Chithila MV School:
কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষাখণ্ডৰ অধিন চিথিলা এম ভি স্কুলত এতিয়া অৰাজকতাই ঠন ধৰি উঠাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাপ্ত বাতৰি অনুসৰি দোতমা শিক্ষাখণ্ডৰ খণ্ড বিষয়াই যোৱা ১২ জুলাইত এক নিৰ্দেশনা জাৰি কৰিবিদ্যালয় পৰিচালনা সমিতি সমুহ ভংগ কৰি নতুনকৈ পৰিচালনা সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়ে যদিও সেই নিৰ্দেশনাক গুৰুত্ব নিদি চাৰি মাহ উকলি যোৱাৰ পিছতো সমিতি গঠনৰ পৰা বিৰত আছে প্ৰধান শিক্ষক মজিবৰ ৰহমান।
উল্লেখ্য যে চৰকাৰী নিৰ্দেশনাৰ আলম লৈ স্থানীয় লোকে একাধিকবাৰ প্ৰধান শিক্ষক মজিবৰ ৰহমানক সাক্ষাৎ কৰি পুৰনি পৰিচালনা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰিবলৈ হেচা প্ৰয়োগ কৰি আহিছে যদিও প্ৰধান শিক্ষক মজিবৰ ৰহমানে বিভিন্ন অজুহাত দেখুৱাই সমিতি গঠনৰ পৰা বিৰত থাকে। ৰাইজে অভিযোগ কৰা মতে প্ৰধান শিক্ষক মজিবৰ ৰহমান আৰু পৰিচালনা সমিতিৰ সভাপতি ব্ৰজেন ৰায়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বিদ্যালয়খনত আছে।
ইতিমধ্যে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ব্ৰজেন ৰায়ে প্ৰধান শিক্ষক মজিবৰ ৰহমানক মেনেজ কৰি বিদ্যালয়ৰ উন্নয়নৰ নামত আবন্টন পোৱা ধনৰ অপব্যাৱহাৰ কৰি নিজৰ মইমতালিত চলি আছে বুলি অভিযোগ উত্থাপিত হোৱাৰ লগতে এটি অডিঅ’ত স্পষ্ট হৈ পৰিছে।
ইপিনে বিদ্যালয়ৰ নতুন টিনপাতৰ কাম কৰিবলৈ পূঁজি আবন্টন পোৱা ঠিকাদাৰে বিদ্যালয়ত উক্ত কাম আৰম্ভ কৰিছে যদিও ঠিকাদাৰজনে সভাপতি ব্ৰজেন ৰায়ক পাৰ্টি কৰিবলৈ মোটা অংকৰ ধন নিদিয়াৰ বাবে কাম বন্ধ ৰাখিবলৈ কয় পৰিচালনা সমিতিৰ সভাপতি ব্ৰজেন ৰায়ে। চিথিলা এম ভি স্কুল পৰিচালনা সমিতিৰ সভাপতি ব্ৰজেন ৰায়ে ঠিকাদাৰৰ পৰা ধন বিচৰাৰ অডিঅ’ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে।
বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান শিক্ষকৰ এনে নিকৃষ্ট কৰ্মকাণ্ডৰ বাবে কোকৰাঝাৰ জিলাৰ জিলা আয়ুক্ত আৰু দোতমা শিক্ষা খণ্ডৰ বিষয়াৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে ।