Sivsagar Sivadol’s royal religious harmony:ঐতিহাসিক শিৱসাগৰৰ দেৱীদ’লৰ দুৰ্গা পূজাত ৰজাদিনীয়া ধর্মীয় সম্প্ৰীতিৰ নিদর্শন

আহোম যুগত পূজাত নাগাৰা বজোৱা দৌল্লা পৰিয়াললৈ আগবঢ়ালে জীৱন্ত ছাগলী, কনচেং বৰপাত্র গোহাঁইৰ পৰিয়াললৈও দ'ল সমিতিয়ে আগবঢ়ালে অনুৰূপ প্রসাদ

sivsagar

Sivsagar Sivadol’s royal religious harmony:

ঐতিহাসিক শিৱসাগৰৰ ২৯১ বছৰীয়া দেবীদ’লত এইবাৰো ধর্মীয় নীতি-নিয়ম অনুসৰি দেবী দুর্গাৰ পুজা সম্পন্ন কৰা হয়। ষষ্ঠী, সপ্তমীৰ পাছত মহাঅষ্টমীৰ দিনা দেৱীদ’লত প্রতিবছৰৰ দৰে এইবাৰো দেৱী পূজাৰ সমান্তৰালভাৱে আহোম স্বৰ্গদেউসকলে স্বীকৃতি প্রদান কৰা ‘বলিকটীয়া’ৰ দ্বাৰা শতাধিক হাঁহ, ছাগলী বলি দিয়া হয়।

স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী বৰৰজা অম্বিকা কুঁৱৰীয়ে শিৱসাগৰৰ মাজমজিয়াত সাগৰ সদৃশ জয়সাগৰ পুখুৰী খন্দুৱাই তাৰ পাৰত সুউচ্চ শিবদ’ল, বিষ্ণুদ’ল আৰু দেৱীদ’ল নির্মাণ কৰিছিল। এই দেৱী আহোম ৰজাৰ দিনৰ – শিৱসাগৰৰ মুছলমান পৰিয়ালৰ লোকসকলে সময়ত নাগাৰা ঢাক বজাইছিল। এই মুছলমান লোকৰ জৰিয়তে নেগেৰা বজাই পূজা-অর্চনা কৰ হৈছিল ৷ এনে ধৰণৰ কাৰ্যৰে স্বর্গদেউসকলে তাহানিতেই ধর্মীয় সম্প্রীতিৰ নিদর্শন দাঙি ধৰিছিল।

পৰৱর্তী সময়ত দৌল্লা পৰিয়ালৰ দেৱীদ’লত নাগাৰা বজোৱা পৰম্পৰা বন্ধ হ’ল যদিও তেওঁলোকৰ অৱদানৰ প্ৰতি সম্মান জনাই দ’ল পৰিচালনা সমিতিয়ে প্রতিবছৰে বলিৰ বাবে আগবঢ়োৱা এটা জীৱন্ত ছাগলী আৰু নৈবেদ্য দৌল্লা পৰিয়াললৈ আগবঢ়াই আহিছে। এই এইবছৰো তাৰ ব্যতিক্রম নহ’ল। দেৱীদ’লত মহাঅষ্টমী আৰু বলি বিধান সম্পন্ন হোৱাৰ পিছত কালি সন্ধিয়া নৱমীৰ পাছত প্রাংগণত আয়োজিত এখন সভাত শিৱসাগৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গৰ উপস্থিতিত দেবীদ’লৰ পুজাৰী বীৰেন বৰঠাকুৰ আৰু দুদু বৰঠাকুৰে দৌল্লা পৰিয়ালৰ সন্তান তাচনিয়া দৌল্লাৰ হাতত এটা জীৱন্ত ছাগলী আৰু নৈবেদ্য অর্পণ কৰে।

এই অনুষ্ঠানত দৌল্লা পৰিয়ালৰ বহুকেইগৰাকী সদস্য উপস্থিত থাকে। একেটা অনুষ্ঠানতে আহোম স্বৰ্গদেউৰ ৰাজবিষয়া কনচেং বৰপাত্ৰগোহাঁই পৰিয়াললৈও দেৱীদলৰ তৰফৰ পৰা এটা জীৱন্ত ছাগলী আৰু প্ৰসাদ আগবঢ়ায়। কনচেং বৰপাত্র গোহাঁইৰ পৰিয়ালৰ হৈ বিশিষ্ট বুৰঞ্জীবিদ জীতেন বৰপাত্ৰ গোহাঁয়ে দেবীদলৰ পূজাৰীৰ পৰা এই নৈবেদ্য গ্রহণ কৰে।

অনুষ্ঠানত উপস্থিত থকা শিৱসাগৰ জিলা আযুক্ত আয়ুষ গাৰ্গে তাহানিৰে পৰা দ’ল পৰিচালনা সমিতিয়ে সাম্প্রদায়িক সম্প্রীতিৰ নিদৰ্শন দাঙি ধৰি এনে ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰখাৰ বাবে দ’ল পৰিচালনা সমিতিৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰে। এই অর্পণ অনুষ্ঠানত দুর্গা পুজা পৰিচালনা সমিতিৰ সভাপতি চন্দন ফুকন, দ’ল পৰিচালনা সমিতিৰ যুটীয়া সম্পাদক তনু কোঁৱৰ আৰু আনিল গুপ্তা উপস্থিত থাকে।

Exit mobile version