Dibrugarh Erosion:ডিব্ৰুগড়ত বৰলুইতৰ গৰাখহনীয়াই পুনৰ সৃষ্টি কৰিছে আতংকৰ

হঠাৎ সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই ৰুদ্রমূর্তি ধাৰণক লৈ আতংকিত মোহনাঘাট অঞ্চলবাসীক

dibrugarh

Dibrugarh Erosion :

ডিব্ৰুগড়ত পুনৰ আতংকৰ সৃষ্টি কৰিছে বৰলুইতৰ গৰাখহনীয়াই। হঠাৎ সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই ৰুদ্রমূর্তি ধাৰণ কৰাত আতংকিত কৰিছে সমগ্র মোহনাঘাট অঞ্চলক। ডিব্ৰুগড় চহৰৰ সমীপৱৰ্তী মোহনাঘাটত হোৱা বৰলুইতৰ প্ৰৱল গৰাখহনীয়াৰ ফলত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰলৈয়ো তীব্র ভাবুকি নামি আহিছে।

ইফালে, ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত চকুৰ সন্মুখতে জাহ গৈছে ইটোৰ পাছত সিটো বাসগৃহ। ইতিমধ্যে খহনীয়া প্ৰতিৰোধৰ বাবে স্থাপন কৰা বাঁহৰ স্পাৰো উটুৱাই নিলে বৰলুইতৰ প্রৱল খহনীয়াই। কে’বাটাও ঘৰৰ সা-সামগ্রী উটি গ’ল ব্ৰহ্মপুত্ৰৰ বুকুত।

এই ভয়াৱহ খহনীয়াক লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্র অঞ্চলটোক। আনহাতে, খহনীয়াৰ ফলত ডিব্ৰুগড় সুৰক্ষা বান্ধ স্পর্শ কৰিলে ব্রহ্মহ্মপুত্রই। জলসম্পদ বিভাগে জিঅ’বেগ আৰু পকী পাকুপাইন, বাঁহৰ পাকুপাইনৰ জৰিয়তে খহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিছিল যদিও সকলো ফুটুকাৰ ফেনলৈ পৰিণত হ’ল।

ইতিমধ্যে সকলো খহনীয়াত জাহ গ’ল বৰলুইতত। খহনীয়া প্রতিৰোধৰ ক্ষেত্রত বিশেষ সফল হোৱা নাই জলসম্পদ বিভাগ। জলসম্পদ বিভাগৰ খহনীয়া ৰোধৰ নামত ভেঁকোভাওনাৰ অভিযোগ উত্থাপন কৰিছে। ইটা জপা দি জিঅ’বেগ জাপি ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া প্ৰতিৰোধ কৰিব বিচাৰে যদিও বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে আজি পর্যন্ত।

তাৰ বাবে ডিব্ৰুগড় চহৰবাসীয়ে বিনিদ্র ৰজনী কটাব লগা হয়। ইফালে, মোহনাঘাটৰ এই স্থানতে ইতিপূর্বে বিগত বছৰত ভয়ংকৰ খহনীয়াৰ সৃষ্টি হৈছিল। তদুপৰি মোহনাঘাটৰ লগতে চহৰখনৰ সুৰক্ষা বান্ধৰ কাষত কয়লা ঘাট, পাঁচআলি, মালিপট্টি, কছাৰীঘাট, তিনিকোণীয়া, মাইজান আদিত ভয়াৱহ খহনীয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতো বিশেষ পদক্ষেপ গ্রহণ কৰাত ব্যর্থ হোৱাৰ বাবে বাৰিষাৰ পূৰ্বে পুনৰ আতংকৰ সৃষ্টি হৈছে ডিব্ৰুগড় চহৰত।

ইফালে, এনেদৰে খহনীয়া অব্যাহত থাকিলে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ স্বাভাৱিকতে প্রত্যাহ্বান নামি আহিব। উল্লেখ্য যে মোহনাঘাটত হৈ থকা ভয়াৱহ গৰাখহনীয়াৰ বাবে বালি আৰু পলস খননত নিষেধাজ্ঞা জাৰি কৰিছে ডিব্ৰুগড় জিলা প্রশাসনে।

বৰলুইতৰ বুকুত বালি-পলস খননত ১৪৪ ধাৰা জাৰি কৰিছে জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে। ডিব্ৰুগড় জিলা আযুক্তই আজি এক নিৰ্দেশনাৰ জৰিয়তে ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ১৪৪ ধাৰা জাৰি কৰিছে। বালি-পলস খননৰ ফলত সৃষ্টি হ’ব পৰা গৰাখহনীয়াৰ বাবে ডিটিপি ডাইক আৰু আইথান ডাইকত প্ৰভাৱ পৰাৰ আশংকা প্রকাশ কৰিছে।
আনহাতে, এই আইন উলংঘা কৰি কোনো ব্যক্তিয়ে বৰলুইতৰ বুকুৰ পৰা বালি-পলস খনন চলালে আইনী ব্যৱস্থা গ্ৰহণ কৰিব ডিব্ৰুগড় জিলা দণ্ডাধীশে।

Exit mobile version