CM’s Press Conference After the Cabinet:নলবাৰীত কেবিনেট বৈঠক সম্পন্ন

মটৰ চাইকেলত হেলমেট নিপিন্ধিলেহে ভৰিব লাগিব জৰিমনা, অন্যথা আন কাৰণত ভৰিব নালাগে জৰিমনা, অট 'আৰু ই- ৰিক্সাৰ ক্ষেত্ৰতো নাথাকিব জৰিমনা, তিনিচকীয়া বাহনে চাৰিবাৰ নিয়ম ভংগ কৰিলেহে ভৰিব লাগিব জৰিমনা, ১৫ দিনৰ ভিতৰত এছঅপি প্ৰস্তুতৰ নিৰ্দেশ পৰিবহন বিভাগক, সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টি

nalbari cabinet

 CM’s Press Conference After the Cabinet:

নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত বৃহস্পতিবাৰে দিনৰ বাৰ বজাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক।
মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ একেদৰে বৈঠকতে লোৱা হয় নলবাৰীৰ বাবে কেইবাটাও অভিলাষী আঁচনি

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰে এক সংবাদমেল ৷ সংবাদমেলতে মুখ্যমন্ত্ৰী শৰ্মাই কেবিনেটৰ সিদ্ধান্ত সমূহ সদৰি কৰে ৷ সেই অনুসৰি এতিয়াৰ পৰা ৰাজপথত হেলমেট নিপিন্ধা মটৰ চাইকেল আৰোহীয়ে জৰিমনা ভৰিব লাগিব ৷ কিন্ত তেওঁলোকে আন কাৰণত ভৰিব নালাগে জৰিমনা ৷ তদুপৰি সুৰাপান কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে জৰিমনা লোৱা হ’ব ৷

একেদৰে অট ‘আৰু ই- ৰিক্সাৰ ক্ষেত্ৰতো নাথাকিব জৰিমনা ৷ অট ‘আৰু ই- ৰিক্সাই একেলেথাৰিয়ে চাৰিবাৰ নিয়ম ভংগ কৰিলেহে ভৰিব লাগিব জৰিমনা ৷ ১৫ দিনৰ ভিতৰত এছঅপি প্ৰস্তুত কৰিবলৈ পৰিবহন বিভাগক নিৰ্দেশ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,ৰাজ্যৰ সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টি কৰা হ’ব ৷ অহা চাৰি- পাঁচ মাহৰ ভিতৰতে আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া ৷ অৱশ্যে এই নিযুক্তিৰ বাবে আবেদন কৰিব পাৰিব ইতিপূৰ্বে সৰ্বশিক্ষাত নিয়োজিত হৈ থকা ঠিকাভিত্তিক ৩৫ হেজাৰ শিক্ষকে ৷ কৰিমগঞ্জ আৰু হাইলাকান্দি চহৰৰ পানী যোগান সমস্যা সমাধানৰ বাবে দুখন আঁচনি গ্ৰহণ কৰা হয় ৷ কৰিমগঞ্জ পানী যোগান আঁচনিৰ বাবে ৮১ কোটি আৰু হাইলাকান্দিৰ বাবে ৭১কোটি টকা অনুমোদন দিয়া হয় ৷

আনহাতে ,কেবিনেট বৈঠকে নলবাৰী কেন্দ্ৰীক লোৱা কেতবোৰ অভিলাষী আঁচনিৰ কথাও সংবাদমেলত ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীয়ে কয়, নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ অহা- যোৱা কৰিবৰ বাবে নিৰ্মাণ কৰা হ’ব উৰণ সেঁতু ৷ এম এন চি কলেজত আৰম্ভ কৰা হ’ব বিজ্ঞান শাখা। একেদৰে নলবাৰীৰ ঐতিহাসিক চাৰি ধৰ্মীয় অনুষ্ঠালৈ ৰাজ্য চৰকাৰে দিব তিনি কোটিকৈ টকা ৷ তদুপৰি নলবাৰী চহৰত নিৰ্মাণ কৰা হ’ব এখন অত্যাধুনিক ষ্টেডিয়াম

আনহাতে নলবাৰীত কৰ্মৰত অবিবি শিক্ষক সকলক এককালীন সাহায্য হিচাপে ৰাজ্য চৰকাৰে আগবঢ়াব দুই লাখকৈ টকা ৷এই ধন ৩০ ছেপ্তেম্বৰৰ ভিতৰত প্ৰদান কৰা হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

নলবাৰী জিলাত কে’বাটাও মথাউৰি নিৰ্মাণৰ কথাও ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়, মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নৈৰ পাৰত নিৰ্মাণ কৰা হ’ব মথাউৰি। সেই অনুসৰি বৰক্ষেত্রীত তিনি কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ বিপৰীতে টিহুত নিৰ্মাণ কৰা হ’ব ১৬ কিলোমিটাৰ মথাউৰি ৷

উল্লেখ্য যে,কেবিনেট বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে এটি ৰুদ্ৰাক্ষ পুলি ৰোপণ কৰে ৷ কেবিনেটত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা,বিমল বৰা,ৰঞ্জিত কুমাৰ দাস, ডা:ৰণোজ পেগু,কেশৱ মহন্ত,অজন্তা নেওগ,জয়ন্ত মল্লবৰুৱা, যোগেন মহন,নন্দিতা গাৰ্লোচা,ইউ জি ব্ৰক্ষ্ম,সঞ্জয় কিষাণ,পীযুষ হাজৰিকা সহ ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ লগতে উচ্চপদস্থ বিষয়াবৰ্গ ৷

Exit mobile version