State Bjp Pressmeet:কংগ্ৰেছৰ সমাবেশলৈ নাহে কোনো থলৱা ভূমিপুত্র

গুৱাহাটীত দহ হাজাৰ মানুহ গোটাব নোৱাৰে ভূপেন বৰাই, প্রদেশ কংগ্ৰেছৰ সভাপতি এতিয়া ৰাজনৈতিক কৌতুকৰ বাবেহে জনপ্রিয়

state bjp office

State Bjp Pressmeet:

“কংগ্ৰেছ দলক অসমৰ থলুৱা-খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজে ইতিমধ্যে নাকচ কৰিছে। এই দলটোৱে অসমৰ খিলঞ্জীয়া লোকে বসবাস কৰা অঞ্চলত দহ হাজাৰ মানুহ গোটাই এখন ৰাজনৈতিক সমাবেশ আয়োজন কৰাৰ সামৰ্থ হেৰুৱাই পেলাইছে। থলুৱা জনজীৱনৰ পৰা বিচ্ছিন্ন হৈ পৰাৰ বাবেই কংগ্ৰেছৰ পানীত হাঁহ নচৰা অৱস্থা। উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীত কংগ্ৰেছে দহ হাজাৰ মানুহ গোট খোৱাই এখনো সমাবেশ পাতিব নোৱাৰে। সেয়েহে কংগ্ৰেছৰ নেত্রী গুৱাহাটীৰ পৰিৱতে ধুবুৰীলৈ ঢাপলি মেলিব লগা হৈছে”- এই মন্তব্য ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।

দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ‘অটল বিহাৰী বাজপেয়ী ভবন’ত আয়োজিত এক সংবাদ মেলত দলটোৰ ৰাজ্যিক মুখপাত্র গৰাকীয়ে কংগ্ৰেছক এনেদৰে কটাক্ষ কৰি লগতে কয়- “কংগ্ৰেছৰ আমোলত অসমত এখন ফ্লাই অভাৰ বনাবলৈ বাৰ বছৰ সময় লাগিছিল, এতিয়া মাত্র ১৮ মাহত ফ্লাই অভাৰ নিৰ্মাণ সম্ভৱ হৈ পৰিছে। ৰাজ্যৰ গাৱে-ভূঞে থকা অধিকাংশ কাঠৰ দলঙেই পকীকৰণ কৰা হৈছে। অসমমালাৰ জৰিয়তে ৰাজ্যত পথৰ আন্তঃগাঁথনি ব্যাপক উন্নয়ন সম্ভৱ হৈছে।”

উল্লেখযোগ্য যে প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৬০ বছৰত কংগ্ৰেছে নকৰা কি কাম বিজেপিয়ে কৰিছে বুলি এক অভিযোগ উত্থাপন কৰা দেখা গৈছে। কংগ্রেছ সভাপতি এই অভিযোগৰ বিষয়ে উল্লেখ কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্রজনে স্পষ্টভাৱে কয় যে ২০১৬ চনত অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হোৱাৰ দিনৰে পৰা আজিলৈ কোনোধৰণৰ সন্ত্রাসবাদী কাৰ্য সংঘটিত হোৱা নাই। কংগ্ৰেছ আমোলৰ দৰে ধাৰাবাহিক বোমা বিস্ফোৰণত এজনো নিৰপৰাধী লোকে প্রাণ হেৰুৱাবলগীয়া হোৱা নাই।

ঠিক একেদৰে সাম্প্রদায়িক সংঘর্ষত সংখ্যালঘু মুছলমান লোকে নিজৰ সা-সম্পত্তিৰ লগতে জীৱন হেৰুৱাবলগীয়া পৰিস্থিতি সৃষ্টি হ’বলৈ দিয়া নাই বিজেপি চৰকাৰে। বিজেপিৰ শাসনকালত অসমৰ আস্থা আৰু আধ্যাত্মিকতাৰ কেন্দ্র হিচাপে বিবেচিত সত্ৰ সমূহৰ ভূমি বেদখলমুক্ত কৰা হৈছে। কংগ্ৰেছ আমোলত সত্ৰ আৰু বনাঞ্চলৰ ভূমি অবৈধ নাগৰিকক বেদখল কৰিবলৈ এৰি দিয়া হৈছিল। কাজিৰঙা, বুঢ়াচাপৰি, ওৰাং হোজাই আদিকে ধৰি বিভিন্ন স্থানত অভিযান চলাই বিজেপি চৰকাৰে বনাঞ্চলৰ ভূমি সুৰক্ষিত কৰিছে।

ঠিক একেদৰে সত্ৰৰ ভূমি উদ্ধাৰ কৰাৰ লগতে আধুনিক ব্যৱস্থাপনাৰে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানক পর্যটন আৰু সাংস্কৃতিক কেন্দ্র হিচাপে ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকােেৰ বিকশিত কৰিছে। শিক্ষা খণ্ডৰ সম্প্ৰসাৰণৰ বাবে বিজেপি চৰকাৰে চাহ-বাগিচা আৰু চৰ চাপৰি অঞ্চলত গঢ়ি তোলা শতাধিক আদর্শ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ কথাও শমাই উল্লেখ কৰে।

গণবিচ্ছিন্ন হৈ পৰাৰ ফলত প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনে বর্ণনা কৰে। বৰ্তমান সময়ত ভূপেন বৰা ৰাজনৈতিক কৌতুকৰ বাবেহে অসমৰ সংবাদ মাধ্যমৰ পৰিচিত নাম হৈ পৰা বুলি উল্লেখ কৰি শমাই লগতে কয় নির্বাচনী প্রচাৰ অভিযানক ৰাজনৈতিক কৌতুকেৰে জীপাল কৰি ৰখাত ভূপেন বৰা সফল হৈছে।

Exit mobile version