Lakhipur Solar Powerd Fence:মানৱ-হাতী সংঘাত জৰ্জৰিত বেছৰকণাৰ মহিলাসকলক সৱলীকৰণ কৰা ‘আয়ুসৰেখা’ডাল

main foto ooo

Lakhipur Solar Powerd Fence :

বন্যহস্তীৰ উপদ্ৰৱৰ বাবে দীৰ্ঘদিন ধৰি তীব্ৰ মানসিক পীড়া আৰু অস্তিত্বৰ সংকটত জীয়াই থকিব লগা হোৱা গোৱালপাৰা জিলাৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত দুৰ্গম বেছৰক’ণা কোঁচপাৰাৰ গাঁওবাসীয়ে সম্প্ৰতি শান্তিৰে বাস কৰিব পাৰিছে। তেওঁলোকৰ মুখলৈ এতিয়া হেৰুৱা হাঁহি ঘূৰি আহিছে ।

বন্যহস্তীৰ পৰা আমাৰ গাঁওখন আৰু ইয়াৰ আৱাসীসকলক সুৰক্ষা দিয়া সৌৰ শক্তি-চালিত এডলীয়া তাঁৰৰ এখন বেৰে গাওঁবাসীক এক নতুন জীৱন দান দি তেওঁলোকৰ সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিছে । এই বেৰখন আমাৰ গাওঁবাসীৰ কাৰণে আয়ুসৰেখাতকৈ কম নহয় । জিলাখনৰ লক্ষীপুৰ মহকুমাৰ সদৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত অৱস্থিত বেছৰকণা কোঁচপাৰাৰ এগৰাকী অগ্ৰণী মহিলা, দুগৰাকী নাবালিকা কন্যাৰ মাতৃ কিংগিছ কোঁচে এইদৰে কয় ।

মানৱ-হাতী সংঘাতৰ ক্ৰমবৰ্ধমান ঘটনাৰ বাবে অঞ্চলটোৰ মহিলাসকল অতি ভীত-সন্ত্ৰস্ত হৈ থাকিব লগা হৈছিল । তেওঁলোকে সূৰ্যাস্তৰ লগে লগে নিশাৰ আহাৰ ৰান্ধি-বঢ়াৰ লগতে ঘৰৰ সকলো কাম-বন কৰি শেষ কৰিবলৈ বাধ্য হৈছিল, কাৰণ আন্ধাৰ হোৱাৰ পাছতে গাঁৱত বন্যহস্তীৰ জাকৰ প্ৰৱেশৰ পাছত কি অৱস্থাৰ সৃষ্টি হয় সেই কথা কোনেও নাজানিছিল ।

খাদ্যৰ সন্ধানত গাঁৱত প্ৰৱেশ কৰা বন্যহস্তীয়ে নিশা এটাৰ পাছত এটাকৈ ঘৰ ভাঙি তহিলং কৰাৰ ঘটনা গাঁওবাসীৰ কাৰণে প্ৰায় নৈমিত্তিক ঘটনা আছিল । গাঁৱৰ পুৰুষ সকল বন্যহস্তী খেদোৱাৰ কামত ব্যস্ত হৈ থাকিবলগা হোৱাৰ সময়ত মহিলাসকলে ঘৰৰ শিশু আৰু বয়সস্থ সকলক একগোট কৰি নিৰাপদ স্থানলৈ পলাব লগা হৈছিল ।

মানৱ-হাতী সংঘাত প্ৰশমন আৰু সহাৱস্থানক উদগনি যোগোৱাৰ নিৰলস প্ৰচেষ্টাৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ইউ এছ এফ ডব্লিউ এছ আৰু বন বিভাগৰ গোৱালপাৰা বন সংমণ্ডলৰ সহযোগত চলিত বৰ্ষৰ এপ্ৰিল মাহত বেছৰকণা আৰু ১ নং পুখুৰীপাৰা গাঁৱক সামৰি ২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন এডলীয়া তাঁৰ বিশিষ্ট সৌৰশক্তি চালিত বেৰা স্থাপন কৰে । বেছৰকণাৰ বেৰ খনৰ দৈৰ্ঘ্য ১.৬ কিলোমিটাৰ ।

এই বেৰখনৰ স্থাপনত গাঁৱৰ মহিলাসকলৰ ভূমিকাক প্ৰশংসা কৰি আৰণ্যকৰ হস্তী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ প্ৰধান বিজ্ঞানী ড: বিভূতি প্ৰসদ লহকৰে কয়, অঞ্জন বৰুৱাৰ নেতৃত্বত আৰণ্যকৰ কাৰিকৰী দলৰ তত্বাৱধানত কৰা কম খৰচী এই সৌৰ-বেৰখনৰ স্থাপনত কিংগিছ কোঁচ, নীলিমা কোঁচ, মেনকা কোঁচ, পিমিলা কোঁচৰ দৰে একাংশ মহিলাই পুৰুষসকলৰ সমানে আগভাগ গ্ৰহণ কৰিছিল । এইদৰে আগবাঢ়ি অহা প্ৰায় ১৮ গৰাকী মহিলাই আনকি বেৰখনৰ বাবে গছৰ কুন্দা কান্ধত ভাৰ বৈ আনিছিল” ।

কিংগিছ কোঁচে কয়, “ আমাৰ বাবে আয়ুসৰেখা হৈ পৰা এই কম খৰচী সৌৰ বেৰখনে আমাৰ জীৱন আৰু ঘৰবোৰক সুৰক্ষা দিয়াই নহয় গাঁৱৰ মহিলাসকলৰ সৱলীকৰণতো সহায় কৰিছে; যাৰ বাবে মহিলাসকলে ঘৰুৱা কাম-বনৰ উপৰিও নিৰ্ভয়ে নিজৰ পছন্দৰ জীৱিকাৰ কাম কৰিব পাৰিছে । আমি এতিয়া মুকলি মনেৰে ঘৰুৱা উদ্যানশস্য আৰু বোৱা-কটাৰ কাম কৰাৰ লগতে সন্তানৰ স্বাস্থ্য আৰু শিক্ষাত চকু দিব আৰু পৰিয়ালৰ অৰ্থনৈতিক অৱস্থাৰ উত্তৰণত অৰিহণা যোগাব পাঁৰো” ।

অন্য এগৰাকী অগ্ৰণী মহিলা নীলিমা কোঁচে কয় – মানৱ-হাতী সংঘাত জৰ্জৰিত পৰিৱেশত বিনিদ্ৰ নিশা কটোৱা আমি মহিলা সকলে এই সৌৰ বেৰখনে কেনেদৰে আমাৰ জীৱন সলনি কৰিব সেই কথা ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ আৰু সেয়ে বেৰখনৰ কামত পুৰুষসকলৰ সমানে সহায় কৰিছোঁ ।

সন্তুষ্টিভৰা হাঁহি মাৰি মেনকা কোঁচে কয়, “এই বেৰখন স্থাপনৰ পাছত আমাৰ জীৱনলৈ শান্তি ঘূৰি আহিছে; আমি যেন আমাৰ জীৱন ঘূৰাই পাইছোঁ। আমি এতিয়া শান্তিৰে খাব, শুব আৰু কাম কৰিব পাৰিছোঁ । গাঁৱৰ মহিলাসকলে আকৌ এবাৰ মুকলি মনেৰে হাঁহিব পাৰিছে, তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি ঘটিছে আৰু আতংক দূৰ হৈছে । মহিলাসকলৰ মুখৰ হাঁহিয়ে পৰিয়ালবোৰৰ মুখতো হাঁহি বিৰিঙাইছে” | এই সৌৰবেৰে গাঁওখনৰ ধৰ্মীয় আৰু সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰ কালী মন্দিৰটোকো বন্যহস্তীৰ পৰা সুৰক্ষিত কৰাৰ পাছত এতিয়া গাওঁখনত ধৰ্মীয় আৰু সাংস্কৃতিক কাম-কাজো বৃদ্ধি হৈছে ।

Exit mobile version