New Delhi’s Indira Gandhi Airport Terminal Stops Ops After Roof Collapsest:নতুন দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰত অঘটন

প্ৰবল বৃষ্টিপাত-বতাহত খহি পৰিল টাৰ্মিনেল-১ৰ মুধচ, ১জনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৬জন লোক, প্ৰৱল বৃষ্টিপাতৰ কাৰণে বন্ধ কৰা এক নং টাৰ্মিনেল, উৰণ স্থগিত কে'বাখনো ঘৰুৱা বিমানৰ মুধচ

delhi airport

New Delhi’s Indira Gandhi Airport Terminal Stops Ops After Roof Collapsest:

উৎকত গৰমৰ পিছতে বৃহস্পতিবাৰে নিশাৰে পৰা দেশৰ ৰাজধানী চহৰ দিল্লীত হোৱা প্ৰৱল বৃষ্টিপাত-বতাহত জনজীৱন ব্যাহত কৰি তোলে ৷ মূষলধাৰ বৰষুণৰ ফলত দিল্লীৰ ৰাজপথত সৃষ্টি হৈছে প্ৰবল কৃত্ৰিম বান। বহু পথ ,উপ- পথত একাঠু পৰ্যন্ত পানী হোৱাৰ লগতে বহু আবাসীৰ গৃহত সোমাইছে পানী ৷

নেৰানেপেৰা বৰষুণ আৰু প্ৰৱল বতাহৰ ফলত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ মুধচ খহি পৰে ৷ ফলত থিতাতে এজন লোকৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় আন ছজনৰ। বিধ্বস্ত হয় কে’বাখনো বাহনৰ ৷
ইতিমধ্যে বিমানবন্দৰ কৰ্তৃপক্ষই প্ৰৱল বৃষ্টিপাতৰ কাৰণে বন্ধ কৰি দিছে এক নং টাৰ্মিনেল ৷ লগতে উৰণ স্থগিত ৰাখিছে কে’বাখনো ঘৰুৱা বিমানৰ ৷

উল্লেখ্য যে,শেষ নিশা আৰম্ভ হৈছিল বৰষুণ। দিল্লীৰ ছফদৰগঞ্জ অঞ্চলত ১৫৩.৭ মিলিমিটাৰ পৰিমাণৰ বৰষুণ হয়। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডু কিনজাৰাপুৱে এয়াৰপৰ্টত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যথোপযুক্ত ব্যৱস্থা লোৱাৰ কথা সদৰি কৰে ৷

Exit mobile version