Body of a missing young Girl was found in the Sesa river in Dibrugarh:
বিগত ছদিন ধৰি নিখোজ হৈ আছিল টীয়কৰ মধুস্মিতা বৰুৱা নামৰ যুৱতী এগৰাকী ৷ ডিব্ৰুগড়ৰ লেপেটকটাৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতী গৰাকী ৷ কিন্ত শণিবাৰে পুৱা ১০ মান বজাত হঠাৎ ডিব্ৰুগড়ৰ পাশ্বৰ্ৱতী চেঁচা নৈৰ দলঙৰ কাষত লাগিল হুৱাদুৱা ৷ কিয়নো ৰাইজে নৈত উপঙি থকা প্ৰত্যক্ষ কৰে এগৰাকী যুৱতী গৰাকীৰ মৃতদেহ। পিছত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত ডিব্ৰুগড় আৰক্ষী উপস্থিত হৈ মৃতদেহটো নৈৰ পৰা পাৰলৈ তুলি আনে আৰু চিনাক্ত কৰে ছদিন ধৰি নিখোজ হৈ মধুস্মিতা বৰুৱা নামৰ যুৱতী গৰাকীৰ মৃতদেহ ৷
উল্লেখযোগ্য যে, মধুস্মিতা বৰুৱা ঘৰ যোৰহাটৰ টিয়কত যদিও ডিব্ৰুগড়ৰ লেপেটকটা বায়েক- ভিনিহিয়েকৰ বাসগৃহত থাকি ব্যক্তিগত খণ্ডৰ টেলিকম কোম্পানী এটাত কৰ্মৰত হৈ আছিল ৷ আনহাতে ছদিন পূৰ্বে অৰ্থাৎ যোৱা দেওবাৰে(৩ নৱেম্বৰ) মধুস্মিতাই প্ৰেমিক পংকজ গগৈক লগ কৰিবলৈ বুলি অহাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল ৷ বায়েকে- ভিনিহিয়েকে বহু বিচাৰখোচাৰ কৰাৰ পিছতো কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি পিছত সেই দিনাই এজাহাৰ দাখিল কৰে বৰবৰুৱা থানাত ৷ আনহাতে নিৰুদ্দেশ হোৱাৰ পিচৰে পৰা যুৱতী গৰাকীৰ ম’বাইল ফোনটোও অফ পাইছিল পৰিয়ালৰ লোকে ৷
আনহাতে আজি ঘটনাক্ৰমে নিখোজ মধুস্মিতা বৰুৱাৰ নিথৰ দেহ উদ্ধাৰ হয় চেঁচা নৈত ৷ আনহাতে আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তৰ আঁত ধৰি মধুমিতাৰ কল লিষ্ট পৰীক্ষা কৰি গ্ৰেপ্তাৰ কৰে যুৱতী গৰাকীৰ প্ৰেমিক মৰাণৰ পংকজ গগৈক ৷ ইতিমধ্যে আৰক্ষীয়ে আটকাধীন যুৱকজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷
স্মতৰ্ৱ্য যে,মধুস্মিতাৰ লেপেটাকটাৰ বায়েকে আৰক্ষীক দিয়া অভিযোগ মতে,নিখোজ হোৱা দিনটোত মধুস্মিতা আছিল পংকজৰ স’তে ৷ আনকি সেইদিনা নিশা ১২-৩০ বজালৈ ম’বাইল বন্ধ আছিল মধুস্মিতাৰ ৷ যাৰবাবে পৰিয়ালৰ লোকে কৰিব পৰা নাছিল যোগাযোগ। পাছদিনা পুৱা ভাগত ম’বাইল অন পোৱাত মধুস্মিতাৰ ভায়েকে পংকজলৈ ফোন কৰে ৷কিন্ত ফোনত পংকজে নানান গালিগালাজ দিয়ে মধুস্মিতাৰ ভায়েকক ৷ এই অভিযোগ ইতিমধ্যে আৰক্ষীক দিছে মধুস্মিতাৰ ভায়েকে ৷
ইপিনে ,পংকজক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে থৰকাছুটি হেৰুৱাই পংকজৰ পৰিয়ালৰ ৷ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা দিয়াৰ অভিযোগ উদ্থাপিত হৈছে । একেদৰে মধুস্মিতা নিৰুদ্দেশ হোৱা দিনাই পৰিয়ালৰ লোকে এজাহাৰ দিয়াৰ পিছতো তাৎক্ষণিক ব্যৱস্থা ডিব্ৰুগড় আৰক্ষীয়ে নোলোৱাৰ অভিযোগ উদ্থাপিত হৈছে। যদিও সেইদিনাই তাৎক্ষণিক ব্যৱস্থা লোৱা হ’লে আজি হয়তো অক্ষত অৱস্থাত উদ্ধাৰ হ’লহেতেন মধুস্মিতা ৷ এইদৰে আৰক্ষীৰ বিৰুদ্ধে সোচ্ছাৰ হয় দুৰ্ভগীয়া পৰিয়ালটি।
এনেক্ষেত্ৰত যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ আৰু প্ৰেমিকক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীৰ তদন্ত কি পৰ্যায় পায় সেয়া আগন্তুক দিন কেইটাত হ’ব লক্ষণীয় ৷