Assam AAP is in final chaos:ৰাজ্যত আপত চূড়ান্ত বিশৃংখলা

অসমত তিনিটা শিবিৰত বিভক্ত কেজৰিৱালৰ দল, কেন্দ্ৰীয় শীর্ষ নেতৃত্বৰ হস্তক্ষেপ বিচাৰি দিল্লীলৈ ৰাওনা হ'ব ক্ষুব্ধ নেতা-কর্মী

aap assam 1

Assam AAP is in final chaos:

আম আদমী পার্টি (আপ)ৰ অসম প্ৰদেশৰ ভিতৰচ’ৰাত সৃষ্টি হোৱা সংঘাতৰ ফলত দলটো কে’বাটাও ভাগত বিভক্ত হৈ পৰিছে। এই সংঘাতৰ মাজতে শেহতীয়াকৈ ব্রজেন ফুকন আৰু চন্দন ফুকনৰ নেতৃত্বত গঠিত নৱনিৰ্বাচিত ৰাজ্যিক সমিতিখন অসাংবিধানিক আখ্যা দি আপৰ ক্ষোভিত একাংশ নেতাই কেন্দ্রীয় নেতৃত্বৰ হস্তক্ষেপ বিচাৰি শীঘ্ৰেই দিল্লীলৈ ৰাওনা হ’ব বুলি দলটোৰ এক সূত্রই জনাইছে।

তথ্য মতে, বর্তমান আপৰ দুটা ফৈদৰ কন্দলত অতিষ্ঠ হৈ যি বিশৃংখলতাৰ সৃষ্টি কৰি দলটোক সংকটৰ সন্মুখীন কৰিছে তাৰ পৰিত্ৰাণ বিচাৰি আগন্তুক দুই-এদিনতে মধ্য অসমৰ এখন জিলাত ৰাজ্যৰ কে’বাখনো জিলাৰ আপৰ নেতা মিলিত হৈ দিল্লীলৈ যোৱাৰ সমগ্র বিষয়টো বিতংভাবে আলোচনা কৰিবলৈ মিলিত হ’ব।

আপৰ উত্তৰ-পূবৰ প্ৰভাৰী ৰাজেশ শৰ্মা আৰু প্ৰাক্তন সভাপতি ভৱেন চৌধুৰীৰ কার্যকলাপ তথা ব্রজেন সন্দিকৈৰ নেতৃত্বত গঠিত ৰাজ্যিক সমিতিখনৰ বিষয়েও এই আলোচনাত স্থান লাভ কৰিব। লগতে অসমত দলটো শক্তিশালী ৰূপত আত্মপ্রকাশ কৰাৰ ক্ষেত্রত কেন্দ্রীয় শীর্ষ নেতৃত্বত হেঁচা প্রয়োগ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূর্বে বিষয়টো নিষ্পত্তি কৰিবলৈ আহ্বান জনাব বুলি জানিব পৰা গৈছে।

ইতিমধ্যে কে’বাখনো জিলাৰ আপৰ নেতা- কর্মীয়ে এই আলোচনাত অংশগ্রহণ কৰিব। তাৎপর্যপূর্ণ বিষয় যে আপৰ ভিতৰচ’ৰাত চলি থকা চৰম বিশৃংখলতাৰ মাজতে দলটোৰ একাংশ নেতাই নগাঁৱত অনুষ্ঠিত কৰিবলৈ লোৱা এই আলোচনাত অতি গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব।

দলটোৰ ভিতৰচ’ৰাত আৰম্ভ হোৱা প্রচণ্ড মতানৈক্যৰ বাবে ৰাজ্যখনত আপ তিনিটা শিবিৰত বিভক্ত হৈ পৰিছে। ফলত দলৰ সাংগঠনিক স্থিতি দুৰ্বল হৈ পৰিছে। ইয়াৰ লগে লগে নিষ্ঠাবান কর্মীসকলৰ দলটোৰ প্রতি মোহভংগ হ’বলৈ ধৰিছে।

Exit mobile version