Young man climbed an electricity tower:বজালীৰ সমীপত বৈদ্যুতিক টাৱাৰত উঠি আৰক্ষী প্ৰশাসনক জ্বলা কলা খুৱালে এজন যুৱকে

tower

Young man climbed an electricity tower:

ৰাতিপুৱা ৮ বজাৰে পৰা বজালীৰ গলীয়া টোলগেটৰ সমীপৰ বৈদ্যুতিক টাৱাৰত উঠি আৰক্ষী প্ৰশাসনক জ্বলা কলা খুৱালে এজন যুৱকে l

টাৱাৰত উঠি যুৱকজনৰ দাবী যে কলকাতাৰ পৰা আৰক্ষী আহিব লাগিৱ আৰু এখন হেলিকপ্তাৰ লাগে তেওঁক ততালিকে l ঘণ্টাৰ পিছত ঘণ্টা পাৰ হল কিন্তু যুৱকজনে নামি আহিব নোখোজে l কাৰণ পত্নীৰ সতে হৈছিল সংঘাট l

যেন শ্বোলে ছৱিৰ ধৰ্মেন্দ্ৰ ই এতিয়া হেমামালিনীক বিচাৰিছে l আৰক্ষীয়ে মাইক যোগে বাৰম্বাৰ অনুৰোধ জনালে নামি আহিবলৈ কিন্তু নাই নুশুনে যুৱকজনে l

আৰক্ষীয়ে ঘৈণীয়েকৰ স’তে কথা পাতি ও যোগাযোগ কৰিলে আৰু ফোনৰ কথা মাইকত লগাই দিলে যদিও তেওঁৰ কাণসাৰ নাই মুঠতে তেওঁ নামি নাহে l পৰৱৰ্তী সময়ত এইবাৰ দাবী যে ইণ্ডিয়ান আৰ্মি আহিব লাগিৱ আৰু তেওঁক নিব লাগিব হেলিকপ্তাৰেৰে lআধালৈকে তেওঁ দুপৰীয়া নামি আহিছিল কিন্তু হেলিকপ্তাৰ অহা নাই বাবে তেওঁ আকৌ ওপৰলৈ উঠিল l

এনেদৰে টাৱাৰৰ ওপৰত বহি থাকিল বহু সময় l গোটেই দিনটো দণ্ডাধীশ সহ আৰক্ষীৰ বৃহৎ দলে তেওঁক নমাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে l

অৱশেষত অৱসান ঘটিল উৎকন্ঠাৰ l সৰুপেটাৰ ৰাজহ চক্ৰ বিষয়া ইলা বনিয়াৰ কৌশলত তললৈ নামি আহিল লোকজন l কিন্তু তাৰ পিছতো আধাত ৰৈ নামি নহা হল তেওঁ l লোকজনে পানী খাব বিচৰাত ৰাজহ চক্ৰ বিষয়া ইলা বনিয়াই নিজে পানী খাই পৰীক্ষা কৰি দেখুৱাব লগীয়া হৈছিল l

তাৰ পিছত বিষয়া জনে সমুখ ফালে তেওঁৰ লগত কথা পতাত ব্যস্ত থকা সময়তে ওপৰত উঠি পিছফালৰ পৰা পিটাৰ নামৰ পাৱাৰ গ্ৰিডৰ এজন যুবকে তেওঁক থাপ মাৰি ধৰে ৷ ক্ষণিকতে কেবাজনো এছ ডি আৰ এফৰ জোৱান গৈ তেওঁক আটক কৰি তললৈ নমাই আনে আৰু এনেদৰে ঘটনাৰ অন্ত পৰে দিনটোৰ শ্বাসৰুদ্ধ সময়ছোৱা ৷

Exit mobile version