Petrol and Diesel Prices have been Hiked Again:
সদ্য সমাপ্ত লোকসভা নিৰ্বাচন অন্ত পৰাৰ পাছতে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম ৷ প্ৰতিলিটাৰ পেট্ৰ’লত ১.০২ টকাকৈ বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত বাঢ়িল ১.০১ টকাকৈ ৷
উল্লেখ্য যে,চৰকাৰে ভেট বৃদ্ধি কৰাৰ ফলস্বৰূপে ৰাজ্যত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম ৷ দাম বৃদ্ধি পোৱাৰ পিছত মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৭.১৯ টকা,প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৯.৯৬ টকা
আনহাতে,পেট্ৰলৰ মূল্য শতকৰ দুৱাৰ দলিত মাজুলীত ৷ জিলা খনত ৯৯ টকাৰ ঘৰ অতিক্ৰম পে’ট্ৰলৰ মূল্যই ৷
মনকৰিবলগীয়া যে,চলিত সপ্তাহতে ৫ শতাংশকৈ টোলকৰ বৃদ্ধিৰ সমান্তৰালভাৱে প্ৰতিলিটাৰ গাখীৰত দুটকাকৈ বৃদ্ধিৰ পিছত পুনৰ ভুতৰ ওপৰত দানহ পৰাৰ দৰে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যৰ সৰ্বত্ৰে ৷