No fFund to Buy EVMs, Elections On Ballots:ইভিএম ক্ৰয়ৰ পুঁজি নাই, বেলটতে নির্বাচন

ঘোষণা অনুসৰি নৱেম্বৰত হ'ব পঞ্চায়ত নিৰ্বাচন, সংশোধিত আইনৰ বিধি প্রস্তুত নকৰাৰ বাবে প্রস্তুতিত হেঙাৰ, পঞ্চায়ত নির্বাচন সম্পন্ন হোৱাক লৈ অনিশ্চয়তা চৰকাৰলৈ অপেক্ষা আয়োগৰ, নিৰ্বাচনত ব্যৱহাৰ কৰিব নোৱাৰিব দলীয় প্রতীক, মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণ প্ৰাৰ্থীৰ শিক্ষাগত

panchyat

No Fund to Buy EVMs, Elections On Ballots:

অহা নৱেম্বৰত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ গ্রামাঞ্চলত আৰম্ভ হৈছে তৎপৰতা। পিছে এইবাৰৰ পঞ্চায়ত নির্বাচনত গাঁও পঞ্চায়তত কোনো প্রার্থীয়ে কোনো ৰাজনৈতিক দলৰ প্ৰতীকত নির্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত এতিয়া অহা নৱেম্বৰত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ গ্রামাঞ্চলত আৰম্ভ হৈছে তৎপৰতা।

পিছে এইবাৰৰ পঞ্চায়ত নির্বাচনত গাঁও পঞ্চায়তত কোনো প্রার্থীয়ে কোনো ৰাজনৈতিক দলৰ প্ৰতীকত নির্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত এতিয়া বিপাঙত পৰিছে ৰাজনৈতিক দলৰ প্রার্থিত্ব প্রত্যাশীসকল।

ইফালে, নির্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থীৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতাকে ধৰি আন একাধিক নতুন নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ ফলতো বিভ্রান্তিত ভূগিছে প্রার্থিত্ব প্রত্যাশীসকল। গ্রামাঞ্চলত আৰম্ভ হোৱা পঞ্চায়ত নির্বাচনকেন্দ্রিক এই তৎপৰতাৰ সমান্তৰালকৈ দিছপুৰতো আৰম্ভ হৈছে নির্বাচন সম্পন্ন কৰাৰ যাৱতীয় প্রক্রিয়া।

অহা নৱেম্বৰত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রীয়ে সিদ্ধান্ত ঘোষণা কৰিছে যদিও ইতিপূর্বে অসম বিধানসভাত গৃহীত হোৱা অসম পঞ্চায়ত আইন (সংশোধিত), ১৯৯৪ৰ সংশোধন সন্দৰ্ভত এই পর্যন্ত বিধি প্রস্তুত নকৰা বাবে ওলমি ৰৈছে পঞ্চায়ত নির্বাচনৰ প্ৰস্তুতি।

উল্লেখ্য যে সংশোধিত আইনখনত এক অন্যতম দফা আছিল এইবাৰৰ নিৰ্বাচনত বেলটৰ পৰিৱৰ্তে ইভিএমৰ জৰিয়তে ভোটগ্রহণৰ সিদ্ধান্ত; কিন্তু ইভিএম ক্ৰয়ৰ বাবে দিছপুৰে প্ৰয়োজনীয় পুঁজি যোগান ধৰিব নোৱৰাত এইবাৰৰ নির্বাচন বেলট পেপাৰৰ জৰিয়তে সম্পন্ন কৰাৰ বিকল্প নোহোৱা হৈছে।

ইফালে, ৰাজ্য চৰকাৰে সংশোধিত পঞ্চায়ত আইনৰ বিধি প্রস্তুত নকৰাৰ বাবেও এই পর্যন্ত ৰাজ্যিক নির্বাচন আয়োগে অগ্ৰসৰ হ’ব পৰা নাই ইভিএমৰ প্ৰসংগটোত। এই প্ৰসংগত ৰাজ্যিক নির্বাচন আয়ুক্ত আলোক কুমাৰে ‘দৈনিক অগ্রদূত ‘ক জনায় যে পঞ্চায়ত নিৰ্বাচনত ইভিএম ব্যৱহাৰ সন্দৰ্ভত চৰকাৰে আইন সংশোধন কৰিছিল যদিও আইন খনৰ বিধি জাননীকৃত নোহোৱা বাবে আয়োগে এই ক্ষেত্রত এখোজো আগুৱাব পৰা নাই।

নির্বাচন আয়ুক্তজনে এই কথাও জনায় যে ইভিএম ক্রয় কৰিবলৈ হ’লে এক বৃহৎ অংকৰ ধনৰো প্রয়োজন হ’ব। তেওঁ কয়, ‘প্রতিটো ভোটগ্রহণ কেন্দ্রত তিনিটাকৈ ইভিএমৰ প্ৰয়োজন হ’ব। এটা জিলা পৰিষদৰ বাবে, এটা আঞ্চলিক পঞ্চায়তৰ বাবে আৰু এটা গাঁও পঞ্চায়তৰ ভোটগ্ৰহণৰ বাবে। তেনে ক্ষেত্ৰত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে একলাখৰ ওচৰা-ওচৰি ইভিএমৰ প্ৰয়োজন হ’ব।

কিয়নো ভোটগ্রহণ কেন্দ্রসমূহত প্রয়োজনীয় সংখ্যক ইভিএম যোগানৰ পাছত হঠাতে যান্ত্রিক বিজুতি ঘটিলে সলনি কৰিব পৰাকৈ কিছু সংখ্যক ইভিএম সংৰক্ষিত কৰি ৰাখিব লাগিব; কিন্তু এই পর্যন্ত ইভিএম ব্যৱহাৰ বা ক্ৰয়ৰ বাবে চৰকাৰে আইনখনৰ বিধি জাননীকৃত নকৰাৰ ফলত বিষয়টো ওলমি ৰৈছে। অৱশ্যে যিহেতু নির্বাচনত বৃহৎসংখ্যক ইভিএমৰ প্ৰয়োজন হ’ব, সেয়েহে অতি কম সময়ৰ ভিতৰতে বজাৰৰ পৰা প্রয়োজনীয় সংখ্যক ইভিএম ক্রয় কৰি অনাটো এক প্রত্যাহ্বান।

উৎপাদনকাৰী প্রতিষ্ঠানসমূহেও ইমান বৃহৎসংখ্যক ইভিএম কম সময়তে যোগান ধৰিব পাৰিব নে নাই সেয়াও এক প্রশ্ন।’ উল্লেখ্য যে ইভিএমৰ ব্যৱহাৰ প্ৰসংগত এই পর্যন্ত চৰকাৰে কোনো সুস্থিৰ সিদ্ধান্ত গ্ৰহণ নকৰাক লৈ নিৰ্বাচনত বেলট কাগজৰ ব্যৱহাৰৰ সম্ভাৱনাই প্রবল হৈ পৰিছে। দিছপুৰৰ এক শীর্ষ সূত্রই সদৰী কৰা মতে, প্রায় এক লাখ ইভিএম ক্ৰয়ৰ বাবে বৃহৎ অংকৰ ধনৰ প্ৰয়োজন যদিও ৰাজ্য চৰকাৰে ইভিএম ক্ৰয়ৰ বাবে কোনো আছুতীয়া পুঁজি ধার্য নকৰা বা এই পর্যন্ত মোকলাই নিদিয়াত আয়োগে ইভিএম ক্রয় কৰাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে।

সূত্ৰটোৰ মতে, ইতিমধ্যে ইভিএমৰ আর্হিও অনুমোদিত কৰা হৈছে। ‘এম-৩’ ইভিএম ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছিল; কিন্তু আয়োগে প্রয়োজনীয় পুঁজি সন্দর্ভত বিত্ত বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণৰ পাছতো চৰকাৰে পুঁজি মোকলাই দিয়া নাই তথা পঞ্চায়ত নির্বাচনত ইভিএম ব্যৱহাৰৰ বাবে সংশোধিত আইনত অন্তর্ভুক্ত কৰা নতুন নিয়ম সন্দৰ্ভত বিধি প্রস্তুত কৰা হোৱা নাই। সেয়েহে সমগ্র বিষয়টো ওলমি ৰৈছে।

আনহাতে,অহা নৱেম্বৰত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে যদিও নির্বাচন অনুষ্ঠিত কৰাৰ বাবে যাবতীয় প্রস্তুতিৰ ক্ষেত্ৰত নির্দিষ্ট কেতবোৰ অসম্পূর্ণ কমৰ বাবে থমকি ৰ’বলগীয়া হৈছে নির্বাচন আয়োগ তথা ৰাজ্য চৰকাৰ।

উল্লেখ্য যে নৱেম্বৰত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ হ’লে সংশোধিত ভোটাৰ তালিকা প্রয়োজন হ’ব; কিন্তু সংশোধিত ভোটাৰ তালিকা প্রস্তুতৰ বাবে প্ৰথমে পঞ্চায়তৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ বাঞ্ছনীয়। লক্ষ্যণীয় যে ৰাজ্যত বিধানসভা আৰু লোকসভা সমষ্টিৰ সীম পুনৰ নিৰ্ধাৰণ সম্পন্ন হোৱাৰ সূত্রে পঞ্চায়তৰ সমষ্টিসমূহৰো সীমা পুনৰ নিৰ্ধাৰণ অৱধাৰিত; কিন্তু এই পর্যন্ত ৰাজ্য চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোত অগ্ৰসৰ হ’ব পৰা নাই।

যাৰ ফলত নির্বাচন আয়োগেও সংশোধিত ভোটাৰ তালিকা যুগুত কৰিব পৰা নাই। এই প্রসংগত আয়ুক্ত কুমাৰে ‘দৈনিক অগ্রদূত ‘ক কয়, ‘পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি ভোটাৰ তালিকা প্রায় সাজু কৰি ৰাখিছো; কিন্তু পঞ্চায়তসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ অবিহনে যিহেতু নির্বাচন অনুষ্ঠিত নহয়, সেয়েহে সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ লগে লগে ভোটাৰ তালিকাৰো সংশোধন ঘটোৱাটো অৱশ্যম্ভাবী।

যিহেতু পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো আমাৰ আওতাত নপৰে, সেয়েহে চৰকাৰে পুনৰ নিৰ্ধাৰণ প্রক্রিয়া সম্পন্ন কৰাৰ পাছতে আমি পঞ্চায়তৰ সমষ্টি সমূহৰ নতুন সীমাৰ ভিতৰত সংশোধিত ৰূপত ভোটাৰ তালিকা প্রস্তুত কৰিম। অৱশ্যে এইবাৰ অনলাইনৰ জৰিয়তে ভোটাৰ তালিকাৰ সংশোধন ঘটোৱা হ’ব। সেয়েহে এই প্রক্রিযাটোত অধিক সময়ৰ প্ৰয়োজন নহয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগে লগে আমি সংশোধিত ভোটাৰ তালিকা যুগুত কৰি উলিয়াম।’

উল্লেখ্য যে ৰাজ্যখনত থকা ২,১৯৭ খন গাঁও পঞ্চায়ত, ১৮৫ খন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে ৰদবদল হ’লেও অৱশ্যে সমষ্টিৰ সংখ্যা অপৰিৱৰ্তিত থাকিব । এই প্রসংগত ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ এক শীর্ষ সূত্রই কয় যে পঞ্চায়ত আইনৰ সংশোধনীত এই কথা স্পষ্ট কৰা হৈছে যে গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ ভৌগোলিক পৰিসীমা সাল-সলনি হ’লেও পঞ্চায়তৰ সংখ্যা হ্রাস বা বৃদ্ধি নহয়।

সূত্রটোৱে আৰু কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে জিলাভিত্তিত একোখনকৈ আয়োগ গঠন কৰা হ’ব, য’ত জিলা আয়ুক্তক অধ্যক্ষ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক সদস্য সচিব আৰু জিলা নির্বাচনী বিষয়াক সদস্যৰূপে লৈ জিলা পৰিসীমা আয়োগ গঠন কৰা হ’ব।

ব্যৱহাৰ কৰিব নোৱাৰিব দলীয় প্রতীক, মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণৰ প্ৰস্তাৱ সমাগত পঞ্চায়ত নির্বাচনত গাঁও পঞ্চায়তসমূহত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰা প্রার্থীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব কোনো দলীয় প্রতীক। ইফালে, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণবো ব্যবস্থা কৰা হৈছে সংশোধিত আইনত।

আকৌ আগন্তুক পঞ্চায়ত নির্বাচনত গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে অনুষ্ঠিত নহ’ব নির্বাচন। ৰাইজে গাঁও পঞ্চায়তৰ সভাপতি বাছনিৰ পৰিৱৰ্তে সংশ্লিষ্ট গাঁও পঞ্চায়তৰ ১০ জন সদস্যই অনুষ্ঠিত বাছনি কৰিব সভাপতিজনক।

ইফালে, নির্বাচন অনুষ্ঠিত হোৱাৰ পাছত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সভাপতি, উপ-সভাপতিৰ বিৰুদ্ধে আঢ়ৈ বছৰলৈ কোনেও অনাস্থা প্রস্তাৱ উত্থাপন কৰিব নোৱাৰিব। প্রার্থীৰ শিক্ষাগত অর্হতাক লৈয়ো গ্রামাঞ্চলত অসন্তুষ্টি ৷ পঞ্চায়ত নির্বাচনত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ধাৰ্য কৰি আইন প্ৰণয়নৰ পাছত এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজা বহু প্রার্থীয়ে বিপাঙত পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে সংশোধিত আইনত জিলা পৰিষদৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী হ’বলৈ হ’লে নূনতম শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীর্ণ হ’ব লাগিব বুলি উল্লেখ কৰা হৈছে। আকৌ গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে মেট্রিক উত্তীর্ণ হ’ব লাগিব সংশ্লিষ্ট প্রার্থীজন। প্ৰাৰ্থীৰ শিক্ষাগত অর্হতা নির্ণয় কৰি সংশোধিত আইনত সংযোজনৰ পাছত সমাগত নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে সাজু হৈ থকা বহু প্রার্থী এতিয়া হতাশাত ভোগা পৰিলক্ষিত হৈছে।

Exit mobile version