BJP Leadership is Concerned about the Conflict between the Old and New:ন-পুৰণিৰ সংঘাতক লৈ উদ্বিগ্ন নেতৃত্ব: নির্বাচনত দলক সহায় নকৰাসকলৰ বিৰুদ্ধেও ব্যৱস্থা

১২ জুনৰ পাছত ৰাজ্যিক বিজেপিত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ

bhabesh kalita

BJP Leadership is Concerned about the Conflict between the Old and New :

আভ্যন্তৰীণ দলীয় সংঘাতক লৈ ৰাজ্যিক বিজেপিত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে। বাহিৰত সকলো ঠিকে থকা বুলি দাবী কৰিলেও এজনৰ পাছত আন এজন নেতাই নেতৃত্বৰ বিৰুদ্ধে সৰৱ হোৱাত গভীৰ অস্বস্তিত পৰিছে দল। আকৌ ৰাজহুৱাভাৱে কেইজনমানে বিষয়টোত সৰৱ হোৱাৰ বিপৰীতে মুকলিকৈ সৰৱ নহ’লেও ক্ষুব্ধৰ সংখ্যা কম নহয়। এই তথ্যও দলৰ নেতৃত্বৰ হাতত আছে।

তেনে অসন্তুষ্টিৰ বাবেই নির্বাচনত কে’বাটাও সমষ্টিত দলৰ প্রার্থীয়ে একাংশ নেতাৰ পৰা লাভ নকৰিলে প্রয়োজনীয় সহযোগিতা। সেইসকল ক্ষুব্ধ-অসন্তুষ্ট নেতা ক্রমে ঐক্যবদ্ধ হ’বলৈ ধৰাৰ খবৰো এতিয়া আহি পৰিছে ৰাজ্যিক নেতৃত্বৰ হাতত।

সেয়েহে বিষয়টোক আৰু অধিক আগবঢ়াৰ সুযোগ দিব বিচৰা নাই নেতৃত্বই। সেয়েহে অহা ১২ জুনৰ পাছত অনুষ্ঠিত হ’ব ৰাজ্যিক বিজেপিৰ বৰ্ধিত বিষয়ববীয়া আৰু কৰ্ণধাৰ সমিতিৰ বৈঠক। ইয়াতে এনেবোৰ বিষয় আলোচনা কৰা হ’ব। ইতিমধ্যে ফলাফল ঘোষণাৰ পাছতে ৰাজ্যিক নেতৃত্বৰ বিষয়টোক লৈ অনানুষ্ঠানিক একাধিক বৈঠক অনুষ্ঠিত হয়।

দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনৰ উপৰি আন কে’বাটাও স্থানত বহা বৈঠকত তেনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ মৌখিক প্রস্তাৱ গ্ৰহণ কৰা হৈছে। সেই প্রস্তাৱকে আনুষ্ঠানিক বৈঠকত কাৰ্যকৰী ৰূপ দিব বিচাৰিছে বৰ্তমানৰ নেতৃত্বই। তাৰ অংশ হিচাপে একাধিক জিলা সভাপতি, সম্পাদক আদিকে ধৰি বিভিন্ন পৰ্যায়ৰ নেতাক প্ৰথমতে কৈফিয়ৎ তলবৰ সিদ্ধান্ত লোৱা হৈছে। দুই-একৰ ক্ষেত্ৰত কৈফিয়ৎ তলবৰ প্ৰয়োজনীয়তাও নেতৃত্বই বিচাৰি পোৱা নাই।

উল্লেখ্য যে প্রাক্তন বিধায়ক অশোক শর্মা, প্রাক্তন কেন্দ্রীয় মন্ত্ৰী ৰাজেন গোহাঁই দীর্ঘদিনৰ পৰা দলৰ একাংশ নেতাৰ বিৰুদ্ধে মুকলিকৈ সৰৱ হৈ আহিছে। এই তালিকাৰ শেহতীয়া সংযোজন হ’ল খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। এই তিনিজন নেতাৰ মুকলি বিদ্ৰোহৰ বাদেও একাংশই মাত নামাতি কার্যক্ষেত্ৰত তেওঁলোকৰ ক্ষোভৰ বহিঃপ্রকাশ ঘটাইছে।

এই তালিকাত বৰ্তমানৰ বিধায়ক, প্রাক্তন সাংসদো আছে। তেনেদৰে দলৰ প্ৰাৰ্থীক প্রয়োজন অনুসৰি সহযোগিতা নকৰিলে কে’বাখনো জিলাৰ সভাপতিয়ে। পূব অসমৰ দলৰ কে’বাখনো সাংগঠনিক জিলাৰ সভাপতি-সম্পাদক ইয়াৰ ভিতৰত আছে। আকৌ ফলাফল ঘোষিত হোৱাৰ পূৰ্বেই বিভিন্ন তথ্যৰ ভিত্তিত অনুসন্ধান চলাই ৰাজ্যিক নেতৃত্বই তথ্য লাভ কৰে যে নিজৰ দলৰ প্ৰাৰ্থীক ভোট নিদিয়া দলৰ বিভিন্ন পৰ্যায়ৰ বহু নেতা আছে। তেনে নেতাৰ তালিকা ইতিমধ্যে প্রস্তুত কৰা হৈছে। দলীয় সূত্রত প্রকাশ যে যোৰহাট লোকসভা সমষ্টিতে এনে ঘটনা সংঘটিত হয়।

সূত্রই এইদৰেও প্রকাশ কৰে যে এইবাৰ নিৰ্বাচনত নটা সমষ্টি দখল কৰিলেও সামগ্রিকভাৱে বিজেপিৰ ভোটৰ পৰিমাণ কমিছে। মন্ত্রী-বিধায়ক থকা সমষ্টিতে এনেকুৱা হৈছে। ইয়াৰ জোৰা মাৰিবলৈ দলীয় ক্ষেত্ৰত কঠোৰ হোৱাৰ বিকল্প নাই বুলি ৰাজ্যিক নেতৃত্বৰ অনানুষ্ঠানিক সভাত প্রস্তাব লোৱা হৈছে।

গতিকে এই আটাইবোৰ দিশত ক্ষিপ্ৰতাৰে সিদ্ধান্ত লোৱাৰ প্রক্রিয়া দলটোৱে চলাইছে। এই প্রসংগত সভাপতি ভবেশ কলিতাই দিল্লীত কয়, ১২ জুনৰ পাছত আমাৰ বৰ্ধিত বিষয়ববীয়া, কর্ণধাৰ সমিতিৰ সভা বহিব। তাত আটাইবোৰ দিশ আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব।’ বিশেষকৈ ন-পুৰণি বিজেপিৰ সংঘাতক লৈ কলিতাই কয়, ‘আমাৰ দলত নতুন-পুৰণি বুলি কোনো নাই। সকলো দলৰ কৰ্মকর্তা। গতিকে চলি থকা কথাবোৰ আলোচনা হ’ব।’

Exit mobile version