Samajwadi Party New Mp Priya Saroj:
:উত্তৰ প্ৰদেশৰ মজলিচহৰ লোকসভা সমষ্টিত এইবাৰ ব্যাপক পৰিৱৰ্তন প্রত্যক্ষ হ’ল। এই সমষ্টিত বিজেপিৰ প্রার্থী বি পি সৰোজ সদ্যসমাপ্ত লোকসভা নির্বাচনত পৰাজিত হ’ল।
২৬ বছৰ বয়সীয়া সমাজবাদী পার্টিৰ প্রার্থী প্রিয়া সৰোজে মজলিচহৰত বিজেপিৰ প্ৰাৰ্থীক পৰাজিত কৰিলে। প্রিয়াই এই সমষ্টিৰ পৰা প্ৰথমগৰাকী মহিলা হিচাপে সাংসদ নির্বাচিত হোৱাৰ গৌৰৱো অর্জন কৰিলে। প্ৰিয়াৰ পিতৃ হৈছে কেৰাকটৰ সমাজবাদী পার্টিৰ বিধায়ক তুফান সৰোজ।
প্রিয়াই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী গ্ৰহণৰ পাছত নয়ডাত এলএলবি পাঠ্যক্রম অধ্যয়ন কৰিছিল। পাছত তেওঁ উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে কৰ্মৰত হৈছিল। ১৮ বছৰ বয়সৰ পৰা সমাজবাদী পার্টিত জড়িত হৈ ৰাজনৈতিক সক্রিয়তা অব্যাহত ৰখা প্রিয়াই সদ্যসমাপ্ত নিৰ্বাচনত প্ৰথমবাৰ প্ৰতিদ্বন্দ্বিতা কৰি সফলতা অর্জন কৰিলে।
এছপিৰ প্রার্থী প্রিয়াই ৩৫,৮৫০ ভোটৰ ব্যৱধানত পৰাজিত কৰে। প্রিয়া সামাজিক মাধ্যমতো যথেষ্ট সক্রিয় আৰু তেওঁৰ ইনষ্টাগ্রামত এক লাখৰো অধিক অনুৰাগী আছে।