Banks will be open five days a week : সপ্তাহৰ পাঁচ দিনহে খোলা থাকিব বেংক !

ডিচেম্বৰৰ পৰা নতুন নিয়ম প্ৰৱৰ্তন

bank

Banks will be open five days a week :

ভাৰতত শীঘ্ৰে বেংক ব্যৱস্থাৰ ক্ষেত্ৰত নতুন নিয়ম প্রবর্তন হ’ব। নতুন নিয়মৰ অধীনত দেশত সপ্তাহত পাঁচ দিন বেংক খোলা থাকিব।

ADVERTISEMENT

চলিত বৰ্ষৰ ডিচেম্বৰব পৰা এই নতুন দেশত বলবৎ হোৱাৰ সম্ভাৱনা আছে। কেন্দ্রীয় বিত্ত মন্ত্রণালয়ৰ পৰা অনুমতি লাভৰ পাছতে এই নতুন নিয়ম কার্যকৰী হ’ব । নতুন নিয়মৰ অধীনত দেশৰ প্ৰতিটো বেংক সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব।

বর্তমানে দেশত দেওবাৰৰ লগতে দ্বিতীয় আৰু চতুর্থ শনিবাৰে বেংক বন্ধ থাকে। চৰকাৰে বেংকৰ কৰ্মদিনৰ এই ব্যৱস্থা সলনি কৰিব বিচাৰিছে। দীর্ঘদিন ধৰি দেশৰ বেংক কর্মীসকলে সপ্তাহত পাঁচদিনৰ কর্ম আৰু দুদিন চুটি দাবী কৰি আহিছিল।

এই দাবী অহা ডিচেম্বৰৰ পৰা দেশত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে সপ্তাহত দুদিন বেংক বন্ধ থাকিলে বেংক কর্মীসকলে প্রতিদিনে অতিৰিক্ত ৪০ মিনিট কাম কৰিব লাগিব। নতুন নিয়মৰ অধীনত বেংক কর্মীয়ে পুৱা ন বজাৰ পৰা বিয়লি ৫-৪০ বজালৈকে কৰ্মৰত হ’ব লাগিব।

Exit mobile version