Nepal has printed Rs 100 notes with anti-India maps:
নেপালৰ কেন্দ্রীয় বেংক নেপাল ৰাষ্ট্ৰ বেংক (এনআৰবি)-এ দেশখনৰ বিবাদিত আৰু সংশোধিত ৰাজনৈতিক মানচিত্রসহ ১০০ টকা মূল্যৰ নতুন নোট ছপাৰ বাবে চীনৰ এটা কোম্পানীক ঠিকা দিলে।
নেপালৰ মন্ত্রীসভাই ১০০ টকীয়া নোটৰ ডিজাইন সলনি কৰাৰ প্ৰস্তাৱ মঞ্জুৰ কৰিলে। নেপালৰ নতুন ১০০ টকীয়া নোটত ভাৰতৰ অধীনস্থ তিনিটা অঞ্চল লিম্পিয়াধুৰা, লিপুলেখ আৰু কালাপানীক অন্তর্ভুক্ত কৰা মানচিত্র সংযোজন কৰা হৈছে।
নতুন ৰাজনৈতিক মানচিত্ৰক ২০২০ৰ ১৮ জুনত নেপালী সংবিধানে সংশোধনৰ বাবে অনুমতি দিছিল। ভাৰতৰ অধীনস্থ অঞ্চল নেপালৰ নতুন ৰাজনৈতিক মানচিত্ৰত অন্তৰ্ভূক্ত কৰাক লৈ ভাৰতে প্রতিক্রিয়া অব্যাহত ৰাখিছে।
এনে বিতর্কিত মানচিত্র নেপালে ১০০ টকীয়া নোটত অন্তর্ভুক্ত কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। নেপালে নতুন নোট ছপাৰ দায়িত্ব চীনৰ প্ৰতিষ্ঠানক অর্পণ কৰাক লৈয়ো প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। নেপাল চৰকাৰে এই নোট ছপাৰ দায়িত্ব চাইনা বেংক নোট প্রিন্টিং এন্ড মিটিং কৰ্প’ৰেচনক অর্পণ কৰিছে।
প্রকাশিত বাতৰি অনুসৰি নেপালৰ কেন্দ্রীয় বেংকে এই কোম্পানীক ৩০ কোটি টকা মূল্যৰ ১০০ টকীয়া নোট ছপাৰ দায়িত্ব দিছে। এই নোটৰ মুদ্রণ মূল্য প্রায় ৮৯.৯ লাখ মার্কিন ডলাৰ হ’ব। নেপালৰ ৰাষ্ট্ৰীয় বেংকটোৱে অৱশ্যে এই বিষয়ত কোনো তথ্য আনুষ্ঠানিকভাৱে সদৰী কৰা নাই।