Poshan Maah Programme In Guwahati:কামৰূপ মহানগৰ জিলাত পোষণ মাহৰ শুভাৰম্ভ
ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত “সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪” উদ্যাপন উপলক্ষে আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় । জিলা পৰ্যায়ত শুভ উদ্বোধনী অনুষ্ঠান তথা আগন্তুক মাহযোৰা কাৰ্য্যসূচী ৰূপায়ণ সম্পৰ্কে কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত সংশ্লিষ্ট বিভাগসমূহৰ মাজত এলানি আলোচনা অনুষ্ঠিত হয়।
জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় নিদেৰ্শনামতে সকলোকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ লগতে পোষণ মাহ উদযাপনৰ মাহযোৰা পৰিকল্পিত কাৰ্যসূচীসমূহ সাফল্যমণ্ডিত কৰাৰ বাবে সকলোৰে সহায় সহযোগিতাৰ বাবে আহ্বান জনায় । অনুষ্ঠানত কামৰূপ মহানগৰ জিলা সমাজ কল্যাণ বিষয়া সন্তোষ কুটুমে আদৰণি ভাষণৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞাই বন্তি প্ৰজ্জ্বলন আৰু কেক কটা পৰ্বৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।
পোষণ অভিযানৰ জিলা সমন্বয়ক সুমন বৰগোহাঁয়ে সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ মূল উদ্দেশ্যসমূহ যেনে- ৰক্তহীনতা চিনাক্তকৰণ শিবিৰ, ওজন,পৰিপূৰক আহাৰৰ সজাগতা,পোষণ ভি পঢ়াই ভি, উন্নত শাসন, স্বচ্ছতা আৰু উন্নত সেৱা প্ৰদানৰ বাবে প্ৰযুক্তি ব্যৱহাৰ আৰু এজোপা গছ মাৰ নামত ৰোপণ ইত্যাদি সন্দৰ্ভত বৰ্ণনা কৰাৰ লগতে এই দিশসমূহ কাৰ্যত ৰূপায়িত কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ দায়িত্ব অৱগত কৰাই তেওঁলোকৰ সহায় সহযোগিতা কামনা কৰে।
সভাত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কেচিঅ’ কৰণ পেগু, মহিলা আৰু শিশু বিকাশ বিভাগৰ উপ সঞ্চালক দেৱজিৎ বৰা, জিলা পৰিষদ, স্বাস্থ্য, শিক্ষা, বন, জন-স্বাস্থ্য আৰু কাৰিকৰি বিভাগ ইত্যাদি সংশ্লিষ্ট বিভাগৰ জিলা পৰ্যায়ৰ উচ্চপদস্থ বিষয়া আৰু প্ৰতিনিধিসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত স্থানীয় ভাবে উপলব্ধ বিভিন্ন খাদ্য সম্ভাৰ প্ৰদৰ্শনৰে সামৰণি পৰে ।