Remedy of wounds:ক্ষতৰ প্ৰতিকাৰ

incident

Remedy of wounds:

পাকঘৰত পাচলি কাটি থকা অৱস্থাত, শিশুৱে খেলি থকা অৱস্থাত, খুন্দা লাগি, দাড়ি কাটোতে, দা-কটাৰী লৈ কোনো কাম কৰোতে, বাগৰি পৰি মানুহৰ আকস্মিকভাবে ক্ষতৰ সৃষ্টি হৈ ৰক্তপাত হ’ব পাৰে। এই ধৰণৰ দুৰ্ঘটনা ঘটিলে তাৎক্ষণিকভাবে ঘৰুৱা উপায়েৰে চিকিৎসা গ্রহণ কৰিব পাৰি। এই ধৰণৰ চিকিৎসাৰ বাবে আপুনি ঘৰতে প্রয়োজনীয় উপাদান পাব।

$ কটা-ছিঙা কৰাৰ লগে লগে হালধিৰ গুড়ি ক্ষতস্থানত সানি দিব। ইয়াৰ দ্বাৰা ৰক্তপাত বন্ধ হ’ব আৰু সংক্রমণ হোৱাৰো আশংকা হ্রাস পাব। আপেল চিডাৰ ভিনেগাৰে ক্ষতস্থান শুকুৱাত সহায় কৰে। ৰক্তপাত বন্ধ কৰিবলৈ বা বিষ কমাবলৈ কটা অংশত এই ভিনেগাৰ প্রয়োগ কৰিব পাৰে।

$ চেনি অধিক পৰিমাণে খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। কিন্তু কটা-ছিঙা স্থানত চেনি লগালে দ্রুত গতিৰে কাম কৰে। ৰক্তপাত বন্ধ হয়। অৱশ্যে ১৫ মিনিটৰ ভিতৰতে সেই চেনি লগোৱা অংশ ধুই পেলাব লাগিব।

$ কটা স্থানত ক্ষত নিৰাময় কৰাৰ ক্ষেত্ৰত মৌৱে বেক্টেৰিয়া নিবাৰকৰ কাম কৰে। মৌৱে ক্ষতস্থানক সংক্ৰমণৰ পৰাও ৰক্ষা কৰে। আনকি শৰীৰৰ কোনো অংশত পুৰিলেও সেই ক্ষতস্থান নিৰাময়ৰ ক্ষেত্ৰত মৌ বৰ উপযোগী।

$ কেতিয়াবা পোক-পৰুৱাই কামুৰিলেও ক্ষতস্থানৰ সৃষ্টি হয়। সেইদৰে শৰীৰৰ কোনো অংশত কাটিলে আক্রান্ত স্থানত টী-বেগ চেপি ধৰিব লাগে। ইয়াৰ দ্বাৰা তাৎক্ষণিকভাবে ৰক্তপাত বন্ধ হ’ব আৰু যন্ত্রণাও বহুখিনি হ্রাস পাব।

Exit mobile version