Exceptional wedding in Nalbari :
নলবাৰীত ৰজা -ৰাণীৰ বিয়া সম্পন্ন ৷ ৰজা দৰা, ৰাণী কইনা। এখন ব্যতিক্ৰমী বিয়া। বিয়াত চলিছে জোৰোণ দিয়া, পানী তোলা, দৰা গা ধোৱা পৰ্ব। আয়তিয়ে নাচি বাগি পানী তুলিছে। মাহ হালধিৰে নোৱালে ধোৱালে দৰাক । অতিথিক আপায়ন কৰিছে দৰাঘৰীয়াই । দৰাৰ ঘৰ নলবাৰীৰ নতুন খেলুৱাত, কইনাৰ ঘৰ গাঁওখনৰেই খেলুৱা পুখুৰীপাৰত ।
সম্পূৰ্ণ অসমীয়া ৰীতি- নীতিৰে নিশা সম্পন্ন হ’ল ৰজা -ৰাণীৰ বিয়া । নিশা দৰা ৰজাই গ’ল টেক্ট্ৰৰত । বিয়াত সমবেত হল চাৰাবৰি, বৰবিলা, হেলচা গাঁওৰ প্ৰায় চাৰি শতাধিক লোক। দৰা পাৰ্টীক আপ্যায়ন কৰিলে কইনা ৰাণীৰ পৰিয়ালে।
এয়া কোনো যুৱক- যুৱতীৰ বিয়া নহয়। এয়া আচলতে এজাক বৰষুণৰ অধীৰ অপেক্ষাত নলবাৰীৰ খেলুৱাবাসীয়ে আয়োজন কৰা ভেকুলীৰ বিয়া । লোক বিশ্বাস অনুসৰি ভেকুলীৰ বিয়া পাতিলে হেনো বৰষুণ নামে ধৰালৈ । বৰষুণৰ অভাৱত চাৰিওফালে কৃষিভূমি চিৰাল ফাট মেলিচে , কৃষকে মূৰে কপালে হাত দিছে। যাৰ বাবে ভেকুলীৰ বিয়া পাতিছে গাওঁবাসীয়ে ।
ইপিনে জনসিঞ্চনৰ অভাৱত বাবে ৰাইজে আজি ভেকুলীৰ বিয়া আয়োজন কৰিব লগাটো সচাকৈয়ে দুৰ্ভাগ্যজনক । অতিশীঘ্ৰে জনসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছে ৷