Book Release:মহানগৰীৰ অগ্ৰদূত ভৱনত উন্মোচন ‘ফনীন্দ্ৰ নাথ গগৈৰ অসমীয়া সাহিত্যত যৌনতাৰ স্থান

book relase

Book Release:

অসমীয়া সাহিত্যত যৌনতা কেন্দ্ৰীক বিষয়বস্তক লৈ লিখা গ্ৰন্থ খুবেই তাকৰ ৷ কিন্ত সাম্প্ৰতিক সময়ত গৱেষণামূলক যৌনতা কেন্দ্ৰীক বিষয়বস্তক মুল আধাৰ হিচাপে লিখা গ্ৰন্থৰ প্ৰয়োজনীতা আহি পৰিছে ৷ বহুতে এইয়া অশ্লীল বুলি ভাবে যদিও কাৰ্যত: কিন্ত ই এক গুৰুত্বপূৰ্ণ বিষয় ৷

আজি মহানগৰীৰ অগ্ৰদূত ভৱনৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত জ্যেষ্ঠ অধিবক্তা ফনীন্দ্ৰ নাথ গগৈৰ বহুচৰ্চিত ‘গৱেষণামূলক গ্ৰন্থ’অসমীয়া সাহিত্যত যৌনতাৰ স্থান’শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰি দিয়া ভাষনত উল্লিখিত মন্তব্য কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক কনকসেন ডেকাই

ডেকাই তেওঁৰ ভাষণত উল্লেখ কৰে যে, ফনীন্দ্ৰ নাথ গগৈৰ নতুন গ্ৰন্থ খন গুৰুত্বপূৰ্ণ কীতি । চেক্স অৰ্গেন পবিত্ৰ আৰু দেহৰ মূল্যৱান অংগ ৷ এই গ্ৰন্থ খনে অসমীয়া সাহিত্য জগত খনত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হ’ব । গ্ৰন্থ খনৰ বিশ্লেষণ সংবাদ মাধ্যমত চৰ্চা হোৱাটো প্ৰয়োজন বুলি উল্লেখ কৰি ডেকাই লেখকৰ কলমৰে অবিৰতভাৱে ব্যতিক্ৰমী লিখনি অব্যাহত থকাৰ কামনা কৰে।

সভাত উপস্থিত থকা প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰাক্তন সদস্য গীতাৰ্থ পাঠকে তেওঁৰ ভাষণত কয় যে, সামাজিক ব্যাধি ধৰ্ষণ আতৰ কৰাৰ ক্ষেত্ৰত এই গ্ৰন্থ খনে বিশেষ ভূমিকা গ্ৰহণ কৰিব । এনেক্ষেত্ৰত চৰকাৰে সময়োচিত পদক্ষেপ বিচাৰে পাঠকে।
আনহাতে সভাখনত উপস্থিত থকা অসম বিধানসভাৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সচিব সতেন্দ্ৰ গগৈয়ে কয়,অস্পৃশ্য যেন লগা বিষয় এটা ৰসাল কৰি পাঠক সমাজলৈ উলিয়াই দিয়াতো লেখকৰ এটা সুন্দৰ প্ৰচেষ্টা। গ্ৰন্থ খনে সাহিত্য জগতত আলোড়ন সৃষ্টি কৰাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ গগৈয়ে আৰু কয় যে, গ্ৰন্থ খনৰ বিষয়বস্তু উৎকৃষ্ট যদিও ই অত্যন্ত দুৰূহ কাম ৷

গ্ৰন্থ উন্মোচন সভা খনিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা বিশিষ্ট চিকিৎসক ডা:বসন্ত কুমাৰ বৈশ্যই কয়, ফনীন্দ্ৰ নাথ গগৈৰ এই নতুন গ্ৰন খনে অসমীয়া সাহিত্যত এক নতুন ধাৰাৰ সৃষ্টি কৰিব। গতানুগতিকতাক বাদ দি ভাৰতীয় সমাজ ব্যৱস্থাত এক নতুন ৰূপ দিয়াত অগ্ৰণী ভূমিকা ল’ব গ্ৰন্থ খনে ৷ডা:বৈশ্যয়ে আৰু কয় যে,মুক্ত সমাজত ধৰ্ষণৰ সংখ্যা তেনেই কম ৷ স্কুলীয়া পাঠ্যক্ৰমত যৌন শিক্ষা অন্তভুৰ্ক্ত হোৱাৰ প্ৰয়োজন আছে ৷

Exit mobile version