PM kishan Nidhi :প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা পিএম কিষান সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি

উপকৃত হ'ব ৯.২৬ কোটিতকৈও অধিক কৃষক, একবিংশ শতিকাত ভাৰতক তৃতীয় সর্ববৃহৎ অর্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাত সমগ্ৰ কৃষি ব্যৱস্থাৰ এক ডাঙৰ ভূমিকা আছে": প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে পিএম কিষাণ সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে

sonowal 666 scaled

PM kishan Nidhi

দেশৰ কৃষকসকলক লাভান্বিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা পিএম কিষাণ সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰে। ইয়াৰ ফলত ২০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে উপকৃত হৈছে ৯.২৬ কোটিতকৈও অধিক কৃষক। একবিংশ শতিকাত ভাৰতক তৃতীয় সৰ্ববৃহৎ অর্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাত সমগ্ৰ কৃষি ব্যৱস্থাৰ এক ডাঙৰ ভূমিকা আছে বুলি প্রধানমন্ত্রীয়ে আজি উল্লেখ কৰে।

এই উপলক্ষে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীত অনুষ্ঠিত পিএম কিষাণ সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি অনুষ্ঠানত অংশগ্রহণ কৰে আৰু ভার্চুৱেলী প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ সৈতে সংযোজিত হয়।

সোণোৱালে ভাষণ প্রসংগত কয়, “কৃষকসকল হৈছে দেশৰ অৰ্থনীতিৰ অন্যতম চালিকাশক্তি। কৃষকসকলৰ সৰ্বাংগীণ উন্নয়ন আৰু কৃষি খণ্ডৰ শক্তিশালীকৰণে দেশক শক্তিশালী কৰে। নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত প্রধানমন্ত্রী হিচাপে শাসনভাৰ লোৱাৰ পৰাই কৃষি খণ্ডৰ শক্তিশালীকৰণত বিশেষ অগ্ৰাধিকাৰ দি আহিছে। তদুপৰি, কৃষকসকলৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাত তেখেতে যথেষ্ট অগ্ৰাধিকাৰ দিছে। এতিয়া দেশৰ কৃষক সমাজে পাইছে সম-মর্যাদা, সমৃদ্ধি আৰু সম-বিকাশ।

পিএম কিষাণ সন্মান নিধিৰ জৰিয়তে ইতিমধ্যে কোটি কোটি কৃষক উপকৃত হৈছে। প্রধানমন্ত্রী হিচাপে ঐতিহাসিক তৃতীয় কার্যকালৰ বাবে শপতগ্ৰহণ কৰাৰ পাছতেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্রথমে এই আঁচনিৰ সপ্তদশ কিস্তিৰ ফাইলত চহী কৰি কৃষকসকলৰ প্ৰতি থকা তেখেতৰ সন্মান আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰিছিল।

আজি সপ্তদশ কিস্তিৰ জৰিয়তে ৯.২৬ কোটিতকৈও অধিক খেতিয়ক আৰু তেওঁলোকৰ পৰিয়াল উপকৃত হ’ব। ইয়াৰ জৰিয়তে অসমৰো হাজাৰ হাজাৰ খেতিয়ক লাভান্বিত হ’ব। এয়াই এখন নতুন ভাৰতৰ প্ৰতিচ্ছবি, য’ত খেতিয়কসকলে লাভ কৰিছে প্ৰাপ্য অধিকাৰ আৰু সন্মান। মই নিজেও এগৰাকী খেতিয়কৰে সন্তান। সেয়েহে কৃষকসকলৰ দুখ-দুর্দশা ভালদৰেই হৃদয়ংগম কৰিব পাৰোঁ।

প্রধানমন্ত্রীয়ে খেতিয়কৰ এই মর্মবেদনা উপলব্ধি কৰি শাসনভাৰ লোৱাৰ পৰাই কেতবোৰ যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে। দেশৰ মেৰুদণ্ডস্বৰূপ কৃষকসকলৰ সর্বাংগীণ মংগল তথা শ্ৰীবৃদ্ধিৰ বাবে নিৰলস প্রচেষ্টা গ্ৰহণ কৰি অহা আমাৰ চৰকাৰে বিশ্বৰ তিনি বৃহৎ অৰ্থনীতিৰ ভিতৰত ভাৰতক অন্তৰ্ভুক্ত কৰাৰ যাত্ৰাত কৃষকসকলৰ সক্রিয় অংশগ্ৰহণ সুনিশ্চিত কৰি আগুৱাই যাব।

Exit mobile version