Huge Hole in the Rs 844 Crore Rampath in Ayodhya:
ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যত বিসংগতি ধৰা পৰাৰ পাছত এইবাৰ প্ৰথমটো বর্ষাতে অযোধ্যাত ৮৪৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ৰামপথৰ নিৰ্মাণ কাৰ্যত গাফিলতি ধৰা পৰিল।
কে’বাশ কোটিটকীয়া নবনির্মিত ৰামপথত বাৰিষাৰ প্ৰথমজাক বৰষুণতে সৃষ্টি হ’ল প্রকাণ্ড গাঁত। উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰামপথ আনুষ্ঠানিকভাবে মুকলি কৰিছিল। নিৰ্মাণৰ মাত্ৰ ছমাহৰ পাছতে ৰামপথত সৃষ্টি হ’ল প্রকাণ্ড গাঁত।
ৰাম মন্দিৰৰ স’তে সংযোজিত এই গুৰুত্বপূৰ্ণ পথ প্ৰথম বৰষুণতে এইদৰে নষ্ট হ’বলৈ ধৰাত ইয়াৰ নিৰ্মাণ মানক লৈ প্রশ্ন উত্থাপিত হৈছে। ইতিমধ্যে সমাজবাদী পার্টি, কংগ্রেছসহ অন্যান্য বিৰোধী দলে ৰামপথৰ এই দুৰৱস্থাক লৈ সৰৱ হৈছে।
প্রকাশিত বাতৰি অনুসৰি ৰামপথত গাঁত সৃষ্টি হোৱাৰ তথ্য লাভৰ পাছত উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে উক্ত পথ নিৰ্মাণ কৰা গুজৰাটৰ প্ৰতিষ্ঠানলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিলে।