Lok Sabha Election 2024: Second phase of polling continues :আজি ৫টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

প্ৰখৰ ৰ'দকো নেওচি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰৰ দীঘলীয়া শাৰী ভোট কেন্দ্ৰত

voting 1

Lok Sabha Election 2024: Second Phase of Polling Continues :

আজি পুৱা ৭-০০বজাৰ লগে লগে আৰম্ভ হ’ল দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। অসমৰ ৫টা সমষ্টিত আৰম্ভ হ’ল ভোটদান পৰ্ব। ইভিএমৰ বুটামত ভাগ্য নিৰ্ণয় হ’ব অসমৰ ৬১গৰাকী প্ৰাৰ্থীৰ।

পুৱা সাত বজাৰ পৰা বিয়লি পাঁচ বজালৈ ৰাজ্যৰ মুঠতে পাঁচটা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্রহণ পর্ব। দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত অনুষ্ঠিত হোৱা নির্বাচনত ভৌগোলিক পৰিসৰৰে সবাতোকৈ ক্ষুদ্র সমষ্টিটো হ’ল কৰিমগঞ্জ আৰু বৃহৎ সমষ্টিটো হ’ল ডিফু ৷

ইফালে, ভোটাৰৰ সংখ্যাৰে ক্ষুদ্র সমষ্টিটো হ’ল ডিফু আৰু বৃহৎ সমষ্টিটো হ’ল দৰং-ওদালগুৰি। ডিফুত ভোটাৰৰ সংখ্যা হ’ল ৯,০১,০৩২ গৰাকী আৰু দৰং-ওদালগুৰিত ভোটাৰৰ সংখ্যা ২২,০৯,৩১৪ গৰাকী। উল্লেখ্য যে ,আজি অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সংশ্লিষ্ট পাঁচটা সমষ্টিত ভোটাৰৰ মুঠ সংখ্যা হ’ল ৭৭,০৯,২৭৬ গৰাকী। ইয়াৰে ভিতৰত শতবৰ্ষ গৰকা ভোটাৰৰ সংখ্যা হ’ল ৮৬২গৰাকী। আনহাতে, ভোটদান কৰিব ৮৫ বছৰৰ ঊর্ধ্বৰ ৩৪,৫৪৮ গৰাকী ভোটাৰে। সমান্তৰালকৈ এইবাৰৰ নিৰ্বাচনত যুৱ ভোটাৰে গ্ৰহণ কৰিব অন্যতম নির্ণায়ক ভূমিকা।

আজি অনুষ্ঠিত হৈ থকা ভোট গ্রহণত ১৮ৰ পৰা ১৯ বছৰ বয়সৰ প্ৰথমবাৰলৈ ভোটদান কৰিবলগীয়া ভোটাৰৰ সংখ্যা হ’ল ১,২১,৭৬৯ গৰাকী। আকৌ ২০ৰ পৰা ২৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা হ’ল ১৬,৯৫,৭৭১ গৰাকী। অর্থাৎ পাঁচটা সমষ্টিক সামৰি অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৭৭ লাখ ভোটাৰৰ ভিতৰত ১৮ লক্ষাধিক ভোটাৰেই হ’ল যুৱ ভোটাৰ।

উল্লেখ্য যে , নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে নগৰাঞ্চলত ৯০৬টা, গ্রামাঞ্চলত ৮২২৭টাসহ মুঠতে ৯১৩৩ টা ভোটগ্রহণ কেন্দ্ৰ সাজু কৰি তোলা হৈছিল ৷ ইয়াৰে ভিতৰত ৪৭৩টা ভোট কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। আকৌ সমষ্টিকেইটাত স্থাপন কৰা হৈছে ৯০টাকৈ আদর্শ ভোটগ্রহণ কেন্দ্র। এইবাৰৰ নিৰ্বাচনৰ আন এক বিশেষত্ব হ’ল ১২টাকৈ ভোটগ্রহণ কেন্দ্ৰ পৰিচালনা কৰিব ৰাজ্য চৰকাৰৰ বিশেষভাৱে সক্ষম কর্মচাৰীয়ে। উল্লেখ্য যে স্পৰ্শকাতৰ অঞ্চলত থকা ৪,৭৪৫ টা ভোটগ্রহণ কেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে ,আজি অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিৰ ভোটগ্রহণ পৰ্বত ৬১জন প্রার্থীৰ ভাগ্য নির্ণয় হ’ব। এই প্ৰাৰ্থীসকলৰ ভিতৰত দুগৰাকী হ’ল মহিলা প্রার্থী। লক্ষ্যণীয় যে দ্বিতীয় পর্যায়ৰ নিৰ্বাচনত ভোটগ্রহণ হ’বলগীয়া কৰিমগঞ্জ সমষ্টিত সর্বাধিকসংখ্যক ২৪ জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ডিফুত সর্বনিম্ন পাঁচজন প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। আনহাতে, দিনৰ ৩ বজালৈকে অসমৰ পাঁচটা সমষ্টিত ভোটদানৰ হাৰ
নগাঁও ৬০.৫৬ শতাংশ
দৰং-ওদালগুৰি ৬৪.৪৩ শতাংশ
শিলচৰ ৫৩. ০৬ শতাংশ
কৰিমগঞ্জ ৬০.৩৬ শতাংশ
ডিফু ৬০.৭৪ শতাংশ

প্ৰখৰ ৰ’দকো নেওচি নগাঁও লোকসভা সমষ্টিৰ আটাইকেইটা বিধানসভা সমষৰ অন্তৰ্গত ভোট কেন্দ্ৰ সমূহত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰ দীঘলীয়া শাৰী ৷ পুৱাৰ ভাগত ভোটাৰৰ যথেষ্ট ভীৰ পৰিলক্ষিত হয় যদিও দুপৰীয়া কিছু কম হয় ৷ ইয়াৰ কাৰণ হিচাপে পৰিগণিত হৈছে উৎকট গৰম ৷ আশা কৰা ধৰণে বিয়লি ভাগত ভোট কেন্দ্ৰত ভোটাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব ।

নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই পত্নী আৰু দুই পুত্ৰৰ সৈতে নগাঁও চহৰৰ কিৰণৱালা বালিকা বিদ্যালয়ৰ ভোটকেন্দ্ৰত উপস্থিত হৈ সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ ৷ ভোট কেন্দ্ৰত ৰাইজৰ দীঘলীয়া শাৰী দেখি সন্তুষ্টি প্ৰকাশ বিধায়ক গৰাকীয়ে ৷

একেদৰে বিজেপিৰ নগাঁও লোকসভা সংসদীয় সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাই নগাঁও চহৰৰ পাশ্বৱৰ্তী উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।
আনহাতে,পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ বোকাজান সমষ্টিৰ ডিলাওজান জালজৰী প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডা: নোমল মমিন আৰু তেওঁৰ পত্নীয়ে৷

একেদৰে মৰিগাঁওৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে মৰিগাঁৱৰ চাবুকধৰা পঞ্চায়তৰ অন্তৰ্গত দেউৰাবড়ি প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত পুৱাই উপস্থিত হৈ ৰাইজৰ সৈতে পুৱাই শাৰী পাতি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷

মৰিগাঁও জিলাৰ আঁহতগুৰি মৰাকলং প্ৰাথমিক বিদ্যালয়ত পত্নী আইমী বৰুৱা আৰু মাতৃৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই।
ভোটাধিকাৰ সাব্যস্ত বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ। কৰিমগঞ্জৰ বিধ্যানগৰ ৬৫০নং গঙ্গা হিন্দী প্ৰাথমিক বিদ্যালয়ত ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত প্ৰাৰ্থীগৰাকীৰ। মাতৃ আৰু পত্নীৰ সৈতে ভোটকেন্দ্ৰত উপস্থিত হৈ সাব্যস্ত কৰে ভোটাধিকাৰ। একেদৰে
ভোটাধিকাৰ সাব্যস্ত নগাঁও জিলাৰ চামগুৰিৰ কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ ৷ চামগুৰিৰ কৰৈগুৰি ভোটগ্ৰহণ কেন্দ্ৰত পত্নী, পুত্ৰৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে বিধায়ক গৰাকীয়ে ৷

আনহাতে নগাঁৱৰ ধিং সমষ্টিৰ ১৯ নং ভোট কেন্দ্ৰ পৰমাইভেটি এম.ই স্কুলত ভোটদান সাব্যস্ত কৰে নগাঁওৰ এআইইউডিএফৰ প্ৰাৰ্থী তথা ধিঙৰ বিধায়ক আমিনুল ইছলামে ৷ কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ পত্নীৰ সৈতে ভোটদান। বাইহাটাৰ তাৰাপ্ৰিয় প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বিধায়ক দিগন্ত কলিতাই।

উল্লেখ্য যে,বিটিআৰৰ অন্তৰ্গত মাজবাট বিধানসভা সমষ্টিৰ ১৭৩ নং বেঙেনাবাৰী ভোটগ্ৰহণ কেন্দ্ৰত পুৱাতে ভোটদান পৰ্ব চলি থকাৰ মাজতে হঠাতে বিকল হয় ইভিএম মেচিন । কেন্দ্ৰটোত সেই সময়ত দেখা গৈছিল ভোটাৰৰ দীঘলীয়া শাৰী ৷ আনহাতে মঙলদৈত এটা ভোটকেন্দ্ৰত নিৰ্ধাৰিত সময়তকৈ প্ৰায় ২৫ মিনিট পলমকৈ আৰম্ভ হয় ভোটগ্ৰহণ৷ কেন্দ্ৰটোৰ ভিভিপেদ মেচিন হঠাতে বিকল হোৱাৰ বাবে পলমকৈ আৰম্ভ হয় ভোটদান পৰ্ব ।

একেদৰে কাৰ্বি আংলঙৰ সদৰ ১২১ নং ডিফু চৰকাৰী বালিকা বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰতো বিকল হয় ইভিএম । যাৰবাবে ভোটগ্ৰহণ পলমকৈ আৰম্ভ হোৱাত উত্তেজিত হৈ পৰে ভোটাৰসকল। কেন্দ্ৰটোত ২০ মিনিট পলমকৈ আৰম্ভ হয় ভোটগ্ৰহণ।

Exit mobile version