Nirmala Sitharaman has announced a special relief fund for flood control in Assam:বিহাৰক বানমুক্ত কৰিবলৈ বাজেটত ১১,৫০০ টকাৰ পেকেজ ঘোষণাৰ বিপৰীতে

বান নিয়ন্ত্ৰণৰ বাবে অসমলৈ বিশেষ সাহায্য পুঁজিৰ কথাহে ঘোষণা নিৰ্মলা সীতাৰমণৰ

NIRMALA 1

Nirmala Sitharaman has announced a special relief fund for flood control in Assam:

মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম আৰু বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমনৰ সপ্তম বাজেট আজি সংসদত দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।

ADVERTISEMENT

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটত বিহাৰক বানমুক্ত কৰিবলৈ বাজেটত ১১,৫০০ টকাৰ পেকেজ ঘোষণাৰ বিপৰীতে অসম সহ হিমাচল প্ৰদেশৰ বান নিয়ন্ত্ৰণৰ বাবে বিশেষ সাহায্য পুঁজি দিয়াৰ কথাহে ঘোষণা কৰে বিত্তমন্ত্ৰী গৰাকীয়ে । তাৎপৰ্যপূৰ্ণভাৱে অসমক কিমান ধন দিয়া হ’ব এই কথা বাজেটত উল্লেখ কৰা নহ’ল।

আনহাতে ,বানৰ কবলত পৰা দুই পাৰ্বত্য ৰাজ্য উত্তৰাখণ্ড আৰু ছিকিমকো বান সাহায্য হিচাপে পুঁজি মুকলি কৰাৰ কথা বাজেট ভাষণত প্ৰকাশ কৰে বিত্তমন্ত্ৰী সীতাৰমণে।

Exit mobile version