Samaguri election violence:চামগুৰিত নিৰ্বাচনী কেন্দ্ৰীক হিংসাত্মক ঘটনাক লৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

d.saiki image

Samaguri election violence:

ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰাভিযানৰ আজি অন্তিম দিন ৷ হাইভল্টেজ সমষ্টি ৰূপে বিবেচিত হোৱা চামগুৰিত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰে পৰা অব্যাহত আছে হিংসাত্মক ঘটনাৰাজি ৷ এই ধাৰাবাহিক ঘটনাৱলীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই

শইকীয়া কয় ,ৰাজ্যৰ ৫ সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চামগুৰিত হোৱা কেতবোৰ নিৰ্বাচনী হিংসা আৰু বিহালী সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কে’বা গৰাকী কেবিনেট মন্ত্ৰীয়ে যি ধৰণে নীতি উলংঘা কৰি ৰাইজক প্ৰলোভন দিছে তাৰেই বিৰোধিতা কৰি তথা ইয়াৰ ওপৰত শাস্তি মূলক ব্যৱস্থা লোৱাৰ দাবীৰে নিৰ্বাচনী আয়োগলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে দুখনকৈ পত্ৰ ।

Exit mobile version