাৰসকলক বিনামূলীয়াকৈ খুওৱা হ’ব চাওমিন অথবা মনচুৰিয়ান। মুঠতে জিলাখনত গৰমৰ মাজতো যাতে ভোটদানৰ হাৰ নকমে তাৰ বাবে আয়োগে গ্রহণ কৰিছে ভোটাৰক আপ্যায়ন কৰি হ’লেও তেওঁলোকক ভোটদান কৰিবলৈ উদ্বুদ্ধ কৰাৰ কৌশল।

প্রসংগত উল্লেখ্য যে প্রথম পৰ্যায়ৰ নিৰ্বাচনত ২০১৯ৰ নির্বাচনতকৈ ভোটদানৰ হাৰ বৃদ্ধি পাইছে একমাত্র চত্তিছগড়, মেঘালয় আৰু ছিকিমতহে। মণিপুৰত ৭.৭ শতাংশ ভোটদানৰ হাৰ হ্রাস পাইছিল। আকৌ নগালেণ্ডতো ২০১৯ৰ তুলনাত প্রায় ২.৫ শতাংশ ভোটদানৰ হাৰ কমিছে। ইফালে মণিপুৰত পূর্বৰ তুলনাত ভোটদানৰ হাৰ হ্রাস পাইছে ৭.৭ শতাংশ। মধ্যপ্রদেশত সাত শতাংশ আক ৰাজস্থান তথা মিজোৰামত ছয় শতাংশকে ভোটদানৰ হাৰ হ্রাস পাইছে।

বিহাৰত ২০১৯ত ভোটদানৰ হাৰ ৫৩.৪৭ শতাংশ থকাৰ বিপৰীতে এইবাৰ প্রথম পর্যায়ৰ ভোটগ্রহণত এই হাৰ হ্রাস পাইছে ৪৯.২ শতাংশলৈ। একেদৰে উত্তৰ প্রদেশত পূর্বৰ ৬৬.৫ শতাংশৰ পৰা হ্রাস পাইছে ৬১.১ শতাংশলৈ। মূলতঃ গৰমৰ বাবেই এনেদৰে ভোটদানৰ হাৰ হ্রাস পোৱা বুলি সকলো পক্ষই একমত পোষণ কৰিছে।

সেই সূত্রে নির্বাচন আয়োগ যিদৰে উদ্বিগ্ন হৈ পৰিছে, ঠিক তেনেকৈয়ে দেশৰ ৰাজনৈতিক দলসমূহৰ বাবেও এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে পর্যাপ্ত সংখ্যক ভোটাৰে ভোটদান নকৰাৰ বিষয়টো। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ভোটদানৰ নিম্নহাৰে ৰাজনৈতিক অংশ ওলট-পালট কৰি দিয়াৰ সম্ভাৱনা প্রৱল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ECILoksabha Election 2024Scorching Heatsecond phase
publisher

publisher

Related Posts

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d