State Bjp Pressmeet :অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণক ৰাজ্যিক বিজেপিৰ আদৰণি

অখিল গগৈয়ে ৰাজনৈতিক উদ্দেশ্যেপ্রণোদিত বক্তব্যৰে শালীনতাৰ সীমা অতিক্ৰম কৰিছে:ৰাজ্যিক বিজেপি

subash dutta

State Bjp Pressmeet :

অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে বিপ্লৱ শৰ্মা কমিটিৰ প্রতিবেদনৰ ৫২ টা পৰামৰ্শ ৰূপায়ণৰ ক্ষেত্ৰত এমাহৰ ভিতৰত এক্সন প্লেন তৈয়াৰ কৰাৰ বাবে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্রহণ কৰা সিদ্ধান্তক ৰাজ্যিক বিজেপিয়ে সূদূৰপ্ৰসাৰী আৰু অসমীয়া জাতীয় জীৱনৰ বাবে এক আশাব্যঞ্জক বুলি অভিহিত কৰিছে। আজি এক প্ৰেছ বিবৃতিত ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ মুখপাত্র সুভাষ দত্তই কয় অসমৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে অসমৰ জাতীয় জীৱনক প্রতিনিধিত্ব কৰা অসমীয়া জাতিৰ ভূমি, ভাষা, সংস্কৃতিৰ ৰক্ষাৰ দায়িত্ব গ্রহণ কৰি বিপ্লৱ শর্মা কমিটি প্রতিবেদনৰ পৰামৰ্শ অনুসৰি ৰাজ্য চকাৰৰ আওতাৰ ভিতৰত থকা ৪০ টা দফা ৰূপায়ণ ৰ কাৰণে গ্রহণ কৰা সিদ্ধান্ত ঐতিহাসিক আৰু এই সিদ্ধান্ত কার্যকৰী হ’লে অসমীয়া জাতি দীর্ঘদিন ধৰি সংগ্ৰাম কৰি অহা এখন সংগ্ৰামৰ সফল পৰিণতি হ’ব।

যোৱাকালি সদৌ অসম ছাত্ৰ সন্থাৰ লগত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক বৈঠকত এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ লগতে ১২ টা পৰামৰ্শ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে উমৈহতীয়াভাবে, ১৫ টা পৰামৰ্শ ৰূপায়ণৰ বাবে কেন্দ্রক আনুষ্ঠানিকভাবে অনুৰোধ জনোৱাৰ যি সিদ্ধান্তৰ লগতে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত ত্রিপাক্ষিক আনুষ্ঠানিক বৈঠকৰ বাবে গ্রহণ কৰাৰ কথা সিদ্ধান্তকো ভাবতীয় জনতা পার্টি, অসম প্রদেশে আদৰণি জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰে নিশ্চিতভাবে এই পোন্ধৰটা বিষয় কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগভাগ ল’ব বুলি আশা ব্যক্ত কৰিছে।

একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ নেতৃত্বতেই অসমীয়া জাতীয় জীৱন সুৰক্ষিত বুলি মন্তব্য কৰি মুখপাত্র সুভাষ দত্তই বিবৃতিখনত লগতে কয়, বিজেপি চৰকাৰে বিগত ৮ টা বছৰে কেনেদৰে অসমৰ পুৰণি কৃতী চিহ্নসমূহ সংৰক্ষণ আৰু অসমৰ জাতীয় জীৱনৰ লগত জড়িত প্রতিটো বিষয় অতি সংবেদনশীলতাৰে বিবেচনা কৰি কাৰ্যকৰী ৰূপ দিয়াৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অসমৰ ৰাইজে নিশ্চিতভাৱে প্ৰত্যক্ষ কৰিছে। আমি আশা কৰিব পৰোঁ যিদৰে অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষা সমূহৰ সংবর্ধনৰ কাৰণে সমৃদ্ধিশালী কৰাৰ কাৰণে ভাৰতীয় জনতা পার্টি চৰকাৰখনে ব্যৱস্থা গ্রহণ কৰিছে এয়া আজিৰ তাৰিখত অসমৰ ৰাইজে অসমৰ ভাষা, সাহিত্য, সংস্কৃতি আমাৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পার্টি চৰকাৰখন যে দায়বদ্ধ এই কথাটো একেমুখে স্বীকাৰ কৰে।

বিবৃতিখনত মুখপাত্র সুভাষ দত্তই ঐতিহাসিক অসম আন্দোলনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ যি অংশগ্ৰহণৰ কথা স্মৰণ কৰি কয় যে অসম আন্দোলনৰ সেই সময়ৰ প্ৰেক্ষাপটক সৰ্বভাৰতীয় অথবা আন্তজার্তিক পৰ্যায়ত তুলি ধৰাৰ কাৰণে আমাৰ দলৰ স্বনামধন্য নেতা ভাৰতৰত্ন প্রয়াত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানিৰ দৰে নেতাৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতেই জনমত গঠনৰ প্ৰয়াস হৈছিল, সংসদৰ মজিয়াতো অসম আন্দোলনৰ ঐতিহাসিক প্রেক্ষাপটত তুলি ধৰাৰ কাৰণে এইসকল নেতাই প্রচেষ্টা গ্রহণ কৰিছিল।

মুখপাত্রজনে লগতে কয়, যিদৰে অসমৰ জাতীয় জীৱনক ৰক্ষা দিয়াৰ কাৰণে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অসমৰ বিভিন্ন বিষয়ত আজি ইতিবাচক দৃষ্টিভংগী গ্রহণ কৰিছে ঠিক সেইদৰে বিপ্লৱ শৰ্মা আয়োগৰ প্রতিবেদনৰ এই পৰামৰ্শবলীও কাৰ্যকৰী কৰাৰ কাৰণে নিশ্চিতভাবে একমাত্র ভাৰতীয় জনতা পার্টি এন ডি এ চৰকাৰে ব্যবস্থা গ্রহণ কৰিব, এয়া আমাৰ দৃঢ়বিশ্বাস।

আনহাতে মুখপাত্র সুভাষ দত্তই, ৰাইজৰ দলৰ সভাপতি গৰাকীক সমালোচনা কৰি কয়, অখিল গগৈৰ আদর্শ বাঁওপন্থী নৈৰাজ্যবাদত বিশ্বাসী, এই পন্থাত বিশ্বাসীসকলে এটা সমাজত সঘনাই বিশৃংখল পৰিৱেশৰ কৰে। মুখ্যমন্ত্রীৰ নির্দেশ অনুসৰি বিদ্যালয়সমূহত শিক্ষার্থী সমাজৰ বাবে চৰিত্র পাঠ প্রণয়নৰ লগে লগে প্রথম প্রতিক্রিয়া অখিল গগৈৰ ফালৰ পৰা আহিল। কাৰণ তেখেতসকলে বিচাৰে ছাত্র সমাজৰ উঠি অহা প্ৰজন্মৰ সু- চৰিত্র গঠন নহওক।

কাৰণ নতুন প্রজন্মৰ যদি সু-চৰিত্র গঠন হয় তেনেহ’লে তেওঁলোকে কেতিয়াও নক্সাল অথবা মাওবাদী আদর্শক গ্রহণ নকৰে আৰু সেয়ে অতি ৰাজনৈতিক উদ্দেশ্যেপ্রণোদিতভাবে অতি চাতুর্যতাৰে অখিল গগৈয়ে চৰিত্র পাঠ পঢ়োৱা কামটো বিৰোধিতা কৰিছে। এই কথাটো অসমৰ সচেতন ৰাইজে লক্ষ্য কৰিছে। অখিল গগৈৰ এনে বক্তব্য ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত আৰু তেখেতে এই বক্তব্য ৰাখিবলৈ যাওতে শালীনতাৰ সীমাও অতিক্রম কৰিছে। কেবল ইয়াত বুলিয়েই নহয় ভাৰত বৰ্ষ তথা পৃথিবীৰ কোনো অঞ্চলতেই মাওবাদী আদর্শত বিশ্বাসীসকলে নতুন প্রজন্মক চৰিত্র পাঠ কৰাটো নিবিচাৰে।

তেখেতসকলে নতুন প্রজন্ম উশৃংখল আক আন্দোলনমুখী তথা মাওবাদী চিন্তাৰে পৰিপুষ্ট কৰি তেওঁলোকক উগ্রবাদ আৰু উগ্রবাদৰ পৰা সন্ত্রাসবাদলৈকে পর্যবেশিত কবে। কাঁ আন্দোলনৰ সময়ত যিদৰে অখিল গগৈৰ নেতৃত্বত বিধায়ক ঘৰ জ্বলাই দিয়া হৈছিল, সমর্থকৰ ঘৰসমূহলৈ শিলগুটি নিক্ষেপ কৰা হৈছিল তেনেকুৱা ধৰণৰ হিংসাত্মক পৰিৱেশে ৰাজ্যখনৰ শান্তি-সম্প্রতি বিনষ্ট কৰি তুলিছিল, তেনেকুৱা পৰিৱেশ পুনৰাই সৃষ্টি হোৱাৰ স্বাৰ্থতেই অখিল গগৈয়ে বিদ্যালয়সমূহত চৰিত্র পুঠি প্রৱর্তন কৰাটো বিৰোধিতা কৰিছে।

মুখপাত্রজনে লগতে চৰিত্ৰ পাঠ পুনৰাই বিদ্যালয়সমূহত অন্তর্ভুক্তি বিষয়টো আদৰণি জনাই কয় যে পূর্বতে বিদ্যালয়ত এনে ব্যৱস্থা আছিল কিন্তু কংগ্রেছ চৰকাৰে এই ব্যবস্থা উঠাই দিছিল আৰু ৰাজ্য চৰকাৰে পুনৰাই গ্রহণ কৰা প্রচেষ্টাক অসমৰ ৰাইজে আদৰণি জনাইছে।

Exit mobile version