Amit Shah Pressmeet In Guwahati:মহানগৰীৰ বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন অমিত শ্বাহৰ

দুটা পৰ্যায়ৰ নিৰ্বাচনত আমি ১০০ৰো অধিক আসন পাম':গৃহমন্ত্রী অমিত শাহ

amit shah 1

Amit Shah Pressmeet In Guwahati:

ইতিমধ্যে সম্পন্ন হোৱা দুটা পৰ্যায়ৰ নিৰ্বাচনত আমি ১০০ৰো অধিক আসন পাম ৷ এই দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ গুৱাহাটীৰ দলীয় প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ সোমবাৰে বিয়লী মহানগৰীত ৰোড শ্ব’ত অংশ গ্ৰহণ কৰি নিশাটো গুৱাহাটীত কটোৱাৰ পাছত আজি দুপৰীয়া ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেল সম্বোধন কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয়,দক্ষিণ ভাৰতৰ তামিলনাডু,কৰ্ণাটক, তেলেংগানা, কেৰালাত আমি ৰাইজৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছো ।

এনে প্ৰেক্ষাপটত এইবাৰ দাক্ষিণাত্যত এক ভাল ফলাফল পাব ৷ আনহাতে অসমত অতি কমেও ১২ খন আসন লাভ কৰিম। অসমত বিজেপিক লৈ জনতাৰ বিশ্বাস বৃদ্ধি হৈছে। ৪০০ পাৰ কৰাৰ লক্ষ্যৰে আমি কাষ চাপিছো। ৪০০ পাৰ হ’বই, এয়া আমাৰ লক্ষ্য।”

অসমত অতি কমেও বাৰখন আসন লাভ কৰিব বুলি দৃঢ় বিশ্বাস আৰু দুই-এখন আসন বৃদ্ধিৰ সম্ভাৱনা আছে ৷ কিয়নো ইতিমধ্যে অসমত বিজেপিক লৈ জনতাৰ বিশ্বাস ক্ৰমাৎ বৃদ্ধি হৈছে ৷

গৃহমন্ত্ৰী গৰাকীয়ে সংবাদমেলত কংগ্ৰেছ সহ বিৰোধীক তীব্ৰ কটাক্ষ কৰি কয়,আমি কংগ্ৰেছ দৰে সংখ্যাগৰিষ্ঠতা পাবৰ ৰাইজৰ বিভান্ত কৰি এক অপপ্ৰচাৰ চলোৱা নাই ৷ কিন্ত শেহতীয়াকৈ কংগ্ৰেছে এইবোৰ কাম কৰি দিল্লী দখলৰ চেষ্টা কৰিছে ৷ আমি আমাৰ উন্নয়নৰ কামৰ জৰিয়তে ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে, কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি অমিত শ্বাহে কয়,কংগ্ৰেছে দেশত জৰুৰীকালীন অৱস্থা আনিছিল ৷এইয়া আজিও দেশবাসীৰ সন্মুখত সজীৱ হৈ আছে ৷ বিজেপি এছটি,এছ চি আৰু অবিচিৰ সংৰক্ষণৰ সমৰ্থক নহয় ৷ ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ পক্ষত বিজেপি কেতিয়াও নাই ৷

আনহাতে,সংবাদমেলত গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ তেওঁক লৈ প্ৰস্তুত কৰা এটা ভুৱা ভিডিঅ’ সন্দৰ্ভত কয়, মোৰ বিৰুদ্ধে ফেক ভিডিঅ’ প্ৰস্তুত কৰা হৈছিল। কিন্তু সেয়া এতিয়া ‘দুধ কা দুধ পানী কা পানী’ হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ ৱাৰ ৰূমৰ পৰাই মোৰ বিৰুদ্ধে প্ৰস্তুত কৰা হৈছিল ভুৱা ভিডিঅ ৷ অৱশ্যে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ৷

ইয়ে প্ৰমাণ কৰে যে,কংগ্ৰেছৰ আত্মবিশ্বাসৰ অভাৱ। কংগ্ৰেছে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক নিন্দা কৰিছো। আনহাতে, বিজেপিয়ে সমগ্ৰ দেশত ইউচিচি প্ৰযোজ্য কৰিবও । এইক্ষেত্ৰত পিছ হুহুঁকি অহাৰ প্ৰশ্নই নুঠে ৷

গৃহমন্ত্ৰী গৰাকীয়ে বহু চৰ্চিত উত্তৰ প্ৰদেশৰ আমেঠি আৰু ৰায়বেৰলীত কংগ্ৰেছে এই পৰ্যন্ত প্ৰাৰ্থীৰ নাম কিয় ঘোষণা কৰা নাই বুলি কংগ্ৰেছে কটাক্ষ কৰি কয়,
এই দুয়োটা সমষ্টিয়েই কংগ্ৰেছৰ দূৰ্গ হিচাপে আছিল যদিও বিগত ২০১৯ ৰ লোকসভা নিৰ্বাচনত আমেঠি বিজেপিয়ে গান্ধী পৰিয়ালৰ পৰা আনিবলৈ সক্ষম হৈছিল ৷

ৰায়বেৰলী আৰু আমেঠিৰ ২০০৪ ৰ পৰা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছে । কিন্ত প্ৰিয়ংকা বা ৰাহুল গান্ধীয়ে এইবাৰ দুয়োটা সমষ্টিতে প্ৰতিদ্বন্দ্ব্বীতা কৰিবলৈ সাহস গোটাব পাৰিবনে ৷ ইতিমধ্যেই ৰায়বেৰেলীৰ পৰা সাংসদ হিচাপে জিকি অহা ছোনীয়া গান্ধীয়ে ৰাজ্যসভালৈ নিৰ্বাচিত হয় ৰাজস্থানৰ পৰা ৷

ইয়ে প্ৰমাণ কৰে আমেঠি আৰু ৰায়বেৰলীত পুনৰ ফুলিব পদুম ৷ সংবামেলত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু অসম প্ৰদেশ বিজেপিৰ প্ৰভাৰী উপস্থিত আছিল ৷ সংবাদমেল সম্বোধন কৰি পোনে পোনে ৰাওনা হয় বৰঝাৰ এয়াৰপৰ্টলৈ ৷ তাৰ পৰাই বিশেষ বিমানেৰে দিল্লীলৈ উৰা মাৰে গৃহমন্ত্ৰী গৰাকী ৷

Exit mobile version