China’s garlic is filling the market:জনস্বাস্থ্যৰ ক্ষতিৰ আশংকা : চীনৰ নহৰুৰে ভৰিছে বজাৰ

দেশত উৎপাদিত নহৰুৰ অত্যধিক মূল্যবৃদ্ধিৰ সুযোগ লৈছে অসাধু ব্যৱসায়ীয়ে, নির্বিকাৰ ভূমিকা যোগান বিভাগৰ

chid

China’s garlic is filling the market:

ৰাজ্যৰ অসামৰিক যোগান বিভাগৰ নিষ্ক্রিয়তাত চৌদিশৰ বজাৰত চীনত উৎপাদিত নহৰুৱে ভৰি পৰাৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াভাবে দেশত উৎপাদিত নহৰুৰ অত্যধিক মূল্যবৃদ্ধি ঘটিছে। ইয়াৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে চীনত উৎপাদিত নহৰু আনি বজাৰ ভৰাই পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এনে ঘটনা মধ্য অসমৰ চুলুং, ৰূপহী, লাওখোবা, ধিং, শান্তিজান, মৈৰাবাৰী বজাৰতো সংঘটিত হৈছে। প্রাপ্ত তথ্য অনুসৰি, দেশত উৎপাদিত প্রতি কিলোগ্রাম নহৰুৰ

পইকাৰী মূল্য ২৬০ টকা আৰু খুচুৰা মূল্য ৩২০ টকা। ইয়াৰ বিপৰীতে প্ৰতি কিলোগ্রাম চীনা নহৰুৰ পাইকাৰী মূল্য ২৫০ টকা আৰু খুচুৰা মূল্য ২৮০ টকা। গতিকে চীনা নহৰুৰ প্ৰতি বহু গ্রাহক আকর্ষিত হৈছে। সুবিধা বুজি একাংশ ব্যৱসায়ীয়ে বজাৰত নহৰুৰ কৃত্রিম নাটনিৰো সৃষ্টি কৰিছে। লক্ষ্যণীয় যে সাধাৰণতে অসমলৈ মধ্য প্ৰদেশৰ ইন্দোৰ আৰু ৰাজস্থানৰ পৰা নহৰু আহে। এনে নহৰুৰ দাম সম্প্রতি আকাশলংঘী হৈছে। ইয়াৰে সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে শ্বিলঙৰ পৰা কম দামত চীনা নহৰু কিনি আনি অসমৰ বজাৰত বিক্ৰী কৰিবলৈ লৈছে।

দেশত উৎপাদিত নহৰুতকৈ চীনা নহৰুৰ আকাৰ ডাঙৰ। সাধাৰণতে চীনা নহৰুৰ পৰা বেয়া নহৰু নোলায়। অৱশ্যে শ্বিলঙৰ কোন ব্যৱসায়ীয়ে চীনা নহৰু আনে সেয়া পোহৰলৈ অহা নাই। আনহাতে, অজ্ঞতাবশতভাৱেও দেশত উৎপাদিত নহৰু বুলি চীনা নহৰুকে বহুতে ক্রয় কবি আহিছে। এই ক্ষেত্ৰত এটা বিপজ্জনক দিশ পোহৰলৈ আহিছে।

কাৰণ মধ্যপ্ৰদেশৰ ইন্দোৰ আৰু ৰাজস্থানৰ পৰা অহা নহৰুৰ মান পৰীক্ষা কৰাৰ পাছতহে অসমত প্ৰৱেশ কৰিবলৈ দিয়া হয়। ইয়াৰ বিপৰীতে চীন দেশত উৎপাদিত আকাৰ ডাঙৰ। সাধাৰণতে চীনা নহৰুৰ পৰা বেয়া নহৰু নোলায়। অৱশ্যে শিলঙৰ কোন ব্যৱসায়ীয়ে চীনা নহৰু আনে সেয়া পোহৰলৈ অহা নাই। আনহাতে, অজ্ঞতাবশতভারেও দেশত উৎপাদিত নহৰু বুলি চীনা নহককে বহুতে ক্রয় কবি আহিছে। এই ক্ষেত্রত এটা বিপজ্জনক দিশ পোহৰলৈ আহিছে।

অর্থাৎ কোনোধৰণৰ বৈজ্ঞানিক পৰীক্ষা অবিহনে ট্রাকে ট্রাকে অসমত চীনা নহৰু প্রবেশ কৰি আছে। অৱশ্যে ৰঙা আক সেউজীয়া ৰঙৰ বস্তাত অহা চীনা নহৰুৰ বস্তাৰ ওপৰত স্পষ্টভাৱে ‘প্রডাক্ট অৱ চাইনা’ (চীনত উৎপাদিত সামগ্রী) বুলি লিখা থাকে।

ইপিনে, এনে অসাধু বেহাৰ স’তে নগাঁৱৰ হয়বৰগাঁৱৰ দুজন ব্যৱসায়ী আৰু কলিয়াবৰৰ চুলুঙৰ মাইনুল আৰু ৱাহিদুৰ নামৰ দুজন লোক জড়িত বুলি একাংশ ব্যৱসায়ীয়ে জানিবলৈ দিছে। প্রাপ্ত তথ্য অনুসৰি, নগাঁৱৰ বৰবজাৰ,গাহৰি বজাৰ খ্যাত বৃহৎ পাইকাৰী বজাৰৰ লগতে চুলুঙৰ পাইকাৰী বজাৰলৈ দৈনিক শ্বিলঙৰ পৰা চীনা নহৰু আমদানি ঘটি আছে।

Exit mobile version