India has filed 72.8 million income tax returns till 31 July:
যোৱা ৩১ জুলাইলৈকে দেশত ৭.২৮ কোটি লোকে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিলে। যোৱা বছৰৰ তুলনাত এইবাৰ দেশত আয়কৰ ৰিটাৰ্ণ দাখিল কৰা লোকৰ সংখ্যা বৃদ্ধি পালে। যোৱা বছৰত ভাৰতত ৬.৭৭ কোটি লোকে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিছিল। ২০২৩ বৰ্ষৰ তুলনাত ২০২৪ত দেশত আয়কৰ ৰিটাৰ্ণ দাখিলৰ সংখ্যা ৭.৫ শতাংশ বৃদ্ধি পালে।
যিসকল লোকে এতিয়াও ৰিটার্ণ দাখিল কৰা নাই তেওঁলোকে জৰিমনাসহ ৰিটার্ণ দাখিল কৰিব পাৰিব। এক আগষ্টৰ পৰা ৰিটাৰ্ণ দাখিলকাৰীয়ে ৫ হেজাৰ টকালৈকে জৰিমনা ভৰিব লাগিব। বার্ষিক পাঁচ লাখ টকালৈ উপাৰ্জন কৰা কৰদাতাই নিৰ্ধাৰিত সময়ৰ পাছত ৰিটাৰ্ণ দাখিল কৰিলে এহেজাৰ টকাৰ জৰিমনা ভৰিব লাগিব।