DNA Services of Aranyak Wildlife Genetic Laboratory:গুৱাহাটীস্থিত আৰণ্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰৰ ডি এন এ ফৰেনছিক সেৱাৰ এটা দশক সম্পূৰ্ণ

aaranyak main

DNA Services of Aranyak Wildlife Genetic Laboratory:

যোৱা দহ বছৰ ধৰি গুৱাহাটীস্থিত আৰণ্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰে বন্যপ্ৰাণীৰ ডি এন এ ফৰেনছিক বিশ্লেষণ সেৱা সফলতাৰে আগবঢ়াই আহিছে । এই পৰীক্ষাগাৰটোৱে অসমৰ এশৰো অধিক কেচৰ উপৰিও আন ৰাজ্যতো নিজৰ সেৱা আগবঢ়াইছে, যাৰ ফলত অঞ্চলটোৰ বন্যপ্ৰাণী অপৰাধৰ তদন্ত দ্ৰুততাৰে আগবঢ়াত যথেষ্ট সহায় হৈছে।

পৰীক্ষাগাৰটোৱে ৰূপগত ভাৱে পৃথক কৰিব নোৱাৰা জৈৱিক সামগ্ৰীৰ পৰা বন্যপ্ৰাণীৰ প্ৰজাতি চিনাক্তকৰণ, গঁড়, হাতী, বাঘ, নাহৰফুটুকীৰ ডি এন এৰ জৰিয়তে ফৰেনছিক, বন্দী হাতী পোৱালিৰ পিতৃ-মাতৃৰ পৰীক্ষা আদি বিভিন্ন ডি এন এ বিশ্লেষণৰ সেৱা আগবঢ়াই অহিছে ।

২০১২ চনত আৰন্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰ বিশ্বৰ প্ৰথম এনে গৱেষণাগাৰ হিচাপে পৰিগণিত হয় যিয়ে বনাঞ্চলত এশিঙীয়া গঁড়ৰ ব্যক্তিগত চিনাক্তকৰণৰ বাবে ডিএনএৰ ছাপ সফলতাৰে ব্যৱহাৰ কৰে আৰু জনসংখ্যাৰ আকলনৰ লগতে ফৰেনচিক অনুসন্ধানৰ বাবে এই কৌশল ব্যৱহাৰ কৰে।

পৰীক্ষাগাৰটোৱে দেশৰ গঁড়ৰ আনুবংশিক ডাটাবেছ প্ৰস্তুত কৰিছে, যাৰ সহায়ত যিকোনো গঁড়ৰ নমুনা, যেনে বাজেয়াপ্ত খৰ্গৰ উৎপত্তিৰ উৎস চিনাক্তকৰন, যিয়ে গঁড় সম্পৰ্কীয় অপৰাধৰ তদন্তত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি অহিছে।

আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী তথা ইয়াৰ বন্যপ্ৰাণী আনুবংশিক বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী উদয়ন বৰঠাকুৰে কয় যে, “ডি এন এ নমুনা সংগ্ৰহৰ বাবে প্ৰশিক্ষণত সহায় আগবঢ়োৱা আৰু সমান্তৰালভাৱে আমি অসম আৰু অন্যান্য উত্তৰ-পূবৰ ৰাজ্যসমূহত বন্যপ্ৰাণীৰ ফৰেনছিক ডি এন এ তদন্তত সহায় কৰি যোৱাৰ পৰিকল্পনা কৰিছো ।”

“আমি চৰকাৰৰ পৰিৱেশ, বন, আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছো। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগতে ৰাজ্যৰ অন্যান্য বন বিভাগসমূহক এই ক্ষেত্ৰত কাম কৰিবলৈ উদগনি জনাবৰ বাবে চেস্তা হাতত লৈছে ।’- বৰঠাকুৰে কয়।

উল্লেখযোগ্য যে ২০০৮ চনত প্ৰতিষ্ঠা হোৱা বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰক জৈৱিক নমুনা সংগ্ৰহৰ অনুমতি ২০০৯ চনত ভাৰত চৰকাৰৰ পৰিৱেশ, বন, আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰদান কৰিছিল। অসম বন বিভাগে ২০১৪ চনত ফৰেনছিক ডি এন এ বিশ্লেষণ আৰু ৰাজ্যৰ ভিতৰত বন্যপ্ৰাণী জিনীয় বিজ্ঞানৰ বাবে বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰ সেৱাত অনুমোদন জনাইছিল।

Exit mobile version