Aap Press Release:পুনৰ নাবাৰ্ডৰ পৰা ৬৩৪ কোটি টকাৰ ঋণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ঋণ লৈ চৰকাৰ চলোৱাৰ অভিযোগ আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ

bhaben choudhari

Aap Press Release:

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে বৃহস্পতিবাৰে পুনৰ নাবাৰ্ডৰ পৰা ৬৩৪ কোটি ৩৫ লাখ টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ আন্তঃগাঁথনি উন্নীতকৰণৰ নামত কেবিনেটে এই ঋণৰ প্ৰস্তাৱত অনুমোদন জনায়। ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বে যোৱা ৪ এপ্ৰিলত এক হাজাৰ কোটি, ৩০ এপ্ৰিলত এহেজাৰ কোটি আৰু ২৮ মে’ত এহেজাৰ কোটি টকাৰ ঋণ লৈছিল।

চৰকাৰখনে চলিত বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে ৪ বাৰকৈ ঋণ ল’বলগীয়া হৈছে।. ঋণৰ ওপৰত ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিক ভাৱে কোঙা কৰি পেলাইছে মুখ্যমন্ত্ৰীয়ে। ইয়ে বিজেপি চৰকাৰৰ আমোলত অসমৰ অৰ্থনীতিৰ লাওলোৱা অৱস্থা উদঙাই দিছে।

আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে এই অভিযোগ উত্থাপন কৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । উল্লেখ্য যে অসম চৰকাৰে বৰ্তমানলৈকে লোৱা ঋণৰ পৰিমাণে ১ লাখ ৫৩ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। আজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিত ডাঃ ভবেন চৌধুৰীয়ে কয়,” ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বছৰি প্ৰায় ২১ হাজাৰ ৫২৫ কোটি টকাৰ ঋণ লৈছে ।

অসমক দেশৰ ৫ খন উন্নত ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বিচৰা মুখ্যমন্ত্ৰীক আমাৰ প্ৰশ্ন – মুখ্যমন্ত্ৰী ডাঙৰীয়া, কোনো ধৰণৰ উৎপাদনমুখী অৰ্থনীতি অবিহনে মাথোঁ ঋণ লৈ চৰকাৰ চলাব পাৰিনে? এইদৰে ৰাজ্যবাসীৰ মূৰৰ ওপৰত বিশাল পৰিমাণৰ ধাৰৰ বোজা জাপি দি অসমৰ উন্নয়ন সম্ভৱনে? ৰাজ্যৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত উৎপাদনমুখী অৰ্থনৈতিক আঁচনি গ্ৰহণ কৰিবলৈ আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

উল্লেখ্য যে ৰাজ্যৰ গড়কাপ্তানি, জল সম্পদ আৰু মহিলা সবলীকৰণ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নীতকৰণৰ নামত নাবাৰ্ডৰ পৰা ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাই।

Exit mobile version