Today Kati bihu Celebration:উদং ধাননি পথাৰলৈ চাই আজি কাতি বিহুৰ বন্তি জ্বলাব বহু চহা পৰিয়ালে

ৰাজ্যৰ বিভিন্ন স্থানত ছন পৰি ৰ'ল শ শ বিঘা কৃষিভূমি, খৰাং- বানপানী-পোক-পৰুৱাৰ উপদ্ৰৱত কঙাল কৃষকে কাঢ়িছে হুমুনিয়াহ

kati bihu

Today Kati bihu Celebration:

তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্রই হৰধনু ধৰে।’ আজি কাতি বিহু । অসমীয়া জাতীয় জীৱনৰ তিনি বিহুৰ অন্যতম কাতি বিহুক লৈ ব্যস্ত প্রতিজন চহা অসমীয়া।

উল্লেখ্য যে বহাগ বিহু আৰু মাঘ বিহুৰ দৰেই কাতি অর্থাৎ কঙালী বিহুৰ ঐতিহ্য আৰু মাদকতাই অসমীয়া সমাজ জীৱনত এক সুকীয়া মাত্রা বহন কৰি আহিছে। আজিৰ দিনটোত সেউজ ধাননি পথাৰত আকাশ বস্তি জ্বলাই সপোনৰ ধাননি পথাৰখনৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে চোতালৰ তুলসীৰ তলত বন্তি জ্বলাই সকলোৰে মংগল কামনা কৰে ৰাজ্যবাসীয়ে।

এক কথাত ক’বলৈ গ’লে এই সময়ছোৱাত সেউজীয়া হৈ পৰা আপোন পথাৰখনলৈ চাই অলেক সপোন দেখে প্রতিজন চহা কৃষকে। কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা শস্য-শ্যামলা হৈ সোণগুটিৰে উপচি পৰাৰ কামনা কৰি বিহুৰ দিনটোত পথাৰত চাকি জ্বলাই প্রার্থনা জনাব কৃষকসকলে।

অৱশ্যে ঐতিহ্য আৰু পৰম্পৰাগতভাৱে যুগ যুগ ধৰি পালন কৰি অহা কাতি বিহুৰ মাদকতা যেন ক্রমান্বয়ে সমাজ জীৱনৰ পৰা আঁতৰি যাব ধৰিছে। যেন কঙালী বুলি এলাগী হৈ পৰিছে কাতি বিহুৰ পৰম্পৰা। দুৰ্যোগ, মূল্যবৃদ্ধি আৰু অভাৱ-অনাটনে বিহুৰ মাদকতাত যেন যতি পেলাইছে।

উল্লেখ্য যে এই সময়ছোৱাত পথাৰৰ লখিমী শস্য সম্ভাৱনা হৈ কৃষকৰ বাবে লখিমী আগমনৰ বতৰা কঢ়িয়াই আনে আৰু এই সম্ভাৱনাক লৈ কৃষকসকলে নানা সপোন ৰচে যদিও এইবাৰ উদং পথাৰলৈ চাই কাতি বিহু উদ্যাপন কৰিব ৰাজ্যৰ বহু কৃষক পৰিয়ালে। খৰাং বতৰ, বানপানী, পোক-পৰৱাৰ উপদ্ৰৱৰ ফলত ৰাজ্যখনৰ শ শ বিঘা কৃষিভূমি এইবাৰ ছন পৰি ৰ’ল। যাৰ ফলত নগাঁও, নলবাৰী, মাজুলী আদি জিলাত ছন পৰি ৰোৱা পথাৰ ডৰালৈ চাই আজিৰ দিনটোত হুমুনিয়াহ কাঢ়িব একাংশ কৃষকে। বিশেষকৈ কৃষিপ্রধান জিলা নগাঁৱত এইবাৰ কাতি বিহুক লৈ পৰিলক্ষিত হোৱা নাই এতিয়া কোনোধৰণৰ উৎসাহ-উদ্দীপনা।

উল্লেখ্য যে নগাঁৱৰ মুঠ কৃষিভূমিৰ পৰিমাণ হৈছে ১,৫১,৭৪৪ হেক্টৰ। লগতে জিলাখনত ৫১,২১৫জন ভূমিহীন কৃষক, ৬৭,৩৮৭জন ক্ষুদ্র কৃষক, ১,২৯,৩৮৩জন উপান্ত কৃষক আৰু ২১,৫৬৪জন ডাঙৰ কৃষক আছে।। এই কৃষকসকলে জিলাখনৰ ৯৩,২৭৫ হেক্টৰ মাটিত শালিধানৰ খেতি, ৮,৭৬৫ হেক্টৰ মাটিত মৰাপাটৰ খেতি, ২৬,৩৩২ হেক্টৰ মাটিত শাক-পাচলিৰ খেতি কৰাৰ উপৰি ঘেঁহু, মাকৈ, কুঁহিয়াৰ, তিল, মাহ, সৰিয়হ, মণ্ডমাহ, মাটিমাহ, বেলিফুল, আদা, হালধিৰ খেতি কৰে। অথচ আজি কৃষিধান জিলাখনৰ কৃষক পৰিয়ালৰ মাজতেই কাতি বিহুৰ কোনো ধৰণৰ উছাহ নাই।

কিয়নো বিভিন্ন কাৰণত জিলাখনৰ অধিকাংশ কৃষকেই আজি কঙালত পৰিণত হৈছে। ইয়াৰ অন্যতম প্রধান কাৰণসমূহ হৈছে বান, খহনীয়াৰ লগতে নতুন প্ৰজন্মৰ কৃষি-কৰ্মৰ প্ৰতি অনীহা। উল্লেখ্য যে চলিত বর্ষত বহুকেইটা বানত জিলাখনৰ ৩,৩৩৮- খন গাঁৱৰ ৩৫ হেজাৰৰো অধিক কৃষক পৰিয়াল ক্ষতিগ্রস্ত হোৱাৰ লগতে ১৯ হেজাৰ হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্রস্ত হৈছিল। যাৰ ফলত জিলাখনৰ শ শ কৃষক পৰিয়ালে বৃহস্পতিবাৰৰ কাতি বিহুৰ দিনটোত উদং পথাৰলৈ চাই চকুলো টুকিব লাগিব।

# উকা পথাৰত চাকি জ্বলাব মাজুলীৰ আউনীআটী অঞ্চলবাসীয়ে

ইফালে, মাজুলীৰ আউনীআটী অঞ্চলৰ পাঁচ-ছখন গাঁৱত উকা পথাৰত চাকি জ্বলাব লাগিব বহু কৃষক পৰিয়ালে | বৃহস্পতিবাৰৰ দিনটোত কৃষিজীৱী গঞাই উকা পথাৰখনলৈ চাই হুমুনিয়াহ কাঢ়িব লাগিব। কিয়নো ব্ৰহ্মপুত্ৰৰ প্ৰবল বানে জুগুনীধাৰী-গুৱালগাঁও সংযোগী মথাউৰিতো প্রায় ৬০ মিটাৰ ছিঙি পেলোৱাৰ পাছতেই ছিঙা অংশয়েদি সোমাই অহা পানীৰ সোঁতে হাহাকাৰ সৃষ্টি কৰিছিল আউনীআটী সত্ৰৰ অঞ্চলবাসীৰ লগতে বৃহত্তৰ নামনি মাজুলীত। সোমাই অহা পানীৰ ধাৰে অঞ্চলটোৰ কৃষকৰ বাওঁ ধানৰ কৃষি পথাৰসমূহ নষ্ট কৰি পেলায়।

উল্লেখ্য যে বাওঁ ধানৰ কৃষিকে মূল কৃষিৰূপে লৈ বছৰটোৰ মূল জীবিকা আছিল অঞ্চলবাসীৰ। এতিয়া এই কৃষিপথাৰ পানীয়ে মাৰি পেলোৱাত কৃষিজীবি ৰাইজে মুৰে- কপালে হাত দিবলগীয়া হৈছে। আনহাতে, ছিঙা অংশয়েদি সোমাই অহা পানীয়ে প্লাবিত কৰা লাহলিয়াল, বৰটানী আদি গাঁওসমূহৰ কৃষি পথাৰত ভেৰেকীবিলৰ মেটেকা পৰি প্রায় ১৫০ বিঘা কৃষিভূমিৰ বাওঁ ধানসমূহ মাৰি পেলোৱাৰ লগতে পথাৰসমূহ পুতি পেলায়।

চৰকাৰী ৰাজহ বিল ভেৰেকী বিলৰ মেটেকা নিষ্কাসনৰ বাবে অঞ্চলবাসীয়ে দাবী জনায় অহাৰ পাছতো কর্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। ফলত বহু পৰিয়ালেই উকা পথাৰতেই আজি পৰম্পৰা ৰক্ষা কৰি চাকি জ্বলাবলৈ প্রস্তুতি চলাইছে।

Exit mobile version