Security for Narendra Modi’s Swearing-in Ceremony:নৰেন্দ্ৰ মোডী শপত গ্ৰহণ অনুষ্ঠানৰ নিৰাপত্তা

দিল্লীত ড্ৰোন,পেৰাগ্লাইডাৰ, বা অন্যান্য যিকোনো ধৰণৰ যন্ত্ৰ উৰুৱাত নিষেধাজ্ঞা, ১৪৪ ধাৰা জাৰি

pm modi 66

Security for Narendra Modi’s Swearing-in Ceremony:

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণৰ নিৰাপত্তা দিশৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে ৯ আৰু ১০ জুনত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ শুক্ৰবাৰে শপত গ্ৰহণৰ দিনাংক ঘোষণা হোৱাৰ লগে লগে দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’ব লগা ৰাজকীয় অনুষ্ঠানৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।

#দিল্লীত তিনিটা স্তৰৰ সুৰক্ষা ব্যৱস্থা: প্ৰযোজ্য কৰা হৈছে ১৪৪ নং ধাৰা

দিল্লী আৰক্ষীয়ে ৯ আৰু ১০ জুনত জাৰি কৰিছে ১৪৪ ধাৰা। এই নিৰ্দেশ দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই জাৰি কৰিছে, যাতে যিকোনো অপ্ৰীতিকৰ ঘটনা নঘটে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠানটো সম্পন্ন হয় ।

# হাই এলাৰ্টত দিল্লী

শপত গ্ৰহণৰ সময়ত বহুস্তৰীয় নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । ৰাষ্ট্ৰপতি ভৱন সুৰক্ষাৰ বাবে অৰ্ধসামৰিক বাহিনী, এন এছ জি কমাণ্ডো, ড্ৰোন, স্নাইপাৰৰ পাঁচটা কোম্পানী নিয়োগ কৰা হ’ব। উল্লেখ্য যে,শপত গ্ৰহণ অনুষ্ঠানত চুবুৰীয়া দেশ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা,নেপালী প্ৰধানমন্ত্ৰী,শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি,ইন্দোনেছিয়াৰ ৰাষ্ট্ৰপতি,মৰিচাছৰ প্ৰধানমন্ত্ৰী,ভূটানৰ ৰজা সহ ছাৰ্কৰ সদস্য দেশৰ পৰা গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ জনোৱাৰ পৰিপ্ৰেক্ষিতত দিল্লীক হাই এলাৰ্টত ৰখা হৈছে। সেই অনুসৰি এই অনুষ্ঠানৰ দিনা ৰাষ্ট্ৰপতি ভৱনকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ স্থানত দিল্লী আৰক্ষীৰ স্কোৱাট আৰু এন এছ জি কমাণ্ডো মোতায়েন কৰা হ’ব।

# নিৰাপত্তাক তিনিটা স্তৰত ভাগ কৰা হৈছে:

বহিঃবৃত্তঃ ইয়াত নিয়োজিত হ’ব দিল্লী আৰক্ষীৰ জোৱান।

কেন্দ্ৰীয় চক্ৰঃ ইয়াত অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰা হ’ব।

আভ্যন্তৰীণ চক্ৰঃ ইয়াত ৰাষ্ট্ৰপতি ভৱনৰ আভ্যন্তৰীণ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব।

এনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাই অনুষ্ঠানৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় আৰু সকলো গণ্যমান্য ব্যক্তিৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যাব বুলি সদৰি কৰে দিল্লীৰ আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই ৷

Exit mobile version