Gold and Silver Prices Rose again after the Lok Sabha Elections:
সদ্যসমাপ্ত লোকসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত আজি দেশৰ বজাৰত পুনৰ সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি পালে। আজি দৈনিক ব্যৱসায়ৰ সময়ছোৱাত প্রতি ১০ গ্রাম বিশুদ্ধ সোণৰ মূল্য ৭২ হেজাৰ টকাৰ অধিক হ’ল।
আনহাতে প্রতি কিলো ৰূপৰ মূল্যও ৮৯ হেজাৰ টকাৰ অধিক হ’ল। এমচিএক্সৰ ৱেবছাইটৰ তথ্য অনুসৰি, বুধবাৰে প্ৰতি ১০ গ্রাম বিশুদ্ধ সোণৰ মূল্য ৭২,০৮০ টকালৈ বৃদ্ধি পালে। যোৱা মাহত সোণৰ মূল্য ৭৪,৪৪২ টকালৈকে বৃদ্ধি পাইছিল। আনহাতে আজি প্রতি কিলো ৰূপৰ মূল্য ২৩৯ টকা বৃদ্ধিৰে ৮৯,৮৯৮ টকা হ’ল।
ADVERTISEMENT