Deepor Beel is Under Severe Pollution:ভয়াৱহ প্ৰদূষণৰ কৱলত পৰি সেউজীয়া হৈ পৰিছে দীপৰ বিলৰ পানী

পামহী কেনেলেৰে দূষিত পানী-ডাম্পিং গ্রাউণ্ডৰ বৰ্জিত পদার্থই সৃষ্টি কৰা ভয়াৱহ প্ৰদূষণক লৈ গভীৰ উদ্বিগ্ন প্রকৃতিপ্রেমী, শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী সুৰক্ষা মঞ্চৰ

deepar beel 1

Deepor Beel is Under Severe Pollution:

ৰাজ্যৰ একমাত্র আন্তর্জাতিক ৰামছাৰ ক্ষেত্ৰ তথা দেশী-বিদেশী পক্ষীৰ বিচৰণথলী দীপৰ বিলে কিদৰে অস্তিত্বৰ স’তে যুঁজ দি আহিছে সেয়া সর্বজনবিদিত। পুনৰ ভয়াৱহ প্ৰদূষ্কাৰ কবলত পৰিছে বিলখন। পামহী কেনেলেৰে অহৰহভারে বৈ থকা গুৱাহাটীৰ দূষিত পানী আৰু বিলৰ পৰা কিছু নিলগৰ পশ্চিম বৰাগাঁৱৰ বেলৰতলত তথা পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে প্রায় তিনি বছৰ পূৰ্বে স্থাপন কৰা ডাম্পিং গ্রাউণ্ডৰ পৰা বৈ অহা বৰ্জিত পদার্থই দীপৰ বিলৰ পানী ভয়াৱহভাৱে প্ৰদূষিত কৰি আহিছে।

শেহতীয়া দিনকেইটাত দীপৰ বিলৰ পানীৰ ৰং সেউজীয়া হৈ পৰা পৰিলক্ষিত হৈছে। ফলত দীপৰ বিলৰ জৈৱ বৈচিত্র্য সংৰক্ষণ, সংবর্ধন আৰু বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে মাত-মাতি অহা দীপৰ বিল সুৰক্ষা মঞ্চই এই দিশটোৱে বিলখনৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই অনা বুলি মন্তব্য কৰি বিষয়টোৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ, কাৰ্যকৰী সভাপতি গোলক দাস আৰু সাধাৰণ সম্পাদক প্রমোদ কলিতাই বিষয়টোৰ সন্দৰ্ভত কয় যে ২০২১ৰ আগষ্টত গুৱাহাটী পৌৰ নিগমে পশ্চিম ৰাগাঁৱৰ বেলৰতলত হাউছফেডৰ প্ৰায় ৬০ বিঘা মাটিত ডাম্পিং গ্রাউণ্ড নিৰ্মাণ কৰা আৰু পামহী কেনেলেৰে গুৱাহাটীৰ দূষিত পানীভাগ দীপৰ বিলত পেলাই বিলখনত সৃষ্টি কৰা ভয়াৱহ প্ৰদূষণৰ বিৰুদ্ধে প্ৰথমৰ পৰাই মঞ্চৰ লগতে সচেতন নাগৰিকে মাত মাতি আহিছে।

ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণেও দীপৰ বিলৰ পানী ভয়াৱহভাৱে প্ৰদূষণ হোৱা বিষয়টোত গভীৰ উদ্বেগ প্রকাশ কৰিছে।
মঞ্চই সদায় দীপৰ বিলৰ প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ থকাটো বিচাৰে; কিন্তু পূৰ্বৰ ডাম্পিং গ্রাউণ্ডটো বন্ধ কৰি গুৱাহাটী পৌৰ নিগমে বেলৰতলত পামহী কেনেলৰ দাঁতিত স্থাপন কৰা ডাম্পিং গ্রাউণ্ড আৰু পামহী কেনেলৰে অহৰহভাৱে বৈ অহা দূষিত পানীয়ে বিলখনক অস্তিত্বৰ সংকটলৈ ঠেলি দিছে।

যাৰ বাবে পূৰ্বৰ তুলনাত অস্বাভাৱিক হাৰত হ্রাস পাইছে দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ আগমন। ক্রমান্বয়ে মৰি যাবলৈ ধৰিছে বিভিন্ন ধৰণৰ জলজ উদ্ভিদ। বিলুপ্তি হৈছে বহু থলুৱা প্ৰজাতিৰ মাছ, কাছ। ভয়াৱহৰূপত পানী দূষিত হোৱাৰ বাবে আগৰ দৰে দীপৰ বিলৰ পানীত নামি জলকেলি নকৰে বনৰীয়া হাতীয়ে।

সমান্তৰালভাৱে পৰ্যটনৰ সম্ভাৱনীয়তাসমূহক বিকশিত কৰি তাক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰ্ণৰে জীৱন-জীৱিকাৰ থলীলৈ গঢ় দিবৰ বাবে চৰকাৰী-বেচৰকাৰীভাৱে গ্ৰহণ কৰা প্ৰচেষ্টাও বিলৰ পানীভাগ প্ৰদূষিত হৈ পৰা বাবে, সেই প্রচেষ্টাত বাধা আহি পৰিছে বুলি মঞ্চই আক্ষেপ প্রকাশ কৰিছে।

যাৰ বাবে বিলখনৰ প্ৰাকৃতিক ভাৰসাম্য ধ্বংস হোৱা সকলো কাৰ্য বন্ধ কৰিবৰ বাবে মঞ্চই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে। লগতে দূষিত পানীৰ ক্ষেত্রত সংশ্লিষ্ট বিভাগক শীঘ্ৰে ব্যৱস্থা গ্রহণৰো দাবী উত্থাপন কৰিছে।

Exit mobile version