Kaliabor Incident :
ঘন জংঘলৰ মাজত মৃত অৱস্থাত উদ্ধাৰ দম্পতীৰ মৃতদেহ উদ্ধাৰ। কলিয়াবৰৰ বাঘজান অকতা শিলৰ ঘন জংঘলত দম্পতীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰক লৈ অঞ্চটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷
উল্লেখ্য যে,স্থানীয় লোকে ঘন জংঘলৰ মাজত এহাল দম্পতী পৰি থকা সম্ভেদ লাভ কৰি সেইস্থানত উপস্থিত হৈ বৃদ্ধজনক মৃত অৱস্থাত আৰু মহিলা গৰাকী জীয়াই থকা প্ৰত্যক্ষ কৰে ৷ কিন্ত কিছু সময়ৰ পিছতে শেষ নিশ্বাস ত্যাগ কৰে মহিলা গৰাকীয়ে ৷
আনহাতে ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মৃত দম্পতীৰ পৰিচয় উদ্ধাৰ কৰে ৷ দম্পতীৰ নাম ক্ৰমে বালাৰাম চেত্ৰী আৰু পবিত্ৰা দেৱী ৷ আৰক্ষীয়ে মৃতদেহৰ কাষত এটা বটল উদ্ধাৰ কৰি নিশ্চিত হয় বটলটো বিহৰ ৷ বিহপান কৰি মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষী আৰু স্থানীয় লোকে। মৃত দম্পতীহালৰ ঘৰ ডিমাপুৰত বুলি জানিব দিয়ে আৰক্ষীয়ে ৷