Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Who knows Gandhiji? গান্ধীজীক কোনে জানে !

# প্রাঞ্জলসেন ডেকা

publisher by publisher
June 3, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Who knows Gandhiji? গান্ধীজীক কোনে জানে !
2
SHARES
15
VIEWS
ShareShareShareShare

Who knows Gandhiji? গান্ধীজীক কোনে জানে !

# প্রাঞ্জলসেন ডেকা

মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণালৈ দেশবাসীয়ে অধীৰ আগ্ৰহৰে অপেক্ষা কৰিছে। তাৰ পূৰ্বেই শনিবাৰে নিৰ্বাচনৰ সপ্তম তথা অন্তিমটো পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে বিভিন্ন সংবাদ গোষ্ঠীয়ে প্ৰকাশ কৰা নিৰ্বাচনোত্তৰ সমীক্ষাই দেশত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ প্ৰত্যাৱৰ্তনৰ ইংগিত দিছে। স্বাভাৱিকতে এই সমীক্ষাই শাসক পক্ষ আৰু তেওঁলোকৰ সমৰ্থকসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে।

ADVERTISEMENT

অৱশ্যে একেদিনাই বিৰোধী ইণ্ডিয়া মর্চায়ো নতুন দিল্লীত বৈঠকত মিলিত হৈ সংহতি প্রকাশ কৰাৰ লগতে পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে। অৱশ্যে সমীক্ষা, দাবী আদিৰ সত্যাসত্য আৰু কেইঘণ্টামান পাছতে ওলাই পৰিব।

RelatedPosts

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

Rage :আপোনাৰ বছে সৰু সৰু কথাক লৈ খং কৰে নেকি ?

ফলাফল যিয়েই নহওক, এইবাৰৰ নিৰ্বাচন যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবেই দীর্ঘদিনলৈ স্মৰণীয় হৈ ৰ’ব তাত সন্দেহ নাই। এই প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰাৰ সময়ৰে পৰা প্রধানমন্ত্রী মোদীয়ে বিভিন্ন ধৰণৰ সংগতিহীন বিষয় উত্থাপন কৰি ভোট আদায়ৰ চেষ্টা চলোৱা পৰিলক্ষিত হয়। ১০ বছৰীয়া শাসন কালৰ উপলব্ধিসমূহ দেশবাসীৰ সন্মুখত দাঙি ধৰাৰ পৰিৱৰ্তে তেওঁ এনে কেতবোৰ বিষয় বাছি লয়, যিবোৰে সকলোকে হতবাক কৰি তোলে। হিন্দু মহিলাৰ মংগলসূত্র কাঢ়ি নি মুছলমানক বিতাৰণৰ পৰা আৰম্ভ কৰি ভোটবেংকৰ স্বাৰ্থত বিৰোধীয়ে মুজবা নৃত্য কৰালৈ, মাছ-মটন খোৱা আদিয়ে তেওঁৰ নির্বাচনী ভাষণৰ প্রধান বিষয়ত পৰিণত হয়।

তাৰ পৰিৱৰ্তে কৰ্মসংস্থাপনহীনতা, মূল্যবৃদ্ধি, দুর্নীতি আদিকে ধৰি সমগ্র দেশে সম্মুখীন হৈ অহা জ্বলন্ত সমস্যাসমূহে প্রধানমন্ত্রীৰ ভাষণত স্থান লাভ নকৰিলে। এনেবোৰ বিষয় লৈয়ে ২০৬ খনৰো অধিক সমাবেশ, ৰোড শ্ব’ আদিৰ শেষত কন্যাকুমাৰীত ধ্যান পৰ্বৰে মোদীয়ে নির্বাচনী প্রচাৰ অভিযানৰ সামৰণি মাৰে।

লক্ষ্যণীয়ভাবে বিগত ১০ বছৰত এখনো সংবাদমেল সম্বোধন নকৰা প্রধানমন্ত্রী মোদীয়ে এই নির্বাচনী প্রচাৰৰ কালছোৱাতে ৮০ টাৰো অধিক বিভিন্ন টিভি চেনেল তথা সংবাদপত্রক আছুতীয়া সাক্ষাৎকাৰ প্ৰদান কৰে। তাৰেই শেহতীয়া এক সাক্ষাৎকাৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ সম্পৰ্কত দাঙি ধৰা মোদীৰ এক ভাষ্যই যথেষ্ট বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। গান্ধীৰ অধ্যয়নকাৰীসকলৰ উপৰি বিৰোধী নেতৃত্বয়ো প্রধানমন্ত্রীৰ এনে ভাষ্য কেৱল চূড়ান্ত অসত্যই নহয়, উদ্দেশ্যপ্রণোদিত বুলি সমালোচনা কৰিছে।

উক্ত সাক্ষাৎকাৰত মোদীয়ে কয়, ‘মহাত্মা গান্ধী এক মহান ব্যক্তিত্ব আছিল। এই ৭৫ বছৰত মহাত্মা গান্ধীক সমগ্র পৃথিবীয়ে জানক, সেয়া নিশ্চিত কৰাটো আমাৰ দায়িত্ব নাছিল নেকি? কিন্তু তেওঁক কোনেও নাজানে, মোক ক্ষমা কৰিব। যেতিয়া ‘গান্ধী’ ছবিখন নির্মাণ হ’ল, তেতিয়াহে প্ৰথমবাৰলৈ উৎসুকতাৰ সৃষ্টি হ’ল যে এওঁ কোন? যদি মার্টিন লুথাৰ কিঙক পৃথিৱীয়ে জানে, যদি আমাৰ দক্ষিণ আফ্রিকাৰ নেলছন মেন্ডেলাক পৃথিবীয়ে জানে, গান্ধীজী এইসকলতকৈ কম নাছিল। এই কথা মানি ল’বই লাগিব। মই পৃথিৱী ভ্রমণ কৰি এই কথা কৈছো যে গান্ধী আৰু গান্ধীৰ মাধ্যমত ভাৰতে অধিক গুৰুত্ব পাব লাগিছিল।’

১৯৫০ত প্রকাশিত লুইছ ফিচাৰৰ ‘দ্য লাইফ অফ মহাত্মা গান্ধী’ শীর্ষক জীৱনীখন পঢ়ি প্রসিদ্ধ ব্রিটিছ চলচ্চিত্র পৰিচালক ৰিচাৰ্ড এটেনবড়ো মহাত্মা গান্ধীৰ প্ৰতি গভীৰভাৱে আকর্ষিত আৰু উৎসুক হৈ পৰে। এই গ্ৰন্থখনৰ আধাৰতে ১৯৬২ত তেওঁ গান্ধীৰ জীৱনক লৈ এখন ছবি নির্মাণৰ সিদ্ধান্ত গ্রহণ কৰে। এই উদ্দেশ্যে তেওঁ ১৯৬৩ ত ভাৰতলৈ আহি তদানীন্তন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুক সাক্ষাৎ কবে। নেহৰুৱে তেওঁৰ এই প্রচেষ্টাক শলাগ লৈ ছবিখনত গান্ধীৰ মহত্ত্বৰ লগতে দুর্বলতা আৰু ত্রুটিসমূহো দাঙি ধৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

তাৰ জৰিয়তেহে গান্ধীৰ জীৱনৰ প্ৰকৃত মহত্ত্ব ফুটি উঠিব বুলিও নেহৰুৱে মন্তব্য কৰে। অৱশেষত ১৯৮০ত ছবিখনৰ নিৰ্মাণ আৰম্ভ হয়। ছবিখনৰ বাবে তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে ভাৰত চৰকাৰৰ অধীনস্থ এনএফডিচি (ৰাষ্ট্রীয় ফিল্ম ডেভেলপমেন্ট কাউন্সিল)ৰ পৰা চাৰে ছয় নিযুত ডলাৰৰ পুঁজি আগবঢ়ায়। কোনো ছবি নির্মাণৰ বাবে এনএফডিচিয়ে আগবঢ়োৱা পুঁজি এয়াই আছিল সর্বাধিক।

উল্লেখ্য যে ছবিখনৰ মুঠ বাজেট আছিল ২২ নিযুত ডলাৰ । ১৯৮২ৰ নৱেম্বৰত মুক্তি লাভ কৰা এটেনবড়োৰ ‘গান্ধী’য়ে ১৯৮৩৩ ১১ টাকৈ অস্কাৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে আৰু শ্রেষ্ঠ ছবি, শ্রেষ্ঠ পৰিচালক, শ্রেষ্ঠ অভিনেতাকে ধৰি আঠটাকৈ বঁটা লাভ কৰে। ইংলেণ্ড, আমেৰিকাকে ধৰি বিশ্বৰ অধিকাংশ দেশতে প্রদর্শিত হোৱা ‘গান্ধী’ ব্যৱসায়িকভাবেও সফল আৰু উচ্চ প্রশংসিত হৈছিল। অস্কাৰ বঁটা গ্রহণ কৰি পৰিচালক এটেনবড়োৱে কৈছিল, ‘ইয়াৰ জৰিয়তে আপোনালোকে প্রকৃতার্থত গান্ধীক সম্মানিত কৰিলে। লাখ লাখ লোকৰ বাবে তেওঁ প্ৰেৰণাৰ উৎস।

এই সকলোবোৰৰ ভিতৰত মোৰ বাবে আটাইতকৈ অসাধাৰণ অনুভৱ এয়ে যে গান্ধী আজিও প্ৰেৰণাৰ উৎস। আপোনালোকৰ মহান নায়ক মার্টিন লুথাৰ কিং জুনিয়ৰেও মহাত্মা গান্ধীৰ পৰাই প্ৰেৰণা লাভ কৰিছিল।’ বঁটা গ্রহণ কৰি দিয়া ভাষণত পৰিচালকগৰাকীয়ে আৰু কৈছিল যে পোলেণ্ডৰ জাতীয়তাবাদী নেতা লেক বলেছাই কাৰাগাৰৰ পৰা মুক্তি লাভৰ পাছত বুজিব পাৰিছিল যে তেওঁলোকে যি পন্থা গ্রহণ কৰি আছিল তাৰ দ্বাৰা একো লাভ নহ’ব। বলেছাই সেয়েহে স্বীকাৰ কৰিছিল যে মানবীয় মর্যাদা আৰু শান্তিৰ একমাত্র পথ হৈছে মহাত্মা গান্ধীয়ে দেখুৱাই থৈ যোৱা পথ। এই কথা উনুকিয়াই এটেনবড়োৱে আৰু কৈছিল, ‘গান্ধীজীয়ে কৈছিল যে যদি আমি অহিংসাৰ পথত চলো তেন্তে সমস্যা সমাধানৰ উপায় আমি গ্রহণ কৰি অহা পথতকৈ পৃথক হ’ব। মই ধাৰণা কৰো পৃথিৱীৰ সকলোৰে বাবে গান্ধীয়ে কোনো নহয় কোনো এটা বার্তা দি গৈছে।’

এই ছবি নির্মাণৰ পূর্বেও মহাত্মা গান্ধীক লৈ ছবি নির্মাণৰ প্রচেষ্ট চলিছিল। ১৯৬৮ত ভাৰত চৰকাৰৰ ফিল্ম ডিভিজনে গান্ধীৰ সম্পৰ্কত এখন পাঁচঘণ্টীয়া তথ্যচিত্র নির্মাণ কৰিছিল। কিন্তু প্রধানমন্ত্রী মোদীয়ে কোৱাৰ দৰে ‘গান্ধী’ ছবিৰ প্ৰদৰ্শনৰ পাছতহে নহয়, বৰঞ্চ ১৯২০ৰ দশকৰ পৰাই মহাত্মা গান্ধী বিশ্বত পৰিচিত হৈছিল। তেতিয়াৰ পৰাই আন্তর্জাতিক সংবাদ মাধ্যম তথা অন্যান্য তথ্য-পাতিয়ে পশ্চিম বিশ্বত গান্ধীৰ জনপ্রিয়তা প্রমাণ কৰে। গতিকে ১৯৮২ৰ ‘গান্ধী’ ছবিৰ পাছতহে তেওঁক লৈ আগ্ৰহৰ সৃষ্টি হোৱা বুলি মোদীয়ে কোৱাটো অবান্তৰ বুলিয়ে চর্চিত হৈছে।

‘ইয়ং ইণ্ডিয়া’ আলোচনীত লিখা তিনিটা প্ৰবন্ধৰ বাবে ১৯২২ৰ ১৩ মাৰ্চত গান্ধীক ব্রিটিছ চৰকাৰে আহমেদাবাদত গ্ৰেপ্তাৰ কৰাৰ বিষয়ে লণ্ডনৰ পৰা প্ৰকাশিত ব্রিটিছ কাকতত প্রকাশ পায়। তেতিয়াৰে পৰাই আন্তর্জাতিক সংবাদ মাধ্যমত গান্ধীয়ে গুৰুত্ব লাভ কৰি আহিছে। ১৯৩০ ত পৃথিবী বিখ্যাত ‘টাইম’ আলোচনীয়ে গান্ধীক ‘মেন অব দ্য ইয়েৰ’ৰূপে বাছনি কৰি বেটুপাতত ছবিৰ লগতে ‘ছেইণ্ট গান্ধী’ শীর্ষক প্রচ্ছদ নিবন্ধ প্রকাশ কৰে। ‘টাইম’ব ‘মেন অৱ দ্য ইয়েৰ ৰূপে স্থান লাভ কৰা গান্ধীয়েই এই পর্যন্ত একমাত্ৰ ভাৰতীয়। ইয়ে গান্ধীয়ে যে কেৱল ইংলণ্ডতে নহয়, আমেৰিকাতো প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল তাকেই স্পষ্ট কৰে।

তাৰ পাছতো জীবিত কালতে গান্ধীয়ে ‘টাইম’ৰ প্রচ্ছদত দুবাৰকৈ স্থান লাভ কৰে। তদুপৰি আলোচনীখনে তেওঁক বিশ্বৰ ৰাজনৈতিক ক্ষেত্ৰৰ ২৫গৰাকী আদৰ্শৰ প্রতীকৰ তালিকাত অন্তর্ভুক্ত কৰে। ১৯৩১ত মার্কিন সংবাদপত্রই গান্ধীক ‘বিশ্বৰ সবাতোকৈ চর্চিত ব্যক্তি’ আখ্যাৰে বৃহৎ পৰিসৰত লেখা প্রকাশ কৰে। যঁতৰত সূতা কাটি থকা গান্ধীৰ সর্বাধিক প্রচাৰিত ছবিখনো ১৯৪৬ত তুলিছিল আমেৰিকান ফটোগ্রাফাবেই। এনেদৰে বিশ্বৰ সকলো আগশাৰীৰ সংবাদপত্রই গান্ধীৰ বিষয়ে যথেষ্ট গুৰুত্বসহকাৰে সংবাদ প্রকাশ কৰি আহিছে। সেয়ে নহয়, ১৯৩০ৰ দশকতে ন’বেল শান্তি বঁটাৰ বাবে গান্ধীৰ নাম কমেও তিনিবাৰ আৰু পৰৱৰ্তী দশকত দুবাৰসহ মুঠতে পাঁচবাৰকৈ চৰ্চালৈ আহিছিল।

ক্রমে ১৯৩৭, ১৯৩৮, ১৯৩৯, ১৯৪৭ আৰু ১৯৪৮ত গান্ধীৰ নাম ন’বেল শান্তি বঁটাৰ বাবে প্রস্তাৱ কৰা হৈছিল আৰু লক্ষ্যণীয়ভারে তেওঁব নাম প্রস্তাৱ কৰা ব্যক্তি তথা সংগঠনসমূহ আছিল ইউৰোপ আৰু আমেৰিকাৰ প্রভাৱশালী সংগঠন। অৱশ্যে তেওঁৰ নাম এই বঁটাৰ বাবে নির্বাচিত নহ’লেও সমগ্র বিশ্বত গান্ধীৰ প্রভাৱ তথা জনপ্ৰিয়তাৰ হীন-ডেড়ী ঘটা নাছিল ৷

মহাত্মা গান্ধীয়ে নিজৰ জীৱনকালত আৰু পৰৱৰ্তী সময়তো মানৱাধিকাৰৰ বাবে সংগ্ৰাম কৰি অহা বহু অগ্রণী ব্যক্তিত্বক অনুপ্রাণিত কৰি আহিছে। সেইসকলৰ ভিতৰত সকলোতকৈ অগ্রণী নেতা আছিল মার্কিন যুক্তৰাষ্ট্রৰ বর্ণবৈষম্য বিৰোধী আন্দোলনৰ নেতা মার্টিন লুথাৰ কিং জুনিয়ৰ। ‘মাই পিলগ্রিমেজ টুনন ভায়’লেন্স’ শীর্ষক গ্রন্থত মার্টিন লুথাৰে লিখি গৈছে, ‘শোষিত-বঞ্চিতক উদ্ধাৰৰ বাবে প্ৰতিটো সংগ্রামত গান্ধীয়ে প্রদর্শন কৰি থৈ যোৱা পথেই সবাতোকৈ নৈতিক আৰু ন্যায্য। ভগৱানে আমাক পথ দেখুৱাইছে আৰু গান্ধীয়ে সংগ্ৰামৰ আঁচনি প্রস্তুত কৰি দিছে।’

উল্লেখ্য যে মার্কিন যুক্তৰাষ্ট্ৰৰ আটলান্টাত মার্টিন লুথাৰে শৈশৱকাল কটোৱা গৃহটোক সংগ্রহালয়ৰূপে গঢ়ি তোলা হৈছে। ইয়াৰ প্ৰাংগণতে আছে গান্ধীৰ প্রতিমূর্তি। গান্ধীৰ জীৱন আৰু অহিংসা নীতিয়ে তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পেলোৱাৰ উপৰি তেওঁক মার্গদর্শন কৰিছে বুলি মার্টিন লুথাৰে বিভিন্ন সময়ত কৈ গৈছে। তেওঁৰ ৰাজনৈতিক পৰিক্ৰমাত গন্ধীৰ নীতিৰ প্রভাৱ স্পষ্টরূপে পৰিলক্ষিত হয়; অথচ প্রধানমন্ত্রী মোদীয়ে কৈছে যে বিশ্বই মার্টিন লুথাৰ কিঙক জানে, কিন্তু মহাত্মা গান্ধীক নাজানে।

লক্ষ্যণীয়ভাবে মোদীয়ে উল্লেখ কৰা আনজন নেতা নেলছন মেন্ডেলা আফ্রিকাৰ গান্ধীৰূপেও জনাজাত। দক্ষিণ আফ্রিকাৰ বৰ্ণ-বৈষম্য বিৰোধী আন্দোলনৰ বাবে সুদীর্ঘ ২৮ বছৰ কাল ধৰি কাৰাবাস খটা মেণ্ডেলাই গান্ধীৰ অহিংসা নীতিকে অনুসৰণ কৰি অহা হেতুকে এনে উপাধি লাভ কৰিছিল। ১৯০৬ৰ ১১ ছেপ্টেম্বৰত বৰ্ণ বৈষম্যৰ প্ৰতিবাদত দক্ষিণ আফ্রিকাৰ জোহান্সবার্গত গান্ধীয়ে প্ৰথমবাৰলৈ সত্যাগ্রহ আন্দোলন আৰম্ভ কৰাৰ শতবর্ষ পূর্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত ৮৮ বছৰীয়া মেণ্ডেলাই মহাত্মা গান্ধীক এক ‘পবিত্র যোদ্ধা’ আখ্যা দিছিল। বিশ্বৰ বহু ৰাষ্ট্ৰনেতা, অগ্রণী সামাজিক কর্মী, ন’বেল জয়ী আদিয়ে অংশগ্রহণ কৰা অনুষ্ঠানত মেণ্ডেলাই কৈছিল যে গান্ধীয়ে নীতি আৰু নৈতিকতাৰ বলতে ইংৰাজৰ সম্মুখত আপোচ নকৰাকৈ যুদ্ধ জয় কৰিবলৈ সক্ষম হৈছিল।

তেনেদৰেই বিংশ শতিকাৰ মহানতম বিজ্ঞানী এলবার্ট আইনস্টাইন, ন’বেল জয়ী ফৰাচী দার্শনিক বোমা বোলাঁ আদিব দৰে বহু বিখ্যাত ব্যক্তিত্বৰ ওপৰত মহাত্মা গান্ধীৰ জীৱন আৰু আদৰ্শৰ গভীৰ প্ৰভাৱ পৰিছে। ১৯২৪ত ৰোমা বোলাই তেওঁৰ গ্ৰন্থত প্ৰথমবাৰলৈ গান্ধীৰ সম্পৰ্কত আলোচনা আগবঢ়ায়। তাৰ পাছতে ব্রাজিলৰ শিক্ষাবিদ মাৰিয়া লাচার্ডা ডে মৌৰাই তেওঁৰ যুদ্ধবিৰোধী গ্রন্থত গান্ধীৰ দৰ্শনক লৈ আলোচনা কৰে। ১৯৩০ত ছোমালিলেণ্ডৰ ৰাজনৈতিক কর্মী ফাৰাহ ওমৰে ভাৰতলৈ আহি গান্ধীক সাক্ষাৎ কৰে আৰু উভতি গৈ তেওঁৰ অহিংস নীতিবে স্বদেশৰ মুক্তিৰ আন্দোলনত জঁপিয়াই পৰে।

ইটালীৰ দার্শনিক লাঞ্জা ডেল ভাস্তোবে ১৯৩৬ত ভাৰতলৈ আহি গান্ধীক সাক্ষাৎ কৰে আৰু উভতি গৈ ইউৰোপত তেওঁৰ অহিংস নীতিৰ প্ৰচাৰত নামি পৰে। গান্ধীৰ জীৱন আৰু বিচাৰধাৰাৰ প্ৰতি পশ্চিম বিশ্ব কিদৰে আগ্রহী হৈ উঠিছিল সেয়া ইউৰোপ-আমেৰিকাৰ বহু অগ্রণী ব্যক্তিত্বই গান্ধীক ব্যক্তিগতভাবে সাক্ষাতৰ বাবে তৎপৰ হোৱাৰ তথ্য ইতিহাসে দাঙি ধৰে। তেনে এগৰাকী ব্যক্তি আছিল সেই সময়ৰ বিশ্বৰ সবাতোকৈ বিখ্যাত ব্যক্তি চার্লি চেপলিন। ১৯৩১ৰ ২২ ছেপ্টেম্বৰত অভিনেতা-পৰিচালক চেপলিনে লণ্ডনত গান্ধীক সাক্ষাৎ কৰে। চেপলিনৰ সবাতোকৈ চর্চিত ছবিসমূহৰ অন্যতম ‘দ্য গ্রেট ডিক্টেটৰ’ত দৃষ্টিগোচৰ হয় গান্ধীৰ দৰ্শনৰ জিলিকনি। ছবিখনত একনায়কত্ববাদী হিটলাৰৰ ক্রুব মানসিকতাৰ বিপৰীতে গান্ধীৰ অহিংসা নীতিক উপস্থাপন কৰে চেপলিনে।

এই সাক্ষাৎ আৰু দুয়োৰে মাজত হোৱা মত বিনিময়ৰ সম্পৰ্কত চার্লি চেপলিনে তেওঁৰ আত্মজীৱনীত বিস্তৃতভাবে উল্লেখ কৰি গৈছে। আনহাতে, আইনষ্টাইন আৰু গান্ধীৰ পত্র বিনিময় আজিও বিশ্বৰ বিভিন্নজনৰ আগ্ৰহৰ বিষয়। ১৯৩১ত আইনষ্টাইনে গান্ধীলৈ এক পত্ৰত লিখিছিল, ‘আপুনি আপোনাৰ শব্দৰ দ্বাৰাই প্ৰমাণ কৰিছে যে অহিংসাৰ দ্বাৰাই সেইসকলকো জয় কৰাটো সম্ভৱ যিসকলে হিংসাক নাকচ কৰা নাই। আশা কৰো আপোনাৰ এই দৃষ্টান্তই দেশৰ সীমা অতিক্ৰম কৰি বিস্তৃতি লাভ কৰিব।’ তেওঁ লগতে গান্ধীক ব্যক্তিগতভাবে সাক্ষাতৰো আগ্রহ প্রকাশ কৰে। পৰৱৰ্তী সময়তো ১৯৩৯ ত গান্ধীৰ ৯০ সংখ্যক জন্মদিনত আইনষ্টাইনে তেওঁৰ বিষয়ে এইদৰে লিখে, অনাগত প্রজন্মবোৰে হয়তো এই কথা বিশ্বাস কৰিবলৈ টান পাব যে তেজ-মঙহৰ এনেকুৱা এজন ব্যক্তি কেতিয়াবা এই পৃথিৱীত আছিল।’

‘গান্ধী’ ছবিৰ পূৰ্বেও গান্ধীক ব্যক্তিগত আৰু আঁতৰৰ পৰা জনা বিশিষ্ট ব্যক্তিসকলৰ আন কেইগৰাকীমান আছিল ক্রমে- লিও টলষ্টয়, জর্জ বার্নার্ড শ্ব’, হো চি মিন, জন লেনন, পার্ল এছ বাক আদি। যেতিয়াই মহাত্মা গান্ধীয়ে ব্ৰিটিছ চৰকাৰৰ স’তে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণৰ উদ্দেশ্যে লণ্ডন ভ্রমণ কৰিছিল, তেতিয়াই তেওঁক ইউৰোপৰ অন্যান্য দেশে আমন্ত্রণ কৰি নি বিপুল আদৰণি জনোৱাটো এক পৰম্পৰাত পৰিণত হৈছিল। ১৯৩১ত তেওঁ এনে আক্রমণক্রমে পেৰিছ, ছুইজাৰলেণ্ড, ইটালী আদি দেশ ভ্রমণ কৰে। এনেবোৰ যাত্রাৰ সময়ত তেওঁ প্রতিটো স্থানতে যথেষ্টসংখ্যক অনুৰাগীৰ ভিৰৰ সম্মুখত ভাষণ দিছিল। তেনেদৰে তেওঁ সেই সময়ছোৱাৰ সমগ্ৰ বিশ্বৰ চর্চিত আৰু জনপ্রিয় ব্যক্তিত পৰিণত হৈছিল।

পৃথিৱীৰ কমেও এশখন দেশত গান্ধীৰ প্ৰতিমূর্তি স্থাপিত হৈছে। তেনেদৰে আমেৰিকাকে ধৰি অর্ধ-শতাধিক দেশে গান্ধীৰ স্মৃতিত ডাক টিকট প্রকাশ কৰাৰ বিষয়ে বোধকৰো নজনা লোক নোলাব। অকল সেয়ে নহয়, গান্ধীৰ হত্যাৰ পাছত ১৯৫৩ ত আমেৰিকাৰ কেলিফর্ণিয়াত গান্ধী বল্টু পিচ মেম’ৰিয়েল স্থাপন কৰা হয়। এই প্রসংগতে বিগত দশকজোৰা শাসনকালত মহাত্মা গান্ধীৰ গ্রাম্য স্বৰাজ আৰু ক্ষমতাৰ বিকেন্দ্রীকৰণৰ নীতি
ৰূপায়ণৰ বাবে দেশত কি ব্যৱস্থা গ্রহণ কৰিলে আৰু বিশ্বত তেওঁৰ বিচাৰধাৰাৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে ভাৰত চৰকাৰে কি পদক্ষেপ গ্রহণ কৰিলে, সেই সম্পৰ্কতহে প্রধানমন্ত্রী মোদীয়ে দেশবাসীক অৱগত কৰাটো বাঞ্ছনীয়৷

ক্ষমতাৰ বিকেন্দ্রীকৰণ আৰু সকলোৰে বাবে কর্মসংস্থাপন- গান্ধীৰ এই দুই লক্ষ্য পূৰণৰ বাবে কোনো কার্যব্যৱস্থা গ্রহণ কৰা হ’লনে? বৰঞ্চ এই সময়ছোৱাত দেশত ক্ষমতা কেন্দ্রীভূত কৰাৰহে সকলো প্রচেষ্ট চলোৱা পৰিলক্ষিত হ’ল। আনহাতে, দেশত কর্মসংস্থাপনহীনতাই যে বিগত ৪৫ বছৰৰ অভিলেখ ভংগ কৰিছে সেই বিষয়ে ইতিমধ্যে চর্চা হৈছে।

এই সমগ্র ঘটনাটোৱে ইয়াকে স্পষ্ট কৰি দিছে যে গান্ধীক বিশ্বই সঠিকভারে জনাই কেৱল নহয়-ফ্রান্স, স্পেইন, পোলেও আদি দেশত গান্ধীৰ দৰ্শনৰ ওপৰত গৱেষণা চলি আছে; কিন্তু নিজ মাতৃভূমিতেই তেওঁ কিয় উপেক্ষিত সেইটোহে চিন্তনীয়। অথচ গান্ধীয়েই ঔপনিবেশিক সংসদীয় গণতান্ত্রিক ধাৰা আঁতৰাই ভাৰতীয় মননৰ আধাৰত এনেকুৱা এখন সমাজ গঢ়াৰ আঁচনি দাঙি ধৰিছিল, য’ত প্রতিজন নাগৰিকেই নিজৰ মত ব্যক্ত কৰাৰ সুযোগ যিদৰে লাভ কৰে, তেনেদৰেই দেশৰ সম্পদৰো অংশীদায়িত্ব লাভ কৰে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Mahatma GandhiNARENDRA MODI SPEECHPranjalsen DekaSpl Articles
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d