Loksabha Election 2024:অসমত পাঁচ সমষ্টিত বিয়লি পাঁচ বজালৈকে ভোটদানৰ হাৰ ৭০.৬৬

POLL

Loksabha Election 2024:

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ পাঁচ সমষ্টিত অনুষ্ঠিত হোৱা ভোটদান পৰ্ব সামৰণি পৰে বিয়লি পাঁচ বজাত ৷ অৱশ্যে বহু ভোট গ্ৰহণ কেন্দ্ৰৰ চৌহদত ভোটাৰৰ দীঘলীয়া শাৰী হোৱা হেতুকে এই ভোটাৰ সকলে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত ভোটদান পৰ্ব অন্ত পৰিব ৷ বিয়লি পাঁচ বজালৈকে অসমত ভোটদানৰ সামগ্ৰিক হাৰ ৭০.৬৬ শতাংশ ৷
আনহাতে বিয়লি ৫-০০ বজালৈকে অসমৰ পাঁচটা সমষ্টিত ভোটদানৰ হাৰ এনেধৰণৰ:

নগাঁও:৭১.৮৪ শতাংশ ।
দৰং-ওদালগুৰি:৭২.৯৯ শতাংশ ৷
শিলচৰ: ৬৫.৫৭ শতাংশ ৷
কৰিমগঞ্জ: ৭১.০২ শতাংশ ৷
ডিফু: ৬৯.৬২ শতাংশ ৷

Exit mobile version