Wild elephants infest the home district of the Forest Minister:
বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ জিলা নলবাৰীত বন্য হাতীৰ তাণ্ডৱ যেন তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে।শেহতীয়াকৈ বন্য হাতীৰ তাণ্ডৱ ঘগ্ৰাপাৰ ৰাজহ চক্রৰ অন্তৰ্গত পুব-বৰশিৰাল আৰু বনগাঁও অঞ্চলত দেখিবলৈ পোৱা গৈছে।নিতৌ পুব -বৰশিৰালৰ সেউজীয়া কৃষিভূমিত বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাইছে বুলি কৃষক ৰাইজে অভিযোগ উত্থাপন কৰিছে।
উক্ত কৃষি পথাৰ খনৰ পুব-বৰশিৰাশৰ কৃষক অৰবিন্দ বড়ো, বনগাঁওৰ কৃষক শিশু দাস,ধৰ্ম দাস আৰু অনিৰুদ্ধ দাস আদিয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰা মতে সংশ্লিষ্ট কৃষি পথাৰখনত মূৰৰ ঘাম মাটিত পেলায় ভুই ৰোৱাৰ পিছতে সেউজীয়া হৈ পৰা খেতিদৰালৈ পাগলদিয়া নৈৰ ভিতৰৰ পৰা নিতৌ এটি বনৰীয়া হাতীৰ জাকে আহি উক্ত কৃষি ভুমি তহিলং কৰি আহিছে যদিও মুঠেও গুৰুত্ব দিয়া নাই স্থানীয় প্রশাসন তথা নলবাৰীৰ বিয়াগোম বন বিভাগে।
উপায়ন্তৰ হৈ কৃষকসমাজে মুৰে কপালে হাত দি চকুৰ পানী মুচি নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাক কৃষি ভুমিত বনৰীয়া হাতীৰ তাণ্ডৱ ৰোধ কৰাৰ লগতে ক্ষতি পুৰণ দিয়া বাবে অনুৰোধ জনাইছে। ইফালে বিগত দিনত পুব -বৰশিৰালৰ কৃষক অৰবিন্দ বড়োৰ প্রায় ২ বিঘা কুহিয়াৰ খেতিও হাতীৰ জাকে তাণ্ডৱ চলাই নষ্ট কৰিছে যদিও মুঠেও ক্ষতিপূৰণ পোৱা নাই বুলি দুখ প্ৰকাশ কৰিছে।
উল্লেখ্য যে যোৱা আগষ্ট মাহত নলবাৰী জিলাৰ পুব নলবাৰী অঞ্চলটোত বনৰীয়া হাতীৰ জাকে মানুহৰ থকা গৃহ ভাঙি ছিঙি নিদ্রা হৰণ কৰিছিল।ইফালে সেই সময়তে হাতীৰ জাকৰ আক্ৰমণত দিশহাৰা হৈ পৰিছিল নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্রৰ কেহেৰুৱা গাৱৰ এটি পৰিয়াল। দীৰ্ঘদিন ধৰি নলবাৰী আৰু বাক্সা জিলাত সন্ত্ৰাস চলাই আহিছে বনৰীয়া হাতীৰ জাকে। ইতিমধ্যে কেবাজনো লোকৰ প্ৰাণ কাঢ়ি নিয়া বনৰীয়া হাতীৰ জাকটোৱে মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।
নলবাৰী আৰু বাক্সা জিলাৰ কেবাটাও স্থানত পৃথকে পৃথকে আশ্ৰয় লৈ থকা বনৰীয়া হাতীৰ জাকটোৱে নলবাৰীৰ ভিন্ন প্ৰান্তত পুনৰ আতংকৰ সৃষ্টি কৰিছে । নিতৌ মানুহৰ ঘৰ – দুৱাৰ ভাঙি, খেতি-বাতি খাই তহিলং কৰিছে হাতীৰ জাকটোৱে। শেহতীয়াকৈ ঘগ্ৰাপাৰ ৰাজহ চক্রৰ পুব-বৰশিৰাশৰ সেউজীয়া কৃষিভূমিত কৃষক সমাজৰ খেতি-বাতি তহিলং কৰাত এতিয়া অঞ্চলটোৰ কৃষক সমাজৰ বিলাই বিপত্তি নোহোৱা হৈ পৰিছে ।
লগতে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ জিলা বন্য হাতীৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে।উল্লেখ্য যে বিগত কিছু মাহ পুৰ্বেও পুব নলবাৰী অঞ্চলৰ কটাহকুছি, জুগুৰকুছি, শ্রী পুৰ, দিহজাৰী, কেহেৰুৱা(বৰঘোপা) আদি গাঁৱত এটি হাতীৰ জাকে উপদ্রৱ চলাই ৰাইজৰ নিদ্রা হৰণ কৰি আহিছিল।
