IIT Guwahati student found dead in hostel:
গুৱাহাটীৰ আই আই টিৰ পুনৰ শিক্ষাৰ্থীৰ আত্মহনন ৷ তৃতীয় বৰ্ষৰ বি টেকৰ ছাত্ৰ এজনক প্ৰতিষ্ঠান খনৰ ব্ৰক্ষ্মপুত্ৰ হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই এমাহৰ ভিতৰত প্ৰতিষ্ঠানটোত দ্বিতীয়বাৰৰ বাবে আত্মহত্যা ঘটনা হিচাপে বিবেচিত হয় ৷
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।উল্লেখ্য যে এই ঘটনাই এমাহৰ ভিতৰত ইনষ্টিটিউট খনত দ্বিতীয়টো আত্মহত্যাৰ ঘটনা। যোৱা ৯ আগষ্টত উত্তৰ প্ৰদেশৰ এম টেকৰ ছাত্ৰী সৌম্যাক দিছাং হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ হৈছিল ।
আনহাতে এমাহত দুটাকৈ আত্মহত্যাক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে প্ৰতিষ্ঠান খনৰ শিক্ষাৰ্থী সকল ৷ সোমবাৰে গুৱাহাটী আই আই টিৰ ছাত্ৰ-ছাত্ৰী সকলে হাতত প্লে’কাৰ্ড লৈ এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী সকলে ছাত্ৰ-ছাত্ৰীৰ
মানসিক স্বাস্থ্য উন্নত কৰাৰ বাবে ইনষ্টিটিউট কৰ্তৃপক্ষক আহ্বান জনায়। আনহাতে আৰক্ষীয়ে ইনষ্টিটিউট কৰ্তৃপক্ষৰ সৈতে মিলি পৰিস্থিতিৰ পুংখানুপুংখ তদন্ত আৰম্ভ কৰিছে ৷
