Two suitcases brought by Hasina, who left the country in a hurry:
প্ৰাণৰ মমতাত খৰখেদাকৈ দেশ ত্যাগ কৰি ভাৰতত উপস্থিত হোৱা বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাই লগত দুটা ছ্যুটকেছো আনে। এই ছ্যুটকেছ দুটাই হৈছে কোটিপতি প্রধানমন্ত্রী গৰাকীয়ে লগত অনা সম্পত্তি। ভাৰতত সাময়িক আশ্রয় লৈ থকা হাছিনাৰ এই ছ্যুটকেছ দুটাক সম্প্রতি বহুতৰ মনত কৌতূহলৰ সৃষ্টি হৈছে। ছ্যুটকেছ দুটাত কি আছে, সেই কথা জনাটো সাধাৰণ লোকৰ বাবে মুঠেই সম্ভৱ নহয়।
অৱশ্যে এই সম্পর্কত এক সূত্রই সংবাদ মাধ্যমক জনোৱা মতে, ক্ষমতাচ্যুত প্রধানমন্ত্ৰী গৰাকীৰ ছ্যুটকেছ দুটাত কিছু সাজপাৰ আৰু কেতবোৰ জৰুৰী বা গুৰুত্বপূর্ণ নথিপত্র আছে।
একাংশই তেওঁৰ সম্পত্তিৰ হিচাপো বিচাৰিছে। লক্ষ্যণীয় যে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত দেশখনৰ সাধাৰণ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সময়ত হাছিনায়ো নির্বাচন আয়োগক নিজৰ সম্পত্তিৰ হিচাপ দিছিল। নির্বাচন আয়োগক তেওঁ দাখিল কৰা তথ্য অনুসৰি, তেওঁৰ সম্পত্তিৰ মূল্য চাৰি কোটি ৩৬ লাখ টাকাৰ (টাকা হৈছে বাংলাদেশৰ মুদ্রা)। অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত তেওঁৰ সম্পত্তিৰ মূল্য তিনি কোটি ১৪ লাখ টকা। সেয়েহে সদ্য ক্ষমতাচ্যুত প্রধানমন্ত্ৰী গৰাকীয়ে লগত অনা ছ্যুটকেছ দুটাত কি আছে, তাক লৈ বহুতৰ মনত উৎসুক্যতাৰ সৃষ্টি হৈছে।
উল্লেখ্য যে বিগত নির্বাচনত হাছিনা নেতৃত্বাধীন আৱামী লীগ আৰু সহযোগী দলসমূহে মুঠ তিনিশ আসনৰ ২২৫খনত জয়যুক্ত হৈছিল। তেওঁৰ পদত্যাগৰ পাছতে ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে সংসদ ভংগ কৰে।
# আন এক সংকটত হাছিনা: ভিছা বাতিল মার্কিন প্রশাসনৰ
সম্প্রতি এক জটিল সন্ধিক্ষণত থকা বাংলাদেশৰ সদ্য ক্ষমতাচ্যুত প্রধানমন্ত্রী শ্বেইখ হাছিনা আৰু এক জটিলতাৰ সম্মুখীন হৈছে। ব্রিটেইনলৈ উৰা মৰাৰ উদ্দেশ্যে ভাৰতলৈ অহা বুলি চর্চিত হৈ থকা বাংলাদেশৰ আৱামী লীগৰ মুৰব্বীগৰাকীৰ ভিছা সম্প্রতি মার্কিন প্রশাসনে বাতিল কৰা বুলি বাতৰি প্ৰচাৰ হৈছে।
উল্লেখ্য যে প্রধানমন্ত্ৰিত্বৰ কাৰ্যকালত হাছিনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ স’তে সম্পর্ক মধুৰৰ পৰা মধুৰতৰ কৰি তুলিবলৈ যত্নপৰ হৈছিল। অৱশ্যে মাজে-সময়ে তেওঁক মার্কিন প্রশাসনে সমালোচনাও কৰিছিল। ইয়াৰ কাৰণ আছিল তেওঁৰ একনায়কত্ববাদী প্রৱণতা।
