Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kamakhya Temple:শুকাই যাব কামাখ্যাৰ মূল গৰ্ভৰ জলাধাৰ !

চাৰিশ কোটিটকীয়া প্রকল্পটোৰ নির্মাণ কাৰ্যৰ বাবে মন্দিৰৰ চৌপাশে হ'বলগীয়া খননে - বিপদ মাতিব পাৰে শক্তিপীঠলৈ, কামাখ্যা কৰিড'ৰ প্ৰকল্পৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰদেউৰী সমাজৰ আবেদন, তিনি জুনৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ ৰাজ্য-কেন্দ্ৰ চৰকাৰ-সংশ্লিষ্ট কর্তৃপক্ষক

publisher by publisher
May 23, 2024
in India, Assam, News
Reading Time: 4 mins read
0
Kamakhya Temple:শুকাই যাব কামাখ্যাৰ মূল গৰ্ভৰ জলাধাৰ !
1
SHARES
11
VIEWS
ShareShareShareShare

Kamakhya Temple:

ADVERTISEMENT

বহুচৰ্চিত কামাখ্যা কৰিড’ৰ প্রকল্পই শক্তিপীঠৰ ঐতিহ্যত বিৰূপ প্রভাব পেলাব পাবে। দেশ-বিদেশ ভক্তৰ বাবে আশীর্বাদ অৰু আগ্রহৰ কেন্দ্রবিন্দু কামাখ্যা মন্দিৰৰ মূল গৰ্ভত থকা অবিনশ্বৰ জলাধাৰ শুকাই যাব পাৰে কামাখ্যা কৰিড’ৰ প্ৰকল্পৰ বাবে। নির্মাণকাৰী প্রতিষ্ঠান এল এণ্ড ‘টিক ইতিমধ্যে গতাই দিয়া এই প্রকল্পটোৰ নির্মাণ কাৰ্য
আৰম্ভ হোৱাৰ প্ৰাকক্ষণত মন্দিৰৰ মূল গৰ্ভত থকা পবিত্ৰ জলাধাৰ শুকাই যোৱাৰ আশংকা কৰি এই নির্মাণ কাৰ্যৰ বিৰুদ্ধাচৰণৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কামাখ্যা ধামৰ বৰদেউৰী সমাজ।

RelatedPosts

Leopards roam in Kamakhya:মহানগৰীৰ ৰাজপথত বনৰজাৰ বিচৰণ

Ed Raids In Kamakhya:কামাখ্যাত EDৰ অভিযান

GH court heard the case of felling of trees in Dighalipukhuriদীঘলীপুখুৰীত গছ কটাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল

গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰদেউৰী সমাজৰ হৈ নৱজ্যোতি শর্মাই দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ ওপৰত শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই প্রকল্পৰ প্রসংগত অসম

kamkhya karidorচৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় প্রত্নতাত্ত্বিক বিভাগ আৰু নিৰ্মাণৰ নিবিদা লাভ কৰা এল এগু টিলৈ জাননী জাৰি কৰিছে। আটাইকেইটা পক্ষকে অহা তিনি জুনৰ ভিতৰত এই প্রকল্পটোক লৈ বৰদেউৰী সমাজে প্ৰকাশ কৰা আশংকা সন্দর্ভত সকলো তথ্য শপতনামা আকাৰে দাখিল কৰিবলৈ ন্যায়ালয়ে নির্দেশ দিছে।

ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ প্ৰসংগত অনুষ্ঠিত শুনানিৰ অন্তত ন্যায়ালয়ে সংশ্লিষ্ট পক্ষসমূহলৈ জাননী জাৰি কৰাৰ কথা সদৰী কৰি গুচৰীয়া পক্ষৰ অধিবক্তা উপমন্যু হাজৰিকাই ‘দৈনিক অগ্রদূত’ক কয় যে ইতিমধ্যে এল এণ্ড টি নামৰ প্রতিষ্ঠানটোক চাৰিশ কোটি টকাৰ নিবিদা অনুসৰি কামৰ দায়িত্ব প্রদান কৰা হৈছে। জ্যেষ্ঠ অধিবক্তাজনে কয়, ‘কামাখ্যা মন্দিৰকে ধৰি সমগ্র নীলাচল ভূমিয়েই পবিত্র স্থল। প্রত্নতাত্ত্বিক বিভাগে কামাখ্যা ধামৰ প্ৰসংগত ইতিমধ্যে কৈছে যে বিগত দুহেজাৰ বছৰ ধৰি কামাখ্যা মন্দিৰত অবিৰতভাৱে পূজা-অর্চনা চলি আহিছে।

বিগত ১৫শ বছৰত কমেও তিনিবাৰকৈ কামাখ্যা মন্দিৰৰ আন্তঃগাঁথনিত বদ-বদলো কৰা হৈছে। শক্তিৰ উপাসকসকলৰ বাবে আধ্যাত্মিকতাৰ কেন্দ্ৰস্বৰূপ কামাখ্যা কৰিড’ৰ হ’ব পাঁচটা পৰ্যায়ত। মূল মন্দিৰ চৌহদত হ’বলগীয়া এই প্ৰকল্পৰ ৰূপায়ণৰ ফলত মন্দিৰৰ কাষতে থকা দোকান-পোহাৰ বা মূল মন্দিৰৰ আশে-পাশে থকা আন্তঃগাঁথনিসমূহো ভঙা-ছিঙা কৰা হ’ব আৰু নতুনকৈ বিভিন্ন ক্ষেত্ৰ নিৰ্মাণৰ বাবে কামাখ্যা মন্দিৰৰ কাষৰীয়া অঞ্চলত বহু দ’লৈকে খন্দাও হ’ব। প্রকল্প অনুসৰি এশ-তিনিশ ফুট পর্যন্ত খন্দা হ’ব কামাখ্যাৰ ভূ-খণ্ড।’

খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ত দীঘলীয়া আইনী যুঁজ অব্যাহত ৰখা জ্যেষ্ঠ অধিবক্তা হাজৰিকাই পুনৰ কয়, ‘কামাখ্যা মন্দিৰৰ অন্তৰ্ভাগত ভক্তই যি দৰ্শন কৰিবলৈ যায় তথা মন্দিৰৰ মূল দর্শন হোৱা স্থানত থকা মূল জলাধাৰৰ পানী এনে নির্মাণ কার্যত শুকাই যাব পাৰে বুলি আশংকা কৰা হৈছে

কামাখ্যা মন্দিৰৰ আশে-পাশে থকা ভৈৰৱী মন্দিৰ, মা-তাৰা মন্দিৰ, মা কালী মন্দিৰ, ছিন্নমস্তা মন্দিৰ, কামেশ্বৰ মন্দিৰকে ধৰি দেৱীৰ দশমহাবিদ্যাৰ মন্দিৰসমূহৰো চৌপাশে খনন চলোৱাৰ ফলত ইয়াৰ কু-প্ৰভাৱ পৰিব পাৰে মা কামাখ্যা মন্দিৰৰ গৰ্ভত থকা জলাধাৰত। সেয়েহে কামাখ্যা কৰিড’ৰ প্ৰকল্পটোক লৈ সকলোৱে শংকা প্রকাশ কৰিছে যে এনেবোৰ নিৰ্মাণ কাৰ্যৰ ফলত মূল মন্দিৰৰ গহ্বৰত থকা জলাধাৰ শুকাই যাব পাৰে।

অথচ কামাখ্যা মন্দিৰৰ মূল ঐতিহ্য, আকৰ্ষণ আৰু ভক্তসকলৰ মূল ভক্তিৰ কেন্দ্ৰবিন্দুৱে হ’ল এই জলাধাৰ। অথচ এই জলাধাৰ নতুন নিৰ্মাণৰ পার্শ্বক্রিয়াত অক্ষত অৱস্থাত থাকিবনে নাই সেই সন্দৰ্ভত কোনো ধৰণৰ হাইড্র’লজিকেল অধ্যয়ন হোৱা নাই। গতিকে এনেধৰণৰ অধ্যয়ন অবিহনে এল এণ্ড টিক চাৰিশ কোটি টকাৰ নিবিদা প্রদানৰে কামাখ্যা কৰিড’ৰ নিৰ্মাণ কৰিবলৈ যি দায়িত্ব প্রদান কৰা হৈছে, এনে তৎপৰতাৰ বিৰুদ্ধে ন্যায়ালয়ত পিআইএলখন দাখিল কৰা হৈছে।’

জ্যেষ্ঠ অধিবক্তাজনে এই কথাও কয় যে কামাখ্যা মন্দিৰ চৌহদটো আজিলৈকে প্রত্নতাত্ত্বিক বিভাগৰ দ্বাৰা সুৰক্ষিত অঞ্চল নহয়। প্রত্নতত্ত্ব সম্পৰ্কত এখন ৰাজ্যিক পৰ্যায়ত আৰু এখন ৰাষ্ট্ৰীয় পৰ্যায়ত মুঠতে দুখনকৈ আইন আছে যদিও কোনো এখন আইনৰ অধীনত আজিলৈকে কামাখ্যা মন্দিৰ চৌহদক সুৰক্ষিত অঞ্চল কৰা নহ’ল।

আবেদনকাৰীৰ হৈ ন্যায়ালয়ত যুক্তি দর্শোৱা অধিবক্তা হাজৰিকাই এই প্রসংগত কয়, ‘কামাখ্যা মন্দিৰ চৌহদক সুৰক্ষিত অঞ্চল ঘোষণা কৰা হ’লে আইনৰ অধীনত মূল মন্দিৰৰ এশ মিটাৰ নিলগলৈ কোনো ভঙা-ছিঙা কৰিব নোৱাৰে বা নতুনকৈ নির্মাণ কার্যও চলাব নোৱাৰে।

সুৰক্ষিত অঞ্চল ঘোষণা হ’লে মন্দিৰ চৌহদত নিৰ্মাণ কাৰ্যৰ স্বাৰ্থত কোনো ধৰণৰ খননো কৰিব নোৱাৰিলেহেঁতেন। প্রত্নতাত্ত্বিক বিভাগে কামাখ্যা মন্দিৰ থকা পাহাৰখনৰ নামনি অঞ্চল আৰু কামাখ্যা গেটকহে সুৰক্ষিত অঞ্চল ঘোষণা কৰিছে যদিও মূল মন্দিৰটোক সুৰক্ষিত অঞ্চলৰূপে ঘোষণা কৰা নাছিল। সেয়েহে কামাখ্যা মন্দিৰক যাতে সুৰক্ষিত অঞ্চল ঘোষণা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক যাৱতীয় নির্দেশ দিয়া হয়, তাৰ বাবে আবেদনকাৰীয়ে ন্যায়ালয়ত আবেদন জনাইছিল।’

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনত ন্যায়ালয়ক বৰদেউৰী সমাজৰ হৈ এই বুলি আবেদন জনোৱা হৈছে যাতে তৎকালে ১৯৫৯ৰ ‘আছাম এনচিয়েন্ট মনুমেন্ট এণ্ড ৰেকৰ্ডছ এক্ট’ৰ অধীনত সমগ্র কামাখ্যা মন্দিৰ চৌহদটোকে সুৰক্ষিত অঞ্চলৰূপে ঘোষণা কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়া হয়।

উল্লেখ্য যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কামাখ্যা মন্দিৰৰ আন্তঃগাঁথনি, মন্দিৰলৈ নামনিৰ পৰা সহজতে অহা-যোৱা কৰাৰ সুব্যৱস্থা আদিকে ধৰি বিভিন্ন আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে গ্রহণ কৰা কামাখ্যা কৰিড’ৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ – দায়িত্ব ইতিমধ্যে এল এণ্ড টিক অর্পণ কৰা হৈছে যদিও এই ঐতিহ্যমণ্ডিত মন্দিৰটোৰ চৌহদত ভঙা-পতা কৰাৰ পূৰ্বে চৰকাৰ-কর্তৃপক্ষই কোনো ধৰণৰ জল সম্পর্কীয়, গাঁথনি সম্পর্কীয় আৰু পৰিৱেশ সম্পৰ্কীয় অধ্যয়ন কৰা নাই বুলি আবেদনকাৰীয়ে ৰাজহুৱা স্বার্থজড়িত আবেদনখনত স্পষ্টভাবে উল্লেখ কৰিছে।

উল্লেখ্য যে কামাখ্যা কৰিড’ৰ প্ৰকল্পৰ অধীনত নামনিৰ পৰা মন্দিৰলৈকে ৰ’পৱে পৰিবহণৰো ব্যৱস্থা কৰাৰ প্ৰস্তাৱ আছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Againt PilKamakhya Carridor PrajectKamakhya TempleSinior Advocate Abhimunya Hazarika
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d