DGP GP Singh at the eviction site in Kasutali:কচুতলীৰ উচ্ছেদস্থলীত ডিজিপি জি পি সিং

সম্পূৰ্ণ বেদখলমুক্ত নোহোৱা পৰ্যন্ত চলিব উচ্ছেদ, বেদখলমুক্ত হৈছে ২৪৮ বিঘা ভূমি,উচ্ছেদ কৰা হৈছে ১৫১টা পৰিয়ালৰ ৩০০টা বাসগৃহ, বেদখলকাৰী সকল বাংলাদেশী বুলি সন্দেহ কৰা হৈছে,কিয়নো আগষ্ট মাহত ট্ৰেক্টৰেৰে বয়-বস্তু লৈ আহিছিল কচুতলিৰ

dgp at kasutali

DGP GP Singh at the eviction site in Kasutali:

সোণাপুৰৰ কচুতলিত আজিও অব্যাহত আছে উত্তেজনা। বৃহস্পতিবাৰে আৰক্ষীক আক্ৰমণ কৰা পাঁচজন বেদখলকাৰীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আটক কৰা হৈছে ছজনক ।

আনহাতে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । ইতিমধ্যে কচুতলি পথছোৱা সৰ্বসাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ সম্ভাব্য পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে অতিৰিক্ত আৰক্ষী বাহিনী। একেদৰে আৰক্ষীয়ে বাহৰ বেৰিকেড স্থাপন কৰিছে।

আনহাতে শুক্ৰবাৰে পুনৰ উচ্ছেদ চলাবৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ সষ্টম কৰি তোলা লৈ আৰক্ষী- চিআৰপিএফ বাহিনী। ইপিনে আজি পুৱাৰে পৰা কিছু সংখ্যক বেদখলকাৰী নিজৰ সা- সামগ্ৰী লৈ আঁতৰি গৈছে ৷

উল্লেখ্য যে বৃহস্পতিবাৰে জনজাতীয় খণ্ড আৰু আবেষ্টনীত হোৱা বেদখল উচ্ছেদ অভিযানে ৰক্তাক্ত ৰূপ ধাৰণ কৰে। ইতিমধ্যে যোৱা ন আৰু ১০ ছেপ্টেম্বৰত খণ্ড আৰু আবেষ্টনীৰ অন্তৰ্গত কচুতলীত প্রশাসনে উচ্ছেদ অভিযান চলাইছিল। শান্তিপূর্ণভাৱে এই উচ্ছেদ চলিছিল। উচ্ছেদিত কিছু সংখ্যক লোক সেই স্থানৰ পৰা আঁতৰিও গৈছিল। আন একাংশই আঁতৰি যোৱাৰ পৰিৱৰ্তে উচ্ছেদ হোৱা স্থানতে তম্বু তৰি বাস কৰি আছিল।

ৰৈ যোৱা বেদখলকাৰী সকলক উচ্ছেদৰ বাবে পুনৰ প্ৰশাসন আৰু আৰক্ষী-নিৰাপত্তা বাহিনীৰ দল উপস্থিত হয়। প্ৰশাসনৰ পৰা বেদখলকাৰী সকলক সেই স্থানৰ পৰা আঁতৰি যাবলৈ আহ্বান জনোৱা হয়; কিন্তু কোনো বেদখলকাৰী আঁতৰি যোৱা নাছিল। প্ৰশাসনৰ দলে তেওঁলোকক আঁতৰি যাবলৈ একাধিকবাৰ আহ্বান জনায়। এনে সময়তে ৰক্তক্ষয়ী ঘটনা সংঘটিত হোৱাত দুজন লোক গুলিবিদ্ধ হৈ সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু দুই বেদখলকাৰী ৷ নিহত লোক দুজন হ’ল হাইদৰ আলী আৰু জুৱাহিদ আলী বুলি চিনাক্ত কৰা হৈছে।

অৰ্ধশতাধিক আৰক্ষী-বেদখলকাৰী আহত হয় এই উচ্ছেদ অভিযানত। ইয়াৰ পাছতে সমগ্ৰ সোণাপুৰত তীব্র উত্তেজনা বিয়পি পৰে। নিশাও উত্তেজনা অব্যাহত থাকে। পুনৰ যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে প্রায় ন বজাত উচ্ছেদ চলা স্থানত অধিকাংশ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ জোৱানক নিয়োগ কৰা হৈছিল ৷

আনহাতে আজি পঞ্চমদিনৰ উচ্ছেদ অভিযানৰ বুজ ল’বলৈ কচুতলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জিপি সিঙে। ঘটনাস্থলীত উপস্থিত হৈ বৃহস্পতিবাৰে আক্ৰমণৰ ঘটনাত তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ কৰিছে ডিজিপিয়ে।

ডিজিপি গৰাকীয়ে কয়, ‘তৃতীয় শক্তি জড়িত নথকা হ’লে হঠাৎ এনে ঘটনা কেতিয়াও সম্ভৱ নহয়। ইতিমধ্যে গুৱাহাটী আৰক্ষীয়ে নিজাববীয়া ৰজু কৰিছে এটা গোচৰ ৷ একেদৰে ঘটনাৰ স’তে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে কেইবাজনকো। আনহাতে ঘটনাৰ আলম লৈ একাংশ কচুতলিৰ মাজেৰে যোৱা ৰে’ল লাইন সহ ৰে’লৱে’ৰ সম্পত্তি ধ্বংস কৰাৰ বাবে সাজু হোৱাৰ তথ্য আমি লাভ কৰিছিলো।

এই কাৰ্যৰে জড়িত সকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে ৷ শীৰ্ঘেই আটক কৰা হ’ব উপদ্ৰৱকাৰীক ৷ ডিজিপি গৰাকীয়ে আৰু কয় যে,সম্পূৰ্ণ বেদখলমুক্ত নোহোৱা পৰ্যন্ত চলিব উচ্ছেদ ৷ ইতিমধ্যে বেদখলমুক্ত হৈছে ২৪৮ বিঘা ভূমি,উচ্ছেদ কৰা হৈছে ১৫১টা পৰিয়ালৰ ৩০০টা বাসগৃহ ৷ বেদখলকাৰী সকল বাংলাদেশী বুলি সন্দেহ কৰা হৈছে,কিয়নো আগষ্ট মাহত ট্ৰেক্টৰেৰে বয়-বস্তু লৈ আহিছিল কচুতলিলৈ ৷

Exit mobile version