Uddhav Bharali invented the machine for making ripe sweets:ভকতৰ অনুৰোধত পকা মিঠৈ প্রস্তুত কৰা যন্ত্ৰ উদ্ভাৱন উদ্ধৱ ভৰালীৰ

uddhab bharali

Uddhav Bharali invented the machine for making ripe sweets:

বিশিষ্ট উদ্ভাৱক ড:উদ্ধৱ ভৰালীয়ে তেওঁৰ নৱতম উদ্ভাৱন পকা মিঠে প্ৰস্তুত কৰা যন্ত্ৰ যোৰহাটত প্রদর্শন কৰাৰ লগতে মেচিনটো ইয়াৰ তৰাজান এক নম্বৰ সোণাৰী গাঁওস্থিত পহুখোৱা চুক নামঘৰলৈ আনুষ্ঠানিকভাবে প্রদান কৰে।

উল্লেখ্য যে তৰাজান সোণাৰী গাঁৱৰ পহুখোৱা চুক নামঘৰৰ এজন বৈষ্ণৱৰ অনুৰোধ মর্মে এই আশ্চৰ্যকৰ যন্ত্ৰটো উদ্ভাৱন কৰি উলিয়াইছে ড° ভৰালীয়ে। মঙলবাৰে এই উপলক্ষে ডাঃ কমলাকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি বিশিষ্ট উদ্ভাৱক ড: ভৰালীয়ে কয় যে মই মোৰ এই নতুন উদ্ভাৱন – নামঘৰভাগিলৈ অর্পণ কৰি নিজকে বহুত ভাগ্যবান বুলি অনুভৱ কৰিছো।

ভকত-বৈষ্ণৱৰ আশীর্বাদে মোৰ জীৱন ধন্য কৰিলে। এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰি ড° ভৰালীয়ে কয়, ‘আমাৰ বৈষ্ণৱ সংস্কৃতিত পকা মিঠৈ অপৰিহাৰ্য দ্রব্য; কিন্তু পকা মিঠৈৰ প্ৰস্তুত প্রণালী জটিল হোৱাৰ বাবে বহু ঠাইত ইয়াৰ প্ৰচলন হ্রাস পাই আহিছে।

মই এই যন্ত্ৰৰ জৰিয়তে পকা মিঠৈৰ সংস্কৃতি ধ্বংস কৰিব বিচৰা নাই। বৰঞ্চ এই চহকী সংস্কৃতিক ধৰি ৰখাৰ উদ্দেশ্যেহে এই যন্ত্র উদ্ভাৱন কৰা বুলি তেওঁ মন্তব্য কৰে। ভাষণ প্রসংগত তেওঁ ধান খুন্দা ঢেঁকী আধুনিক ৰূপত গঢ়ি তোলা বুলি সদৰী কৰে। তেওঁ পকা মিঠে উদ্ভাৱন সম্পৰ্কত কয়, ‘ভক্তজনে মোক এই যন্ত্র উদ্ভাৱন কৰিবলৈ কোৱা মুহূর্ততে মই হ’ব বুলি কথা দিছিলো; কিন্তু পকা মিঠৈৰ বিষয়ে একো নাজানিছিলো।

এইটো উদ্ভাৱন মোৰ বাবে আকর্ষণীয় বিষয় আছিল। সেয়ে আন কে’বাটাও উদ্ভাৱনৰ কাম পাছলৈ থৈ মই এই মেচিন উদ্ভাৱনত লাগি গৈছিলো। অৱশেষত নির্দিষ্ট সময়ত কাম সম্পূর্ণ হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে সৰু-সুৰা ত্রুটি- বিচ্যুতি ওলাব পাৰে, সেয়া পাছত শুধৰণি কৰিব পৰা যাব।

এই পকা মিঠে প্রস্তুত কৰা মেচিন চাবলৈ বহু ভকত-বৈষ্ণৱৰ সমাবেশ ঘটে। সকলোৰে সম্মুখত তেওঁ নিজে মেচিনত পকা মিঠৈ প্রস্তুত কৰি দেখুৱায়। উদ্ভাৱকজনে জনোৱা মতে, মেচিনটোত সম্পূর্ণ সামগ্রী লোড কৰিলে নামমাত্র সময়ৰ ভিতৰত একেলগে পাঁচশ পকা মিঠে প্রস্তুত কৰিব পাৰিব।

উল্লেখ্য যে অহা ১৯ অক্টোবৰৰ পৰা এই নামঘৰত অনুষ্ঠিত হ’বলগীয়া শ্রীমদ্ভাগৱত অবিৰত পাঠ উপলক্ষে পকা মিঠৈ প্রস্তুত কৰিবলৈ এই নতুন মেচিনটো ব্যৱহাৰ কৰা হ’ব। নামঘৰত কে’বাশতাধিক ভকত-বৈষ্ণৱৰ উপস্থিতিত এক আধ্যাত্মিক পৰিৱেশত আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত উদ্ভাৱক ড: ভৰালীয়ে তেওঁৰ উদ্ভাৱন অর্পণ কৰে নামঘৰক

নামঘৰৰ সম্পাদক জয়ন্ত বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট উদ্ভাৱকজনক নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা গামোচা, চেলেং, সম্বর্ধনা পত্ৰৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Exit mobile version